ব্যৱহাৰ – জিতু দত্ত

জ্ঞান হবৰ দিন ধৰি লক্ষ্য কৰিছিলো আমাৰ ঘৰত কোনোবা মানুহ আহিলে ( যিকোনো কাৰণতে নাহক কিয় )মায় একাপ চাহ অথবা এখন তামোল বা এগিলাচ পানী নোখোৱাকৈ যাব দিয়া নাছিল৷ সুন্দৰ ভাবে আপ্যায়ন কৰি মানুহ জনক বিদায় দিহে মায় শান্তি পাইছিল৷ সেইবাবে মায় সিপুৰীলৈ যোৱাৰ আগমুহূৰ্তত সকলো কেইজনী বোৱাৰী আৰু আমাক মাতি নি কোনো মানুহকে মনৰ পৰা এৰি নিদিবলৈ বাৰে বাৰে সোৱৰাই গৈছিল৷ মানুহৰ প্ৰেমত মতলীয়া আছিল বাবেই কিজানি মা যোৱাৰ পিছত আমাৰ ঘৰত লানি নিছিগা সোত বৈছিল৷
গুৱাহাটীত অহাৰ পিছত বিভিন্ন মানুহৰ সংস্পৰ্শত আহি আনৰ আচৰণত পাইছো কেতিয়াবা পুৰস্কাৰ আৰু কেতিয়াবা তিৰস্কাৰ৷ মনত পৰে আলেকজেন্দাৰৰ পৰা ৰজা পুৰুৱে ৰজাৰ দৰেই বিচৰা ব্যৱহাৰৰ কথা, সৰুতে পঢ়া সেই ৰজাৰ আহক, বহক বুলি মতা ভাটৌ চৰাইটোৰ কথা৷ আনৰ পৰা ভাল আচৰণ পাবলৈ নিজেও আনক দিব লাগিব উৎকৃষ্ট, ভাল আচৰণ৷
বিশজন মানুহৰ খাদ্যৰ বাবে এটা সৰু আয়োজন৷ অৰ্দাৰ দিবলৈ গৈছো পাঞ্জাৱী হোটেল খনত৷ মানুহজনে সুন্দৰ কৈ মাতি নি ভিতৰত বহুৱাই পানী এগিলাচ খুৱালে৷ তাৰ পিছত মোৰ অৰ্দাৰ ললে৷ বিলটো পৰিশোধ কৰিবলৈ লওতেই খাদ্য খিনি যেতিয়া লৰাজনে ঘৰত দিব যাব বিলতো তেতিয়াই পৰিশোধ কৰিলেই হব বুলি কৈ মোক বিদায় দিলে৷ দুপৰীয়া এক বজাত খাদ্য লৈ লৰাজন মোৰ পদূলিমুখত৷ ৰাতি দহ বজাত মোৰ মোবাইলতো বাজি উঠিল৷ উঠালো৷
“ ছাৰ, নমস্কাৰ৷ অলপ আমনি দিছো৷ বেয়া নাপাব৷ দুপৰীয়া যে বিশজন মানুহৰ খাদ্যৰ যোগান ধৰিছিলো – আপুনি খাই কেনে পালে ছাৰ৷ কিবা প্ৰোব্লেম পাইছিল নেকি ছাৰ৷ যদি কিবা সমস্যা হৈছিল তেনেহলে মোক কওক ছাৰ৷ পিছৰ বাৰ ঠিক কৰি লবলৈ চেষ্টা কৰিম৷
“ভাল লাগিছে আপোনাৰ ৰণ্ধন প্ৰণালী ও খাদ্য৷ আৰু আটাইতকৈ ভাল লাগিল কি জানে, আপুনি যে এই ৰাতি দহ বজাত খবৰটো ললে কেনে পাইছো বুলি৷ মোৰ মন আপোনাৰ খাদ্য খিনিতকৈ বহু গুণ ভৰি গ’ল৷ “ মই কলো৷
“ ধন্যবাদ ছাৰ, আকৌ আহিব৷ গুদ নাইট৷
ব্যৱহাৰ, সম্পৰ্ক, ব্যৱসায় চেলুট জনালো৷
অনুপমা বৰগোহাঞি বাইদেউৰ বুদ্ধৰ বিষয়ে লিখা এটা লিখনিয়ে মোক গভীৰ ভাবে অনুপ্ৰাণিত কৰে৷ গৌতম বুদ্ধই এবাৰ এজন অতি দুখীয়া মানুহৰ ওচৰত উপস্থিত হৈ তেওঁৰ ভিক্ষাৰ পাত্ৰটো আগবঢ়াই দিলে৷ দুখীয়া লোকজনে বুদ্ধক কলে, “ মোৰ নিজৰ ওচৰত দিবলৈ একো নাই তথাগত৷ আপোনাক কি দিম৷ তেতিয়া বুদ্ধই কলে, “ কিয় তেনেকৈ ভাবিছে৷ আপোনাৰ এখন সুন্দৰ মুখ, দুটা উজ্জ্বল চকু, দুখন বলিষ্ঠ ওঠ আছে৷ এই ওঠ দুটা যেতিয়া অলপ বহল কৰি মেলি অৰ্ধচন্দ্ৰাকৃতি কৰে, এটা সুন্দৰ হাহিৰ সৃষ্টি হব৷ সেই হাহিয়েই আপোনাৰ সুন্দৰ মুখখন আৰু সুন্দৰ কৰি তুলিব৷ আৰু সেই সুন্দৰতা খিনিয়েই মোক দিব পাৰে৷
হয়, প্ৰত্যেক মানুহৰ ওচৰত আন মানুহক দিব পৰা বহুতো অমূল্য সম্পদ থাকে৷ প্ৰয়োজন মাথো নিজৰ ভিতৰত থকা সেই অমূল্য সম্পদ খিনি বিচাৰি উলিওৱা৷

■■■

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!