বৰ বৰ দেশৰ সৰু সৰু কথা: নায়েগ্ৰাৰ চকুলো -দীপাঙ্কৰমল্ল বৰুৱা

 

আমেৰিকাৰ নায়েগ্ৰা জলপ্ৰপাতৰ গাতে লাগি নায়েগ্ৰা নামৰ সৰু চহৰ এখন আছে৷ নায়েগ্ৰা জলপ্ৰপাত চাবলৈ যোৱাৰ সময়ত সেই সৰু চহৰখনৰ এখন হোটেলত এৰাতি আছিলোঁ৷ মোৰ লগত আছিল মোৰ এগৰাকী সহকৰ্মী৷ সেয়া ২০০৩ চনৰ কথা৷

দিনটো নায়েগ্ৰা জলপ্ৰপাতৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰি ঘূৰি ফুৰিছিলোঁ৷ গা মূৰ প্লাষ্টিকৰ পোচাকেৰে ঢাকি পিচল বাটেৰে খুপি খুপি জপপ্ৰপাতটোৰ একেবাৰে ওচৰ পাইছিলোঁগৈ৷ জলপ্ৰপাতটোৰ ওচৰলৈ যাবলৈ বিশেষভাৱে তৈয়াৰী চেন্দেল পিন্ধিব লাগে৷ ওচৰলৈ গ’লে পানীৰ কাণ তাল মৰা শব্দত একোৱে শুনা নাযায়৷ বিশ্ববিখ্যাত জলপ্ৰপাতটো মন্ত্ৰমুগ্ধ হৈ চাইছিলোঁ৷ আনন্দত চকুলো ওলাই গৈছিল৷

নায়েগ্ৰা চহৰখন বৰ ধুনীয়া৷ গাড়ী মটৰ কম৷ সৰু চহৰখনত মানুহে খোজকাঢ়িয়েই ঘূৰি ফুৰে৷ খোজকাঢ়ি ঘূৰি ফুৰিবৰ কাৰণে ডাঙৰ ডাঙৰ ফুটপাথ আছে৷ সেই ফুটপাথবোৰতে আছে বিভিন্ন ৰেষ্টোঁৰা আৰু পাব৷ ফুটপাথবোৰ সৰু সৰু ৰঙীন লাইটেৰে ধুনীয়াকৈ সজোৱা৷ মাজে মাজে গীটাৰ বজাই একোজনে গান গাইছে৷ মানুহে গান শুনি স্বইচ্ছাই দান পাত্ৰত পইছা ভৰাই গৈছে৷ কোনো দাবী নাই৷
আবেলি সময়ত ঘূৰি ফুৰি ভাগৰ লগাত আমি কিবা এটা খাবলৈ এঠাইত ৰৈছিলোঁ৷

তাত এখন ৰেষ্টোৰাঁত বিৰিয়ানী পোৱা যায় বুলি ডাঙৰ আখৰেৰে লিখা আছিল৷ ভাৰতীয় খাদ্য পাই মনটো আনন্দত নাচি উঠিছিল৷ ভিতৰ সোমাই গম পাইছিলোঁ ৰেষ্টোৰাঁখনৰ মালিক পাকিস্তানী৷ তেওঁলোকে বিৰিয়ানীৰ ব্যৱসায় তাত বহুদিনৰ পৰা চলাই আছে৷ আমাক ভাৰতীয় বুলি জানিব পাৰি আথে বেথে বহুৱালে৷ ক’ৰ পৰা আহিছোঁ, ক’ত আছোঁ সকলো খবৰ ল’লে৷ দেশৰ বাহিৰত হিন্দুস্তানী, পাকিস্তানীযে সদায় ভাই ভাই তাৰ উমান বাৰুকৈয়ে পালোঁ৷ তেওঁলোকৰ পৰা জানিব পাৰিলোঁ নায়েগ্ৰা জলপ্ৰপাত চাবলৈ বছৰি বহুত ভাৰতীয় তালৈ আহে আৰু তেওঁৰ ৰেষ্টোৰাঁত টকালি পাৰি বিৰিয়ানী খায়৷ আমিও চিকেন বিৰিয়ানী তৃপ্তিৰে খালোঁ৷

ৰেষ্টোৰাঁৰ পৰা ওলাই পাব এখনৰ বাহিৰত বহি মানুহৰ ৰেহ-ৰূপ চাই থাকিলোঁ৷ প্ৰায়বোৰ মানুহে খোজকাঢ়ি এক অলস সন্ধিয়া উপভোগ কৰিছে৷ কিছুমানে উপহাৰৰ দোকানবোৰত সোমাইছে, কিছুমান সোমাইছে পাব বা ৰেষ্টোৰাঁত৷

অলপ সময়ৰ পাছত আমি বহি থকা বেঞ্চ এখনৰ এচুকত এজনী গাভৰু ছোৱালী আহি বহিলহি৷ তাই আমাৰ পিনে চাই হাঁহিলে৷ আমেৰিকাত অচিনাকি মানুহেও ইজনে সিজনক দেখি হাঁহি মাৰে, সম্বোধন কৰে৷ ছোৱালীজনীৰ অযত্নৰে ৰখা চুলি আৰু সাজ পোচাক দেখি সহজেই বুজিব পাৰিলোঁ, তাইৰ আৰ্থিক অৱস্থা ভাল নহয়৷

আমাৰ লগত চিনাকি হৈ তাই ভাল পোৱা যেন লাগিল৷ ভাৰতৰ নাম তাই শুনিছে৷ সেই ঠাইত বিৰিয়ানী খাবলৈ অহা বহুত ভাৰতীয় মানুহ তাই লগ পাইছে৷ ভাৰতলৈ যাবলৈ তাইৰ বৰ মন আছে৷ পিছে তাইৰ হাতত পইছা-পাতি নাই৷ তাই এটা শ্বপিং মলত কাম কৰিছিল৷ কিন্তুু চকুৰ অসুখ হোৱা বাবে তাই ভালদৰে মণিব নোৱৰা হৈছে আৰু সেই কাৰণতে তাই চাকৰিটো হেৰুৱালে৷ সেয়েহে তাই কাম বিচাৰি অনাই বনাই ঘূৰি ফুৰিছে৷

হঠাতে তাই ক’লে, “মোক এটা সহায় কৰিব পাৰিবানে? তোমালোকে অলপ সহায় কৰিলে আজি মই ৰাতি টোপনি যাব পাৰিম”৷

আচৰিত হৈ তাইৰ মুখলৈ চালোঁ, “কি সহায় লাগে”?

বেকাৰী এখনলৈ আঙুলিয়াই তাই ক’লে৷ “সেইখন বেকাৰীত এক ডলাৰত ব্ৰেড পোৱা যায়৷ মোক এটা ব্ৰেড কিনি দিব পাৰিবানে? আজি ৰাতি মোৰ খাবলৈ একোৱে নাই৷ ব্ৰেডটো খালে মই ৰাতি টোপনি যাব পাৰিম”৷

তাইৰ এই কৰুণ অৱস্থা দেখি বেয়া লাগিল৷ তাইলৈ ব্ৰেড এটা কিনি আনিলোঁ৷ তাইৰ মুখত আনন্দৰ হাঁহি বিৰিঙি উঠিল৷ আমি দুখীয়া দেশৰ মানুহে ধনী দেশৰ ছোৱালী এজনীক সহায় কৰিবলৈ পাই আমাৰো ভাল লাগিল৷

তাইৰ বৰ ভোক লাগি আছিল৷ ব্ৰেডটো তাতেই ঘপাঘপ খাই শেষ কৰিলে৷ ব্ৰেডটো খাই তাই ক’লে, “মোক পেনি এটা দিবানে”? আমেৰিকাত এক চেণ্টৰ মুদ্ৰাটোক পেনি বুলি কয়৷

“কি কৰিবা এটা পেনিৰে”? তাইক সুধিলোঁ৷

মই তোমালোকক এটা সুন্দৰ বস্তু দেখুৱাম৷ অলপ আগলৈ এটা সৰু নিজৰা আছে৷ আমাৰ বিশ্বাস আছেযে এই নিজৰাৰ পানীত এক পেনি দি প্ৰাৰ্থনা কৰিলে মানুহৰ মনোবাঞ্চা পূৰ্ণ হয়”৷

আমি আচৰিত হ’লোঁ৷ আমেৰিকাৰ মানুহেও এইধৰণৰ কথা বিশ্বাস কৰেনে? এটা কথা বুজিলোঁ, দুখীয়া মানুহৰ সকলো দেশতে হয়তো এনে অন্ধবিশ্বাস থাকে৷

তাইৰ লগে লগে গৈ সৰু ধুনীয়া নিজৰাটো দেখিলোঁ৷ ওচৰলৈ গৈ তাই পেনি দলিয়াই প্ৰাৰ্থনা কৰিবলৈ ক’লে৷ তাইক দিয়া পেনিটো দলিয়াই তাই চকু মুদি বুকুত হাত দি প্ৰাৰ্থনা কৰিলে৷

তাইক সুধিলোঁ, “কি প্ৰাৰ্থনা কৰিলা”?

তাই ক’লে, “সোণকালে যাতে মই কাম এটা পাওঁ আৰু তোমালোকৰ দৰে ভাল মানুহ যাতে আকৌ লগ পাওঁ”৷

“আমিতো বহুত দূৰৰ মানুহ৷ আকৌ কেতিয়াবা লগ পাম জানো”? তাইৰ লগত ধেমালি কৰিলোঁ৷

“পাম৷ তোমালোক আকৌ আহিলে মোক এইখিনি ঠাইৰ ওচৰে পাজৰে বিচাৰিলেই পাবা৷ তোমালোকে পাৰিলে সোনকালে আকৌ আহিবা”৷ কথাখিনি কৈ তাইৰ দুচকু সেমেকি উঠিছিল৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!