ভতিম্ৰম (অমিতাভ মহন্ত)

আদিত্য প্ৰতীম বৰুৱা৷ জন্মস্থান লক্ষীমপুৰ, কৰ্মসুত্ৰে বৰ্তমান নতুন দিল্লীৰ নিবাসী৷ বৃত্তিসুত্ৰে আদিত্য এজন চিকিৎসক৷ চাকৰিৰ খাতিৰত মৰমৰ ঘৰখন এৰি দিল্লীত থাকিলেওঁ মনটোৱে নামানে৷ সেয়ে সময়, সুবিধা পালেই ছুটী লৈ আদিত্যই প্ৰায়েই লক্ষীমপুৰলৈ ঢাপলি মাৰে, লৰ মাৰে তাৰ আপোন ডিক্ৰঙৰ পাৰলৈ৷ সুবিধা কৰিব পাৰিলেই অসমলৈ স্থায়ীভাবে উভতি আহি অসমৰ বাবে কিবা এটা কৰাৰ মন৷
এইকেইদিন আদিত্য ঘৰতেই আছে৷ বন্ধু- বান্ধৱ, চুবুৰীয়া, সম্পৰ্কীয় লোকসকলৰ সৈতে দিনবোৰ বৰ সুন্দৰকৈ পাৰ হৈ গৈছে৷ দিল্লী যোৱাৰ দিন চমু চাপি আহিছে, কথাটো মনত পৰিলেই তাৰ মনটো মৰহি উঠে৷
– অই অ’দি, কেতিয়াকৈ ঘূৰিবি?
– যাম ৰহ, খেদো খেদোকৈ আছ দেখোন তঁহতে?
– ক্লাৱলৈ আহিবিচোন এপাক৷ গোটেইবোৰকে পাবি আজি৷ বান সাহায্যৰ মিটিং দিছো আজি৷
ল’ৰা- ছোৱালীবোৰৰ আগ্ৰহ দেখি আদিত্যৰ মনটো ভাল লাগি গ’ল৷ বানপীড়িত সকলৰ বাবে সকলোৱে আন্তৰিকতাৰে চিন্তা কৰিছে, সকলোৱে যি পাৰে দান বৰঙনি দিছে৷ আদিত্যয়ো মোটা বৰঙণি এটা দিলে৷
– তঁহতে বস্তুবোৰ দিবলৈ দিয়াৰ দিনা ময়ো ওলাম দেই৷
– তই পাৰিবি জানো? আমি ভূঁৰ লৈ যাম৷ তোৰ অভ্যাস আছে জানো এতিয়া?
– কিয় নাথাকিব ভাই? সৰুৰে পৰা গাঁৱতে ডাঙৰ হ’লো৷
– ঠিক আছে ওলাবি তয়ো৷
ৰতন দা কাষতে বহি আছিল৷ তেওঁ মাত লগালে৷
– ই বস্তু বিলাবলৈ কিয় যাব লাগে? কত ঠাইত চিকিৎসাৰ অভাৱত মানুহ মৰিব ধৰিছে৷ সিদিনা মোক ভবেশে ফোন কৰিছিল৷ সিঁহতৰ তাতে পানী শুকাল৷ এতিয়া গোটেই গাঁৱতে সকলোৰে বেমাৰ৷ ইয়াক অময়াপুৰলৈ পঠিয়াই দে৷
হৰ্ণৰ বাহিৰে সকলোবোৰ বাজি যোৱা বাছ এখনত মূৰ্গী, হাঁহ, ছাগলী সকলোৰে সৈতে সহাৱস্থান কৰি আদিত্যই যাত্ৰা আৰম্ভ কৰিলে৷ মনত অলপ অলপ স্বদেশৰ শ্বাহৰুখ খানৰ দৰে ফীল এটা৷ কোনোদিনে নাম নুশুনা অময়াপুৰলৈ কেনেকৈ যাব লাগে আদিত্যৰ কোনো ধাৰণা নাই৷ চন্দ্ৰপুৰলৈ সি বাট পথ চিনি পায়৷ তাতে বাছৰ পৰা নামি টেম্প’ত বাকীখিনি যাব লাগিব৷ স্থানীয় এন জি অ’ এটাই ক্লাবঘৰ এটাত আদিত্যৰ থকা খোৱাৰ সুব্যৱস্থা কৰি থৈছে৷ আগুৱাই নিবলৈ ক্লাৱৰ চকীদাৰজন নিজে অহাৰ কথা৷
বাছ, টেম্প’ত হাইজাম্প, লংজাম্প, প’লভল্ট সমানে মাৰি মাৰি আদিত্য অময়াপুৰত উপস্থিত হ’ল৷ ৰতনদাই কোৱামতে ইয়াৰ পৰা ক্লাবলৈ অলপমান খোজকাঢ়ি যাব লাগিব৷ প্ৰায় আধাঘণ্টামান সি অকলে থিয় হৈ থাকিল৷ তাক নিবলৈ অহা প্ৰাণীটোৰ শুংশুত্ৰই নাই৷ ঠাইৰ অৱস্থা দেখি সি গ’ল্ড ফ্লেকৰ আশা কেতিয়াবাই বাদ দিছে৷ এতিয়া চাধা এপালি হ’লেওঁ তাৰ কাম চলি যাব৷ পিছে নাই, ইমান ভাগ্য তাৰ নহ’ব যেন পাইছো৷ এতিয়া চকীদাৰটো আহি পালেই সি ৰক্ষা পৰে৷ গৈয়েই ঢেলপুঙা দিব লাগিব৷ অৱশেষত পৃথিৱীৰ সমস্ত দুখৰ বোজা কঢ়িয়াই এটা অদ্ভুত জীৱ আদিত্যক নিবলৈ উপস্থিত হ’ল৷ আৰম্ভ হ’ল নিজৰ বিশাল শৰীৰ আৰু দুটা বেগ লৈ এক যাত্ৰা৷
– চিগাৰেট ক’ত পাম অ’ দাদা?
– নাজানো৷
– ৰাতিলৈ খানাৰ যোগাৰ কি? ভাল হাঁহ পালে নিজেই ৰান্ধি খালোহেঁতেন৷
বগা প্লেটত দুটুকুৰা হাঁহৰ মঙহ৷ কাষত ভডকাৰ গ্লাছটো৷ ফেচবুকত #hebangorheta হেচটেগ মাৰি দুৰ্দান্ত আপলোড এটা৷ অ’দিৰ বিস্তীৰ্ণ গোঁফৰ মাজেৰে মিহি হাঁহি এটা প্ৰকট হৈ পৰিল৷
– নাজানো৷
&*+-%₹#৷ মাংসৰ ৰঙটো মনত পৰাৰ লগে লগে ওলাই অহা লেলাৱতিখিনি চকীদাৰৰ ’নাজানো’ৰ উত্তৰত চলৌপকৈ গিলি থৈ তাৰ মনটো সেমেকি উঠিল৷
– ৰাতিপুৱা কেম্প কেইটাৰ পৰা আৰম্ভ?
– নাজানো৷
একেলগে তিনিপাতমান কাণতলীয়া শোধাবলৈ মন গ’ল আদিত্যৰ৷ কিন্তু পিঠিত দুটা গধুৰ বেগ লৈ প্ৰায় আধাঘণ্টা খোজ কাঢ়ি বৰ্তমান আদিত্যৰ সেই শক্তি নাই৷ দুখী আত্মাৰ দুখবোৰো ইতিমধ্যে নোহোৱা হৈছে৷ “পেডেল মাৰি মাৰি” গুণগুণাই দুখী আত্মা আগবাঢ়িছে৷
ৰাতি সাত মান বজাত আদিত্য গৈ ক্লাবঘৰটোত উপস্থিত হ’ল৷ ৱাহ ক্লাবৰ কি অৱস্থা! আঠুৱাবিহীন বিছনা এখন আদিত্যৰ বাবে যোগাৰ কৰি থোৱা হৈছে৷ লগত এক কাঁহী ভাত৷ আঠ মানতে ভাতখিনি খাই লৈ আদিত্যই শোৱাৰ যো-জা কৰিলে৷ ক্লাবটোৰ ওচৰে পাঁজৰে একো নাই, ক’বলৈ গ’লে এক জয়াল পৰিবেশ৷ “ব্লেকৰোজ”তকৈওঁ ক’লা এটা নিশা৷ সৰুৰে পৰা আদিত্যৰ সাহসী বুলি বন্ধুমহলত এক নাম আছে৷ গতিকেই এই পৰিবেশত ভয় লগাতকৈও সি উপভোগহে কৰিছে৷ চকীদাৰ বলিয়া পানী খাই মেলি কোন কেতিয়াবাই পলাল৷ এতিয়া এই পৰিবেশত কেৱল আদিত্য, নেটৱৰ্ক নোহোৱা মবাইলটোত জুবিনৰ গান আৰু এসোপা আন্ধাৰ৷ আদিত্যই লাহেকৈ খিড়িকীখন খুলি দিলে৷
কিছু সময়ৰ পিছত আদিত্যই মন কৰিলে যে জুবিনৰ সুৰৰ লগে লগে অন্য এক মন মতলীয়া সুৰে কোঠাটোত গুনগুনণি তুলিছে৷ সুৰৰ উৎসটো বুজিব পৰালৈ ইতিমধ্যে বহুত পলম হৈ গ’ল৷ প্ৰায় লাখৰ হিচাপত মহ কোঠাটোত সোমাই আদিত্যক একেলগে আত্ৰমণ কৰিলে৷ বিশাল শৰীৰৰ এনেকুৱা দেহ সিহতেওঁ চাগে বহু বছৰৰ মূৰত পাইছে৷ হাত- ভৰি সমানে মাৰি পাঁচ মিনিটমান আদিত্যৰ মহ নিবাৰণী অভিযান চলিল৷ পিছে নাই, এই অচিনাকি ঠাইত খিড়িকী খোলা মুৰ্খামীটোৰ বাবে নিজৰ কপাল চপৰিয়াই থকাৰ বাহিৰে বেলেগ একো কৰিবলগীয়া নাই৷ “খা বেটাহঁত খা, এনেকৈ তেজৰ গৰম কমাই দে মোৰ৷ যাতে ভৱিষ্যতে এনে ভুল কৰাৰ আগত এশবাৰ ভাবো৷”
এঘণ্টামান আদিত্যক ভৰপুৰ আক্ৰমণ কৰি মহকেইটাৰ উৎপাত নোহোৱা হ’ল৷ বোধহয় সিহঁতেওঁ বুফে পৰ্ব সমাপ্ত কৰি গেৰেলা পৰিল৷ ক্ষত বিক্ষত দেহ লৈ আদিত্য বিছনাত লাং খাই পৰিল৷ লাহে লাহে তাৰ আকৌ ভোক লাগি আহিছে৷ এইফালে খাবলৈ মিহিদানা এটাওঁ নাই৷ হে ভগৱান! মাত্ৰ দহটাহে বাজিছে দেখোন৷ আজি তাৰ ৰাতি বিপদ আছে৷ হাউ হাউকৈ তাৰ কান্দিবলৈ মন গ’ল৷
বিষে, ভোকে জৰ্জড়িত গৈ আদিত্য বিছনাত পৰি আছে৷ চিলমিলকৈ টোপনি আহিব লওঁতেই দুৱাৰত কোনোবাৰ টোকৰ।
– কোন বে? ? ? ?
– চাৰ মই৷
– কোন মই?
– চাৰ মইহে, পেচেণ্ট৷
– ধেই৷ কেম্প ৰাতিপুৱাৰ পৰাহে৷ পুৱা আহিব৷ এই ৰাতিখন মই পেচেণ্ট নাচাওঁ৷
– চাৰ মই ৰাতিপুৱা আহিব নোৱাৰো৷ এতিয়াই চাওঁকনা৷
– নোৱাৰো কৈছোনে৷ নিজৰেই অৱস্থা নাই ₹%&*৷
কিছুসময় কাৰো মাত নাই৷ উফ শান্তি৷
– চাৰ প্লিজ৷
ইয়াক আজি! ! একে টানে দৰজা খুলিলে আদিত্যই৷ আৰে বাহিৰত দেখোন কোনো নাই৷ কোনেনো এই ৰাতিখন কামুৰি আছে৷ দৰজা বন্ধ কৰি ঘুৰিবলৈ লওঁতেই আদিত্যই দেখিলে পেচেণ্ট আদিত্যৰ বিছনাত বহি আছে৷
– চাৰ ভালনে? ? ?
– হাৰে কি মানুহ, আপুনি কোনফালেদি সোমালে?
– আপোনাৰ কাষলতিৰ তলেৰেই সোমালো চাৰ৷ মোৰ বৰ বেমাৰ৷ চাই দিয়কনা প্লিজ৷
টৰ্চটো মাৰিয়েই আদিত্য প্ৰায় বেহুঁচ৷ পেচেণ্টে নিজৰ মূৰটো কোলাত লৈ বিছনাত বহি আছে৷ দেখিয়েই বিকট চিঞঁৰ এটা দি আদিত্যই খিড়িকীৰ বাহিৰলৈ জাপ দিলে৷ এই চকীদাৰে এবাৰতো ক’ব পাৰে যে খিড়িকীৰ বাহিৰত বোকাৰ পুখুৰী আছে৷ বোকাৰ প্ৰলেপ, পোক পতঙ্গ, পলিথিন, পকেটত এটা খালী মদৰ বটলেৰে আদিত্য উঠি আহিল৷ ইতিমধ্যে খিড়িকীৰে নোসোমোৱা এলেহুৱা মহকেইটা এইবাৰ জাগি উঠিল৷ এইকেইটাৰ কামোৰত মৰাতকৈ ভূতটোৰ লগত বহি থকাই ভাল৷ বগাই বগাই আকৌ সি খিড়িকীৰে ভিতৰ সোমাল৷ ভূতটোৱে ভিতৰত কান্দি কাটি অৱস্থা নাই৷ মূৰটোক হাত দুখনে যিমান পাৰে সান্ত্বনা দি আছে৷ এইবাৰ আদিত্যৰ ভয়টো কমিল৷
এতিয়া ভূতটোলৈ অকণমান বেয়াওঁ লাগিব ধৰিছে৷ এনেওঁ এতিয়া ভূতটোতকৈ সি বেছি ভয়ানক ৰূপ লৈছে৷
– অই কান্দিছ কিয়?
– বিৰাট ভোক লাগিছে৷
– ভোক লাগিছে যদি কিবা নাখাৱ কিয়? মোৰো বিৰাট ভোক লাগিছে৷
নাই চাৰ, মই যি খাওঁ ডিঙিৰে গৈ পেট নাপায়৷ আধাতেই সৰি মাটিত পৰি যায়৷
ভূতটোৱে আকৌ ভেঁ ভেঁ কৈ কান্দিবলৈ লাগিল৷
– চাৰ আপুনি মোৰ ডিঙিটো জোৰা লগাই দিয়কনা প্লিজ৷ আগতে ইয়াত এখন ডিচপেনচেৰী আছিল৷ তাত ডাক্টৰবোৰক কিমান ক’লো জোৰা লগাই দিবলৈ৷ কোনেওঁ নিদিলে৷ সকলো পলালহে৷ এতিয়া বহুবছৰ ধৰি গাঁৱত কোনো ডাক্টৰ নাই৷ আজি গধূলি আপোনাৰ হৃষ্টপুষ্ট চেহেৰাটো দেখি মনলৈ সাহস আহিছে৷ আপুনিয়েই মোৰ শেষ আশা৷ চাৰ……
– কিন্তু জোৰা লগাই দিলে দেখোন মানুহে তোক ভয়েই নকৰিব৷
– ভয় কৰিব নালাগে চাৰ৷ জাষ্ট খাব পৰা কৰি দিলেই হ’ল৷
– বাৰু, তঁহতে কি খাব অ’৷ মাছ- মাংস? ?
– না না, এইবোৰ মানুহে এনেই কয়৷ আমি কেৱল পোহৰ খাওঁ৷
– পোহৰ? ? মানে?
– চন্দ্ৰৰ পোহৰ চাৰ৷ বেলিৰ পোহৰ খাবলৈটো দিনত ওলাবই নোৱাৰো৷
– কথাটো হয় পিছে৷ বাকী জুই, মমবাতি এইবোৰৰ পোহৰ?
– সেইবোৰ তামাম টেষ্টী৷ পিছে আজিকালি বাদ দিলো৷
– কিয়?
– সেইবোৰ ফাষ্টফুড৷ আচাৰ্যই খাবলৈ মানা কৰিছে৷ তথাপি ন’ন্ ভেজ বুলি কেতিয়াবা জোনাকী পৰুৱা চলি যায়৷
– ভালেই কৰিছ দে৷ পিছে পোহৰ চিধাচিধি খাই দিয়নে ৰন্ধা বঢ়াৰ নিয়ম আছে৷
– আছে আছে৷ ভাজি, সিদ্ধ, গ্ৰীল, ৰোষ্ট সকলো চিষ্টেম আছে৷ আজি গ্ৰীল কৰিছিল৷ চাওঁকচোন জোনটো কেনেকুৱা হালধীয়া হৈ আছে৷ কিন্তু মোৰ…
ভূতটোৱে আকৌ কান্দিবলৈ আৰম্ভ কৰিলে৷
– অই নাকান্দিবি৷ তোৰ মূৰটো চিলাই কৰি দিম আহ৷
লগে লগে মূৰটো ডিঙিৰ ওপৰত ফিট কৰি ভূত সাজু৷ ইতিমধ্যে আদিত্যৰ গাৰ বোকাবোৰ শুকাই কৰ্কৰীয়া হৈ পৰিছে৷ সেইবোৰক গুৰুত্ব নিদি বেজী সূতা লৈ আদিত্য কামত লাগিল৷
– অই সূতাদাল তোৰ গাৰ পৰা ওলাই আহে কিয়?
– মইযে অশৰীৰী৷ এই সূতাৰে কাম নহ’ব৷
– কাম নহ’ব যদি মোক কোৱা নাই কিয় আগতে৷ এনেই ৰাতিখন মাথা মাৰিলো৷
– চাৰ প্লিজ!
– হেই কিহৰ প্লিজ৷ ক’ৰ পৰা তোৰ সূতা আনিম৷
গণি গণি আকৌ আধাঘণ্টাৰ কন্দা কটা৷ টোপনিত আদিত্যৰ চকু টানি নিছে৷ হঠাৎ এটা আইদিয়া তাৰ মনলৈ আহিল৷
– অই তোৰ চাৰ্ট, পেণ্ট, গামোচা যি আছে লৈ আহ৷ কিবা এটা মেনেজ কৰিম৷
– সেইবোৰ নাই চাৰ৷ লেঙটা হৈ ঘূৰাৰ মজাই বেলেগ৷ ন’ চাৰ?
– ধুৰৰ… মই কি জানো আৰাম নে কি? আৰু শুন বাবা, মই চেষ্টাটো কৰিলোৱেই৷ নোৱাৰিলে কি কৰিম কচোন৷ কাইলৈ মোৰ বহুত কাম আছে৷ এতিয়া অলপ শুবলৈ দেছোন৷ ৰাতি টোপনিত কিজানি কিবা আইডিয়া আহেই৷
আমন জিমন কৈ আধাঘণ্টামান উচুপি উচুপি শেষত ভূতটো বাহিৰলৈ ওলাই গ’ল৷ মহবোৰে আকৌ আক্ৰমণ কৰিব বুলি বোকাবোৰ গাত লৈয়েই আদিত্যই বাগৰ দিলে৷
গভীৰ টোপনিৰ মাজত আদিত্যই এটা কোৰাচ শুনা যেন পালে৷
“চাৰ… চাৰ… অ’ চাৰ“…
খকমককৈ সাৰ পায় আদিত্যই যি দৃশ্য দেখিলে তাকে দেখি সি আগৰবাৰতকৈও বিকট চিঞঁৰ এটা মাৰিলে৷ কিন্তু এইবাৰৰ চিঞৰটোত একো শব্দ নোলাল৷
বুঢ়া ডাঙৰীয়া, বীৰা, যক্ষ্য, বাঁক… আৰু ক’ত কি যে ভূত আহি তাৰ ৰুমটোত সোমাই আছে৷
– চাৰ আপুনি বোলে দিল্লীৰ পৰা অহা ডাক্টৰ৷ আমাৰ পোণাক ভাল কৰি দিয়ক চাৰ৷ ই বৰ কষ্টত আছে৷ ৰিকুৱেষ্ট চাৰ…
এই প্ৰকাণ্ড ভূতটোৰ মুখত অলকা য়াগনিকৰ দৰে মিঠা মাত শুনি আদিত্য তধা লাগি ৰৈ গৈছিল৷ আকৌ সন্মিলিত “চাৰ“ টো শুনি তাৰ সম্বিত আহিল৷ ইহঁতৰ পৰা পলাই লাভ নাই৷ বুদ্ধিৰে নেখেদিলে গোটেই ৰাতি কামোৰ দি থাকিব৷
– চাওঁক ডাঙৰীয়াসকল, মইটো চেষ্টা কৰিলোৱেই৷ কিন্তু মোৰ বেজী সূতাই একো কামেই নিদিয়ে৷ কি কৰো কওঁক৷
– কিবা কৰক চাৰ……
– নহ’ব বুজিছেনে………
কথাখিনি কৈ কৈ আধাতে আদিত্য ৰৈ গ’ল৷
– ৰ’ব ৰ’ব, এটা বাম্পাৰ আইডিয়া পালো… বুঢ়া ডাঙৰীয়াৰ ধুতিৰ সূতাৰে কামটো হৈ যাব লাগে!
“হেই কি কৰ” বুলি ডাঙৰীয়াৰ বাক্যটো শেষ হোৱাৰ আগতেই ধুতি পিলিঙা ভূতৰ মুঠিত৷ বাঁকে নেফানেফকৈ ফালি লগে লগে সূতা সাঁজু কৰিয়েই দিলে৷ বুঢ়া ডাঙৰীয়াই তলমুৱা চকুৰে চোলাটোকেই যিমান পাৰে সিমাকন তললৈ টানি মেলি বিছনাৰ চুক এটাত শান্ত শিষ্ট হৈ বহি পৰিল৷
সূতা আহিল৷ পিছে নাই, কাম নহ’ল৷ এই অশৰিৰী সূতা আদিত্যৰ বেজীত নোসোমাই৷ ভাবি ভাবি আদিত্যৰ চকু পৰিল বাঁকৰ ওলাই অহা দাঁত দুটাত৷ লগে লগে সকলোৱে বাঁকৰ ফালে চালে৷
– নহ’ব৷ একদম নহ’ব৷ দাঁত মই কোনোপধ্যেই বেজী কৰিবলৈ নিদিওঁ৷
মুহূৰ্ততে কোঠাটোত ভয়ঙ্কৰ হুলস্থুল এখন লাগি গ’ল৷ সকলোৰে লক্ষ্য বাঁকৰ দাঁত৷ হৈ চৈ, মাৰ ধৰ… কি যে এক পৰিবেশ৷ ফুটবল, বেচবল, হকী একো এৰা নাই এইকেইটাই৷
– চাৰ এইটো লওক৷
পিলিঙা ভূতে গৰ্বৰ হাঁহি এটা মাৰি দাঁতটো আদিত্যক গটালে৷
– ঐ পিলিঙা, এইটো সূতাৰ লগত টানকৈ বান্ধ৷
বেজী, সূতা সাজু৷ এইবাৰ বেমাৰী ভূতৰ মূৰটো গায়ব৷ মাৰপিটৰ মাজতে সেইটো ক’ৰবাত হেৰাল৷ অৱশেষত বহুত বিছাৰ খোছাৰ কৰি কাৰোবাৰ গোৰত ফুটবল চিটিকাদি চিটিকি গৈ পুখুৰীৰ পাৰ পোৱা মূৰটোক তাৰ পৰা উঠাই অনা হ’ল৷
চিলাই পৰ্ব আৰম্ভ হ’ল৷ আদিত্যই বীৰাক লগাই দিছে চিলাই কৰিবলৈ৷ সি বুজাই গৈ আছে৷ বাপৰে তাৰ কি চিঞৰ! ৰক বেণ্ডবোৰে ইয়াক পালে কিমান টকাত চাইন কৰে ঠিক নাই৷ এই মাজৰাতি ভূতক দিবলৈ এনাস্থেছিয়া নাই৷ কাণত আঙুলি দিয়েই চিঞৰ সহ্য কৰিব লাগিব আৰু৷
সফল অপাৰেচন৷ ফূৰ্তিত ভূতবোৰে কি কৰিব, কি নকৰিব অৱস্থা৷ আদিত্যক চুমা খাই ত’ত পোৱা নাই৷ আদিত্যই কোনোমতে ঘোষণা কৰিলে, “এসপ্তাহলৈ বেমাৰীয়ে কেৱল পোহৰৰ জুইচ্ খাব লাগিব”৷ ভজা-পোৰা, গ্ৰীল একদম বন্ধ৷
ভূতকেইটাৰ লগত লাহে লাহে জমি উঠিছিল৷ আড্ডা মাৰিবলৈ আদিত্যৰ খুব মন আছিল৷ পিছে এতিয়া সময় ৰাতিপুৱা চাৰি বাজি বিশ মিনিট৷ এতিয়া অলপ শুই নল’লে কেম্পত তাৰ বাৰ বাজি যাব৷
– প্ৰভূসকল মই অলপ শুই লওঁ নেকি? এতিয়াওঁ ভূত হোৱা নাই যে, গতিকে ৰাতি অলপ টোপনি মাৰিবলৈ নাপালে দিগদাৰ পাওঁ৷ কিন্তু আপোনালোকক কথা দিলো নিজে ভূত হোৱাৰ পিছদিনাই ইয়ালৈ আহি গোটেই ৰাতি পাৰ্টী কৰিম৷
কৃতজ্ঞতাত গদ্‌গদ হৈ গোটেইজাকে আকৌ দুটা দুটাকৈ চুমা দি আদিত্যৰ পৰা বিদায় ল’লে৷
বিছনাত পৰাৰ লগে লগে নিদ্ৰাদেৱীৰ কোলাত ঢলি পৰিল আদিত্য৷
নিদ্ৰাৰ অটল গহ্বৰৰ ভিতৰত সোমাই গৈ কোনোবাই যেন আকৌ আদিত্যক মাতিলে,
– চাৰ… অ’ চাৰ৷
একে জাপে উঠিল আদিত্য৷ উফ ৰক্ষা, এইবাৰ ভূত নহয় চকীদাৰটোহে৷
– চাৰ আধাঘণ্টা পিছত কেম্প আৰম্ভ হ’ব৷ আপুনি সাজু হওক৷ মই জলপানৰ যোগাৰ কৰিছো৷
উফ ৰক্ষা! নিজৰ হাত- ভৰিলৈ চকু দিলে আদিত্যই৷ ক’তো বোকাৰ দাগ নাই৷ নিজৰ ওপৰতে বিৰাট হাঁহি উঠিল তাৰ৷ ধেই কি কি যে সপোন দেখিলে গোটেই ৰাতি!
হাঁহি হাঁহি হঠাৎ আদিত্যৰ হাঁহি একেবাৰতে বন্ধ হৈ গ’ল৷ ৰঙা ৰঙা চকু, থিয় থিয় দাঢ়ি- চুলিৰে এক অদ্ভুত অবয়বে তেল তেলকৈ আদিত্যলৈ চাই আছে৷
মাত্ৰ আধা চেকেণ্ড৷ এটা বিকট চিঞৰ মাৰি খিড়িকীৰে একে সময়তে হাইজাম্প, লং জাম্প দুয়োটাই মাৰিলে আদিত্যই৷ বোকাত পৰাৰ ঠিক এটা মুহূৰ্তৰ আগতে তাৰ মনলৈ আহিল……
ৰঙা ৰঙা চকু, থিয় থিয় দাঢ়ি- চুলিৰে তাক তেল তেলকৈ চাই থকা প্ৰাণীটো বেলেগ একো নাছিল৷ সেয়া আছিল দেৱালত ওলমি থকা আয়নাত জিলিকি উঠা গোটেই ৰাতি মহৰ অত্যাচাৰত শুব নোপোৱা ডাক্টৰ আদিত্য বৰুৱাৰ নিজৰেই মুখ! !
————————————————–০০০———————————————————–

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!