ভলুকা সন্ত্ৰাস – সুনীল দত্ত

তপন খুৰাৰ ৰূপনগৰৰ ঘৰৰ কাষত দিব্যেন্দু সৰকাৰে ঘৰ এটা ভাৰালৈ লৈ থকা প্ৰায় চাৰিবছৰেই হ’ল। কলকাতাৰ মানুহ, আগলৈ পিছলৈ কেঁও কিছু নাই। বিয়া পাতোঁ পাতোঁ কৰি থাকোতে বিয়াৰ বয়সেই উকলিবৰ হ’ল। তপন খুৰাৰ লগত দিব্যেন্দুৰ সম্পৰ্ক মোটামুটি ভালেই। ৰাতি হ’লে তপন খুৰাই মেনকা খুৰীয়ে গম নোপোৱাকৈ সাউৎকৈ দিব্যেন্দুৰ লগত প্ৰায়ে দুই পেগ মাৰি আহে।

কালি ৰাতিপুৱাৰ কথা। তপন খুৰাই অটোখন লৈ কনিহাৰ ঘৰলৈ যাবলৈ ওলাল। ৰাস্তাতেই দিব্যেন্দুক লগ পাই এনেয়ে যাবলৈ বুলি লগ ধৰিলে। সংগঠন এটাই দিয়া অসম বন্ধক সমৰ্থন কৰি দিব্যেন্দুৱে আজি কৰ্মবিৰতি লৈছিল। দিনটো অকলশৰে থাকি বিৰক্ত হোৱাতকৈ দিব্যেন্দুৱে খুৰাৰ প্ৰস্তাৱত একেষাৰে মান্তি হ’ল। গুৱাহাটীৰ পৰা ৰঙিয়ালৈ যোৱা ৰাস্তাত বন্ধৰ একো প্ৰভাৱ নাই। গতানুগতিক যান বাহন চলি আছে। দোকান পোহাৰো খোলা। দিব্যেন্দুৱে ওৰে ৰাস্তাই আজিৰ অসম বন্ধক কিয় সমৰ্থন কৰিব লাগে তাকেই খুৰাৰ আগত কৈ গ’ল। মাজে মাজে আজিৰ বন্ধক সমৰ্থন নকৰাসকলক কলকাতাত লগ পোৱা হ’লে পিঠিৰ ছাল চেলালেহেঁতেন বুলিও বুকু ফিন্দাই ক’লে। ৰাস্তাত চাহ পানী খাই দুয়োজনে তপন খুৰাৰ কনিহাৰ ঘৰ পায় মানে বাৰ বাজিবৰেই হ’ল। মুখ হাত ধুই তপন খুৰাৰ বৌৱেকে যতনাই দিয়া চাহ জলপান খাই তপন খুৰাই চিগাৰেট এটা জ্বলাই ল’লে। দিব্যেন্দুৱে মোবাইলটো উলিয়াই ফেচবুক খুচৰিবলৈ ধৰিলে। চিগাৰেটটো হুপি উঠি হাতত দাখন লৈ তপন খুৰাই দিব্যেন্দুক পিছফালৰ প্ৰকাণ্ড বাৰীখন দেখুৱাবলৈ লৈ গ’ল। তপন খুৰাই এফালৰ পৰা আপুৰুগীয়া গছ গছনিবোৰ দিব্যেন্দুক চিনাকি কৰাই দিলে। প্ৰকৃতিৰ নৈসৰ্গিক শোভাত দিব্যেন্দু আপ্লুত হৈ পৰিল।

গৈ গৈ দুয়ো বাৰীৰ একেবাৰে পিছফাল পালেগৈ। প্ৰকাণ্ড বাঁহ এচুপালৈ আঙুলিয়াই ডিঙিৰ সেঁপ গিলি দিব্যেন্দুৱে সোধো নোসোধোকৈ সুধিলে-“এইবিধ বাঁহৰ নাম কি দাদা? আগতে এনেকুৱা বাঁহ দেখা নাই মই।” পূৰঠ বাঁহ এটাত এনেয়ে ঘাপ এটা মাৰি তপন খুৰাই ক’লে-“এইবিধক ভলুকা বাঁহ বুলি কয়।” পিছফালে কিবা এটাই দৌৰাৰ শব্দ শুনি তপন খুৰাই ঘূৰি চাই হতভম্ব হ’ল। দিব্যেন্দু সৰকাৰে প্ৰাণটাকি দৌৰি পলাইছে। ক’ৰবাত সাপ চাপ দেখিছে বুলি খুৰায়ো দিব্যেন্দুৰ পিছে পিছে দৌৰিবলৈ ধৰিলে। অলপ দূৰ যোৱাৰ পিছত খুৰাই মাটিত পৰি থকা দিব্যেন্দুৰ মোবাইলটো দেখি তুলি ল’লে। বেচেৰাই দৌৰৰ কোবত মোবাইলটো পেলাই থৈ গ’ল চাগে’! সাপ ওলাইছে যদিও ইমান দূৰলৈ নাহে আৰু!

মোবাইলটো হাতত লৈ খুৰাই লাহে লাহে খোজ দি এনেয়ে মোবাইলটো চালে। ফেচবুকত দিব্যেন্দুৱে আধা চাই এৰা ভিডিও এটাত খুৰাই ক্লিক কৰিলে। ভলুকা বাঁহৰ টুকুৰা এটাৰে এজনে মানুহৰ জাক এটাক মাধমাৰ সোধোৱাৰ দৃশ্য এটাৰ লগতে ঘোষকৰ মাতটো ভাঁহি আহিল-” এয়া চাওঁক, বন্ধৰ সমৰ্থকৰ দল এটাক কেনেকৈ পাহুৱাল অসমীয়া ডেকা এজনে ভলুকা বাঁহৰ পূৰ্ণহতীয়া কোবেৰে এফালৰ পৰা ধৰাশায়ী কৰি গৈছে।” ■■

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!