ভাপত দিয়া পিঠা (মনীষা বড়া হালৈ)

 

 

 

 

 

 

 

 

 

 

বিহুৰ বতৰত ভাপত দিয়া পিঠাকে সাজোঁ আহক। এই পিঠা স্বাস্থ্যৰ বাবেও হানিকাৰক নহয়। কম সময়ৰ ভিতৰতে প্ৰস্তুত কৰি আলহীকো খুৱাব পাৰে বা ঘৰৰ মানুহেও খাব পাৰে।

 

উপকৰণ:

১) পিঠাগুৰি ১কাপ(জহা চাউলৰ হ’লে ভাল)

২) ৰোকা নাৰিকল ১কাপ

৩) চেনি ৪চামুচ

৪) বেকিং পাউদাৰ ১/২চামুচ

৫) পানী আন্দাজ মতে

 

প্ৰণালী:

এটা বাতিত পিঠাগুৰি, নাৰিকল,চেনি আৰু বেকিং পাউদাৰ সানি লব। তাতে পানী এনেকৈ দিব যাতে একেবাৰে ধিলা নহয়। ৫মিনিট ঢাকি থব। ইডলি ষ্টেণ্ডডালত তেল সানি যাতে লাগি নধৰে আৰু চামুচেৰে দি যাব। এতিয়া কুকাৰত অলপ পানী দি ষ্টেণ্ডডাল কুকাৰত বহাই দি কুকাৰৰ ঢাকোনখন মাৰি দিয়ক আৰু হুইচেলটো গুচাই দিয়ক। প্ৰথমতে ২মিনিট গেছটো বেছিকৈ দিব। ওপৰে ভাপটো বেছিকৈ ওলালে গেছটো কমাই ১০ মিনিট ৰাখিব আৰু গৰমে গৰমে পৰিবেশন কৰিব। কেতিয়াবা পিঠাগুৰি নাথাকিলে চুজিও দিব পাৰে মাত্ৰ চুজিখিনি অলপ ভাজি ল’ব।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!