ভালপোৱাই জীৱনৰ উপহাৰঃ- পৰিষ্মিতা শৰ্মা

 

মৰমে মৰমৰ জন্ম দিয়ে
ভালপোৱাই জীৱনৰ উপহাৰ
বুকু ভৰি ফুলি উঠে জীৱন৷
আশা-আকাংক্ষাই দুচকুত নাচে,
তোমাৰ মৰমৰ উম পাই৷
ৰামধেনুৰ ৰঙ হৈ উৰে মোৰ মন,
তোমাক পাবলৈ৷
তুমিয়েতো মোৰ জীৱনৰ সৰ্বস্ব, , ,
জীয়াই থকাৰ সুগন্ধি জিলিঙনি তৰা৷
তুমি জ্বলি থকা
মোৰ বাবে, , , , পোহৰ দিয়া
নোৱাৰো এন্ধাৰ গিলিব
মোক পোহৰ লাগে
৷ ৷ মাথোঁ তোমাৰ৷ ৷
৷ ৷ মাথোঁ তোমাৰ৷ ৷
*পৰিষ্মিতা শৰ্মা৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!