ভাল ছোৱালীবোৰ – – নব যুগল কাশ্যপ

 

ভাল ছোৱালী বোৰ ভয়াতুৰ হব লাগিব৷
হেজাৰটা জ্বলন্ত চিগাৰেটৰ চিগাৰেটৰ দাগ কৰঙণত থাকিলেও সিহঁত প্ৰতিবাদী হব নোৱাৰিব৷
চকুৰ সন্মুখত মৃত্যু থাকিলেও সিহঁত জীয়াই থাকিব লাগিব৷
ভাল ছোৱালী বোৰ বেছি ধুনীয়া হব নোৱাৰিব বা আবেদনময়ী …৷
কিয়নো মানুহে কয় ধুনীয়া ছোৱালীৰ চৰিত্ৰ বেয়া৷

ভাল ছোৱালী বোৰে সমাজৰ মতে পিন্ধিব লাগিব কাপোৰ ..৷
জীন্স, টি চাৰ্ট অথবা চৰ্টচ
ভাল ছোৱালীৰ আভূষণ নহয়৷
ভাল ছোৱালী বোৰে ৰাতি ফুৰিব নোৱাৰিব৷
কাৰণ ৰাতিৰ সমাজ মজি থাকে বেশ্যাৰ পদূলিত৷
ভাল ছোৱালী বোৰৰ থাকিব লাগিব কুমাৰীত্ব ..৷
ফুলশয্যাৰ নিশা দিব লাগিব তাৰ প্ৰমাণ৷
যদিওবা বিয়াৰ পিছৰ প্ৰতিটো নিশা ধৰ্ষিত হয় তাই ..৷
ভাল ছোৱালী বোৰৰ সপোন থাকিব নোৱাৰিব৷
মানুহ হোৱাৰ সপোন….৷
কাৰণ সপোন বোৰ স্বাধীন হয়,
আৰু ভাল ছোৱালীৰ স্বাধীনতা নাথাকে৷

ভাল ছোৱালীবোৰে ডাঙৰকৈ হাঁহিব নোৱাৰিব৷
লৰাৰ লগত ফুৰিব নোৱাৰিব ভাল ছোৱালী বোৰে৷
ছোৱালীৰ চৰিত্ৰ নিৰ্ধাৰণ কৰিবলৈ সমাজত কিছু মানুহ থাকে……
তেওঁলোকৰ মতে ভাল ছোৱালী বোৰ জন্ম হয় বন্দী হবলৈ
আৰু বেয়া ছোৱালী বোৰ?
বেয়া ছোৱালীক বলাৎকাৰৰ অনুমতি দিয়ে সমাজে৷

ভাল ছোৱালীৰ থাকিব নোৱাৰিব
অধীৰ চাৱনি, বিশৃংখল চুলি অথবা উঠন বুকু৷
এই সকলোবোৰে হব পাৰে পুৰুষৰ আকৰ্ষণ…৷

ভাল ছোৱালী বোৰ কেতিয়াও মানুহ হব নোৱাৰিব,
সমাজৰ গাণ্ডীৱৰ মাজত পচি পচি নিঃশেষ হলেও স্বীকৃতি নাপাব সিহঁতে৷
ভাল ছোৱালী বোৰ কেতিয়াও মানুহ হৱ নোৱাৰিব,
কাৰণ মানুহ হলেই সিহঁতে হেৰুৱাব লাগিব জীয়াই থকাৰ অধিকাৰ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!