ভাল মানুহ ( প্ৰাণজিত বৰুৱা )

ভাল মানুহবোৰ জীয়াই থাকিবলৈ দিয়ক…
ধুনীয়াবোৰ থাকিবলৈ দিয়ক,
মৰমবোৰ বাকিবলৈ দিয়ক,
শিশুবোৰক খেলিবলৈ দিয়ক,
ঘৰবোৰক ঘৰ হৈ থাকিবলৈ দিয়ক…
অনুগ্ৰহ কৰি ভাল মানুহবোৰ জীয়াই থাকিবলৈ দিয়ক৷

মন যোৱা কামবোৰে অপকাৰ নকৰিলে কৰিবলৈ দিয়ক,
হাঁহিবোৰ দেখি ভালেই লাগে হাঁহিবোৰ বৈ যাবলৈ দিয়ক,
ভাল মানুহৰ কথাই কামে সুগন্ধিবোৰ বিলাই থাকিবলৈ দিয়ক,
বাধা নিদিব…

ভাল মানুহবোৰক জীয়াই থাকিবলৈ দিয়ক….!

ভাল মানুহবোৰে কান্দিলে,
চকুপানীৰ লগতে হুমুনিয়াহ সৰে,
আপুনি সৰিবলৈ নিদিব…
ভাল মানুহবোৰৰ বহুতো জিলিকা সপোন,
অকালতে মৰহি পৰে,
আপুনি পৰিবলৈ নিদিব…

অনুগ্ৰহ কৰি ভাল মানুহবোৰ জীয়াই থাকিবলৈ দিয়ক৷

ভাল মানুহবোৰ ঠুনুকা,
কাঁচৰ দৰে,
ভাঙিবলৈ সহজ,
জোৰা দিবলৈ টান…
আপুনি নাভাঙিব তেওঁলোকৰ হৃদয়খন
কেতিয়াও!!

ভাল মানুহৰ শত্ৰুবোৰ,
অজানিতে বাঢ়ি আহে,
তেওঁলোকে মিছা মাতিব নোৱাৰে,
অনিয়ম দুৰ্নীতি মনে মনে নসহে…
আপুনি নহ’ব তেওঁলোকৰ শত্ৰু কেতিয়াও…!!!

দুচকুত দুৰ্বাৰ হেঁপাহ ৰাখি,
পৃথিৱীখন সৰগ কৰাৰ ইচ্ছা এটা বোকোচাত বান্ধি,
এই দুষ্প্ৰাপ্য ভাল মানুহবোৰে,
সময়ে সময়ে জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে,
বিভিন্ন ভেশে,
দেশে দেশে প্ৰদেশে প্ৰদেশে ঘূৰি
ফুৰে…

বহুত বাধা নেওচিও ওলাই আহে..

এতিয়ালৈকে ইমানবোৰ প্ৰদুষণৰ মাজতো পৃথিৱীখনত আহ্নিক আৰু বাৰ্ষিক গতি যে
স্থবিৰ হৈ পৰা নাই…
কেৱল মাত্ৰ এওঁলোকৰ বাবে…!!

পাৰে যদি
এই বিলুপ্তপ্ৰায় প্ৰজাতিটো হেৰাই যাবলৈ নিদিব,
নিৰৱতাৰে, নিঃস্বাৰ্থভাৱে কাম কৰি যোৱা
এই ভাল মানুহবোৰক কামবোৰ সুকলমে কৰি যাবলৈ দিয়ক…

আপুনি,
মই, আমি
আমাৰ কাম আৰু কুচিন্তাৰে নৰক কৰিবলৈ খোজা এই পৃথিৱীখন
নৰক হোৱাৰ পৰা ৰক্ষা কৰিবলৈকে,
অন্ততঃ
অনুগ্ৰহ কৰি এই এমুঠিমান
ভাল মানুহবোৰক জীয়াই থাকিবলৈ দিয়ক…!!!

One thought on “ভাল মানুহ ( প্ৰাণজিত বৰুৱা )

  • November 18, 2015 at 10:31 pm
    Permalink

    মন চুই যোৱা প্ৰাণজিৎ। বাঃ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!