ভাষা অবিহনে অন্তৰ্দৃষ্টি অসাৰ – হৃদয় গগৈ

(কিছুদিন পূৰ্বে ’Speaking tree’ নামৰ এটা এপ্লিকেশ্যটনত এটা বৰ সুন্দৰ আৰু সময়োপযোগী লেখা পঢ়িবলৈ পালো৷ সেয়ে আপোনালোক পাঠকসমাজলৈ ও লেখাটোৰ কিয়দাংশ অসমীয়া ভাঙনি কৰি আৰু কিছু নিজা অনুভৱ সংযোজন কৰি আগবঢ়াবলৈ চেষ্টা কৰিলো৷ )

People’s Linguistic Survey of India (PLSI) ৰ সচিব আৰু ২০১১ চনত UNESCO ’linguapax’ বটাৰে সন্মানিত গনেশ এন. ডেভি-এ কৈছিল–“জ্ঞানানুসন্ধান কেৱল চিন্তাশক্তিৰ ফচল আৰু ’চিন্তা’ তেতিয়াহে সম্ভৱ যেতিয়া তাত কোনো ভাষা থাকে৷ “

শুনিবলৈ আচহুৱা কিন্ত সত্যচ যে- অহা ৫০ বছৰৰ ভিতৰত পৃথিৱীৰ পৰা প্ৰায় ৪০০০ টা ভাষা বিলুপ্ত হৈ যাব৷ তাতোকৈ আচৰিত কথাটো হল যে সেই ৪০০০ টা ভাষাৰ ১০% ই ভাৰতত প্ৰচলিত৷

ডেভিয়ে আৰু কয়–“ভাৰতীয় সকলৰ এটা জন্মগত সহজাত ক্ষমতা আছে যে তেওঁলোকে একাধিক ভাষা আয়ত্ত কৰিব পাৰে আৰু এই ভাষাবোৰ হেৰুৱাৰ অৰ্থ হল এক বিপুল পৰিমাণৰ মানৱ আৰু সাংস্কৃতিক সম্পদ আমি হেৰুৱাম৷ হাজাৰ-বিজাৰ বছৰৰ সাধনা আৰু শ্ৰমৰ পিছত এটা পূৰ্ণ পৰ্যায়ৰ ভাষাৰ জন্ম হয় আৰু এটা ভাষাৰ মৃত্যু হবলৈ দিয়াটো আমাৰ পূৰ্বপুৰুষৰ প্ৰতি এটা ঘোৰ অন্যাায়৷ “

বিভিন্ন সংস্কৃতিৰ বিভিন্ন জাতি-উপজাতি, জনগোষ্ঠীৰ সৈতে কথোপকথন আৰু বিচাৰ-বিমৰ্ষৰ পিছত ডেভিয়ে উপলব্ধি কৰিলে যে এটা ভাষাৰ সংজ্ঞা কেৱল যোগাযোগ অথবা ভাৱ আদান-প্ৰদানৰ মাধ্যমৰ মাজতে সীমিত নহয়৷ এইবিলাকৰ বাহিৰেও ভাষাই ধৰ্মজ্ঞান, ধীশক্তি আৰু চিন্তাশক্তিত প্ৰভাৱ পেলায়৷

“একাধিক ভাষা কব পাৰিলে ই মানুহৰ বুদ্ধিমত্তাত প্ৰভাৱ পেলাই নেকি? “ কোনোৱে প্ৰশ্ন কৰিলে৷

“নেপেলাই যদি কোনোৱে ১১/১২ বছৰ বয়সৰ পিছত বেলেগ ভাষা শিকিবলৈ লয়৷ কিন্ত১১ বছৰ বয়সৰলৈকে নাবালাকৰ মগজু ইমানেই শক্তিশালী হৈ থাকে যে ই বিভিন্ন
জ্ঞান আহৰণৰ পদ্ধতি বিকাশ কৰি লয়, শিশোৱে অতি সহজে এটা ভাষাৰ পৰা অন্য৷ এটা ভাষালৈ নিজৰ চিন্তাশক্তি বদলি কৰিব পাৰে, ইয়ে মানসিক কাৰ্যক্ষমতা ও বৃদ্ধি কৰে৷ আনহাতে, ১১/১২ বছৰৰ পাছত বেলেগ ভাষা শিকিবলৈ চেষ্টা কৰিলেও ই মানসিক কাৰ্যক্ষমতা বৃদ্ধি নকৰে, বৰঞ্চ স্মৃতিশক্তিত অধিক বোজাহে দিয়ে৷ “—-ডেভিয়ে উত্তৰ দিয়ে৷

জন্মৰ পৰা ১১/১২ বছৰলৈকে এইখিনি সময়তে শিশোৱে বিমূৰ্ত ধাৰণা বিলাকৰ বিষয়ে যথেষ্ট পৰিমাণে জ্ঞান আহৰণ কৰি লয় যেনে: আকৃতি, আয়তন, দুৰত্ব, জোট, পাৰ্থক্য, সাদৃশ্য ইত্যাদি৷ আৰু এই উৰ্বৰ সময়খিনিতে একাধিক ভাষা শিকিবলৈ ললে মগজুৰ কাৰ্য্যক্ষমতা বৃদ্ধি পায়৷

এক সমীক্ষাত প্ৰকাশ অনুসৰি একাধিক ভাষা জনা ব্যক্তিসকল এটা ভাষা জনা ব্যক্তিসকলতকৈ অধিক জ্ঞানী আৰু স্থিৰ মস্তিষ্কৰ হয় আৰু বহু ক্ষেত্ৰত একাধিক ভাষা জনা মানুহৰ মাজত হিংসাত্মক ঘটনা তুলনামূলকভাৱে কম দেখা যায়৷

চিন্তাশক্তি হৈছে ভাষাগত৷ অৱশ্যস চিন্তাতকৈও প্ৰাৰম্ভিক পৰ্যায়ৰ কিছুমান মানসিক সক্ৰিয়তা থাকে৷ কিন্তু যাক আমি প্ৰকৃততে চিন্তা বুলি কও সেয়া সম্পূৰ্ণ ভাষাগত৷ উপলব্ধি হল ভাষাৰ প্ৰাৰম্ভিক ক্ৰিয়া আৰু চেতনা হল তাৰ পিছৰ ক্ৰিয়া৷ কিন্তু চিন্তাশক্তি সম্পূৰ্ণৰূপে ভাষাগত৷

আমাৰ অসমীয়া ভাষাটোও যে মৃত্যুমুখী, সেয়া আমি অস্বীকাৰ কৰিব নোৱাৰো৷ বহুতো অসমীয়া শব্দ সময়ৰ লগে লগে ব্যনৱহাৰ আৰু চৰ্চাৰ অভাৱত হেৰুৱাই পেলাইছো৷ উদাহৰণস্বৰূপে: – আজিকালি ’এতেকে’ আৰু ’গতিকে’ ৰ পৰিৱৰ্তে চ’ আৰু ত’ ব্যৱহাৰ কৰা যায়৷ ই আমাৰ ভাষাটোৰ বাবে নিসন্দেহে এক ভয়ানক ইংগিত৷ গতিকে সময় থাকোতেই যদি উচিত ব্যৱস্থা গ্ৰহণ কৰা নহয়, যদি নৱ প্ৰজন্মক ভাষাটোৰ প্ৰতি আকৃষ্ট কৰিবলৈ চেষ্টা কৰা নহয় তেন্তে অতি সোনকালে অসমীয়া ভাষাৰ মৃত্যু নিশ্চিত৷

■■■

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!