ভাৰত মাতা কি জয় (মেৰিলিন দত্ত)
স্নেপ ১
বাঁহৰ বেৰিকেডৰ কাষত এজাক ভোকাতুৰ শিশু পুৱাৰ পৰা থিয় হৈ আছে ! টিকা ফটা ৰ’দ ! অলপ পাচত মন্ত্ৰী মহোদয় আহিব ! পতাকা উত্তোলন কৰিব !উন্নতিৰ ভাষণৰ পাচত বিতৰণ কৰিব সুস্বাদ্য মিঠাইৰ পেকেট ! তাৰে এটা খায় বাকীকেইটা লৈ যাব মাক , ভনীয়েকৰ বাবে !
স্নেপ ২
মোৰ চুবুৰীৰে এটা ল’ৰা ৷ ল’ৰাজন অবিবাহিত ! মাকে তাৰ বিয়াৰ কথা চিন্তা কৰা নাই ! বোলে ৩/৪ বছৰমান ৰহ ! ত্ৰিশটো সোমাওঁক ! ল’ৰাজন প্ৰায়েই বাহিৰত থাকে, প্ৰায়ে বাহিৰতে খায় ! হোটেলত ! আজি পুৱাৰ পৰা তাৰ অলপ জ্বৰ ! ৰান্ধিবলৈ দেহে নাটানে ! নিজেই ৰান্ধি বাঢ়ি খোৱাটো কিমান বিড়ম্বণা জনায়ে জানে ! ল’ৰাটো বাইকখন লৈ ওলাইগ’ল হোটেলতে কিবা এটা খাওঁ বুলি ! কিন্তু দোকান পোহাৰ সকলো বন্ধ ! এতিয়া ৰুমতে সোমাই লঘোণীয়া পেটেৰে স্বর্গদেউসকলৰ বিকাশৰ ভাষণ চাই আছে !
পিৰালিত বহি উচুপে আই
শিলক পূজা নকৰাৰ অপৰাধত ৰাজপথত
নাঙঠ কৰি ফাঁচি দিয়ে মোক
স্বাধীনতা আজিও মোৰ বাবে এডাল শিকলি ৷