ভুল (ধ্রুৱজ্যোতি শর্মা)


ভুল
ধ্রুৱজ্যোতি শর্মা

সময়ৰ তাগিদাত সলনি হৈ যায় কিছুমান কথা
সঁচাবোৰ হৈ পৰে মিছা
আৰু সেই একেটা কথাই হৈ পৰে এক ডাঙৰ ভুল |
অন্তৰংগতাৰ কোলাহলত কেতিয়াবা নিৰৱ হয় বিবেক
সান্নিধ্যবোৰ হৈ পৰে আনন্দময়
পিছলৈ সেইবোৰেই হৈ পৰে নষ্টালজিয়া
নষ্টালজিক সেই আনন্দবোৰেই এদিন হৈ পৰে আন এক ভুল |
প্ৰেমৰ উন্মাদনাত ভাবনাবোৰ হৈ পৰে সপোন
সপোনবোৰ হয় লক্ষ্য
আৰু এৰি অহাৰ পিছত প্ৰেমৰ সমৃদ্ধ চহৰ
লক্ষ্যবোৰ ভাঙি হৈ পৰে একো-একোটা ভুল |
পাৰ ভঙা প্ৰেমৰ সুধা বিচাৰি
ঘূৰ্মুটিয়াব লগা হয় যেতিয়া অতীতৰ বুকুত
তেতিয়াই ভাঙি যায় বুকুখন
মৰমবোৰ হৈ পৰে বেদনা
আৰু বেদনাৰ লগত বৈ আহে ভুলবোৰ |
তেনেবোৰ ভুল এৰি চলাই ভাল
যাৰ শুধৰণিয়ে গুচাব নোৱাৰে আত্মগ্লানি |
ভুলৰ বোকোচাত দহি দহি বিচৰাতকৈ ভুলৰ সংজ্ঞা
মৰহি যাব দিয়াই ভাল তেনেবোৰ ভুল |
ভুল হৈ থাকিব দিয়াই ভুলবোৰ
সেই ভুলৰ লগতেই এদিন বৈ আহিব অনুভৱৰ নিজৰা
পৰিচয় কৰাবহি অনুভূতিৰ লগত
ভুলেই দি যাব ভুলৰ সংজ্ঞা….. ||
 
 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!