ভূপেন্দ্ৰ শইকীয়াৰ ৰসৰ ভৰাল (ডা০ ভূপেন্দ্ৰ শইকীয়া)

বিস্ময় বাৰ্তা !

চেন্ট্ৰেল আফ্ৰিকান ৰিপাব্লিকৰ ৰাজধানী বেংগুইৰ পৰা এটা খবৰ আহিছে ৷
দেশখনৰ ৰাষ্ট্ৰপতিৰ পুত্ৰ কেবিন বোজিজিয়ে ১৫হেজাৰ ডলাৰৰ হোটেলৰ বিল নিদিয়াকৈ আছিল৷
ৰাষ্ট্ৰপতি ফ্ৰেংকইচ বোজিজিয়ে নিজ পুত্ৰক এই দুৰ্নীতিৰ বাবে ততালিকে গ্ৰেপ্তাৰৰ নিৰ্দেশ দিয়াত ৰাষ্ট্ৰপতিৰ পুত্ৰই যোৱা এসপ্তাহে কাৰাগাৰৰ ভাত খাই আছে৷

তেওঁ হোনো সকলো স্তৰতে দুৰ্নীতিৰ অন্ত পেলাব ৷

* ভাৰতৰ নেতাসকলৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া : এনে নিৰ্দয়ী পিতাক ধিক্কাৰ,
মানুহটো ৰাষ্ট্ৰপতি হৈ থকাৰ লায়ক নহয়৷
ভাৰতত কমেও এমাহ প্ৰেক্টিকেল ট্ৰেইনিং দিলেহে লাইনত আহিব

**********************************************

চুঙা চাই সোপা !

এখন ইউ এন অ’ এখন মিটিঙত পাকিস্তানৰ মন্ত্ৰী এজনে আফগানিস্থানৰ মন্ত্ৰী
এজনৰ লগত চিনাকি হৈ আশ্চৰ্য্য প্ৰকাশ কৰি কলে –
আপুনি দেশত সাগৰ নোহোৱাকৈ কেনেকৈ বন্দৰ আৰু জল পৰিবহন বিভাগৰ মন্ত্ৰী হ’ল ?

আফগানিস্থানৰ মন্ত্ৰীয়ে উত্তৰ দিলে –
যেনেকৈ আপুনি পাকিস্তানৰ আইন-শৃঙ্খলা বিভাগৰ মন্ত্ৰী হ’ল !

*(বন্ধু জয়দীপ পাণ্ডেৰ পৰা শুনা)

***************************************

হাঁহিৰে আৰম্ভ কৰক দিনটো

আইতাকৰ ৯০বছৰীয়া জন্মদিনত নবীনে আইতাকক কি উপহাৰ দিলে জানেনে ?
আইতাকে নবীনৰ কুৰি বছৰীয়া জন্মদিনত উপহাৰ দিছিল এখন ‘নীতি শিক্ষাৰ কিতাপ’ !
তেতিয়াৰ পৰা নবীনে “বদলা” লোৱাৰ প্ৰতীক্ষাত আছিল !

তাৰ কামত নহা উপহাৰৰ বিপৰীতে সিও আইতাকক দিলে এটা ‘ফুটবল’ !!

নবীনৰ মতে প্ৰকৃত “আশাবাদী” লোক সেইজন যি পৰীক্ষা হলত বহি
হাতত প্ৰশ্নকাকত পৰাৰ পাচতো ভাবিব পাৰে – আজিৰ পৰীক্ষাটো বাতিল হব !

************************************************

সঁচানে মিছা কওঁক ?

অবামা আৰু মনমোহনৰ মাজত আলোচনাত এবাৰ মন্নুভায়ে কলেঃ

– পাকিস্থানৰ লগতে মল্লিকা শ্বেৰাৱট আৰু চানী লিয়’নক
বম দি উৰুৱাই দিবৰ মন যায়৷
নবীন আৰু থুলুকে একেলগে মাত লগালে – তাহাঁত দুজনীক কিয় ?
মন্নুভায়ে মাত লগালে – চাওক অবামা,  দেড় কোটি পাকিস্থানীৰ জীৱনৰ কথা কোনেও নকয় !

 

************************************

 

বেচেৰা ৰাৱণৰ বিড়ম্বনা !

কথাবোৰ দহটা মূৰৰে ভাবি ভাবি
ৰাৱণৰ একেবাৰে গোটেই গাটোৱেই গৰম উঠি গ’ল :
মই কুৰিটা চকুৰে এজনী সীতাক কেঁৰাকৈ চাওঁতেই জগৰ লাগিল  । আৰু এই ভূ-ভাৰতৰ নৰ-মনিচবোৰে তাঁহাতৰ দুটা চকুৰে  পাৰিলে হাজাৰজনীক বেলেগ দৃষ্টিৰে চালেও একো নহয় ! আৰু এই বিভীষণটোৱে কয় মই ৰামৰ ওচৰত মাফ খুজিব লাগে৷  দহখনৰ কোনখন মুখেৰেনো মাফ খুজোঁ ?

********************************

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!