ভূমিস্খলন ৰোধক কেজুৰিনা গছৰ ৰোপণ – -ৰাজেন পূজাৰী

অসম চৰকাৰৰ সামাজিক বনানিকৰণ বিভাগে ৰেইন ফৰেষ্ট ৰিচাৰ্ছ প্ৰতিষ্ঠানৰ সহযোগত কেজুৰিণা নামৰ ঝাও গছৰ দৰে এবিধ গছৰ সঁচ তামিলনাডুৰ পৰা আনি অসমৰ নদীপৰীয়া চৰ এলেকাত পৰীক্ষামূলকভাৱে ৰোপণ কৰিছে৷ গছবিধৰ গুটি আনি ৰেইন ফৰেষ্ট বিভাগে বোকাখাতৰ পানবাৰীত পুলি গজাইছে৷ কেজুৰিনাৰ শিপা বহুত তললৈ যায়৷ অসমত ইয়াৰ পুলি ৰোপণত সফল হ’লে মথাউৰি সুৰক্ষা আৰু নদীৰ খহনীয়া প্ৰতিৰোধত লগোৱা হ’ব৷ মথাউৰিৰ কাষত আৰু নদীৰ গড়াত গছবিধ ৰোপণ কৰা হ’ব৷ গোলাঘাট জিলাৰ নাককাতি চাপৰিত যোৱা বছৰৰ পৰা ৭০ বিঘা মাটি অধিগ্ৰহণ কৰি আজাৰ, চিচুঁ, বৰুণ, কেজুৰিনা গছৰ পুলি ৰোপণ কৰি থকা হৈছে৷ ইয়াৰে ৩০ বিঘা মাটিত কেজুৰিনা পুলি লগাবৰ বাবে ৰাখিছে৷ ইতিমধ্যে ১৫০০ এই গছৰ পুলি ৰোৱা হৈছে৷ কিচুমান পুলি মৰি গৈছে বুলিও জনা গৈছে৷ পুলি হিচাপতকৈ বেছি ওখ হোৱা বাবেই শুকাই যোৱাৰ কাৰণ৷ চাপৰ অৱস্থাত মৰাৰ আশংকা কম৷ এই আঁচনিখনৰ দায়িত্বত আছে নিষ্ঠাৱান বন বিষয়া ৰূপম শৰ্মা৷

‌দেৰগাঁও খণ্ড সামাজিক বনানিকৰণ কাৰ্যালয়ৰ নাৰ্চাৰীখনৰ পৰা অঞ্চলটোত বৃক্ষৰোপণৰ বাবে প্ৰয়োজনীয় পুলি যোগান ধৰা হয়৷ নাৰ্চাৰীখনত বহু জাতৰ কেইবাহাজাৰ পুলি আছে৷ কেইবাজনো কৰ্মীয়ে নাৰ্চাৰীত কাম কৰে৷ শ্ৰী শৰ্মা ইয়াৰ ভাৰপ্ৰাপ্ত বিষয়া৷ যোৱা কেইবাবছৰৰ পৰা আমি গছপুলি তাৰ পৰাই আনো৷ এই বছৰো গছপুলি আনিছোঁ বিদ্যালয়ৰ ইক’ ক্লাৱৰ বাবে৷ আমাৰ বিদ্যালয়ত গছ ৰুবলৈ ঠাই নাই বাবে ছাত্ৰ-ছাত্ৰীৰ মাজত নিজ নিজ গৃহত ৰুবলৈ অভিভাৱকৰ উপস্থিতিত গছপুলি বিতৰণ কৰিছিলোঁ৷ এনেধৰণেৰে কৰা ৰোপণ ফলৱতী হৈছে৷ বহু অভিভাৱকে যোৱা বছৰ ৰোৱা গছপুলি বহুত ওখ হৈছে বুলি জনাইছে৷ এই বছৰো অভিভাৱকক গছপুলি বিতৰণ কৰিম৷

‌পৰিৱেশ দিৱসত ৰাজহুৱা স্থানত ৰোপণ কৰা গছৰ উপযুক্ত আপডালৰ অভাৱত মৃত্যু হয়৷ ২০১১ চনৰ অসম সাহিত্য সভাৰ দেৰগাঁও অধিৱেশনথলীত ৰোপণ কৰা গছজোপাৰ অস্তিত্বই নাথাকিল৷ কিন্তু ব্যক্তিগত ঘৰৰ চৌহদত ৰোৱা পুলিৰ আপডাল থাকে৷

‌অলপতে অৰণ্যমানৱ যাদৱ পায়েঙে তলৰ ঘাঁহ-বন মাৰি পৰিৱেশত বিৰূপ প্ৰভাৱ পেলোৱা বাবে চেগুন ৰোপণ চৰকাৰীভাৱে নিষেধ কৰা বতৰা আমাক দিলে৷ ‌পৃথিৱীখন প্ৰদূষণমুক্ত সুন্দৰ কৰি তুলিবলৈ হ’লে ব্যাপক বৃক্ষৰোপণ হ’ব লাগিব৷ গছক ভাল পাব লাগিব৷ গছৰ উপযুক্ত তত্ত্বাৱধান ল’ব লাগিব৷ গছ থাকিলেহে মানুহ থাকিব৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!