ভেনিচ অৱ দি ইষ্ট (প্রণীতা বৰুৱা)

কিমান আৰু বেলেগৰ তলত কাম কৰিম। ৰাতিপুৱা উঠিয়েই দৌৰ মাৰিব লাগে, ভালকৈ শুবও নাপাওঁ। বহু দিনৰ পৰা ভাবি আছিলোঁ নিজাববীয়াকৈ কিবা এটা কৰিব পৰাহেঁতেন, সম্পূৰ্ণ স্বাধীন ভাৱে। ভাবিয়ে আছো উপায় হ’লে একো ওলোৱা নাই (খাৰ খোৱা অসমীয়া তো অলপ সেয়ে টাইম লাগে)। আমাৰ দেশৰ ডাঙৰডাঙৰ নেতা মন্ত্ৰী সকলে উদ্যোগীকৰণৰ নতুন নীতি নিয়ম শিকিবলৈ বিদেশলৈ যায়। আমাৰ নিচিনা নৰ মনিচবিলাকেতো আৰু যাব নোৱাৰোঁ গতিকে তেওঁলোকে ফুৰি আহি দিয়া ভাষণ বোৰকে শুনি আছো, কিবা এটা নতুন আইডিয়া পাৱেই নেকি বিজনেচকৰিবলৈ।

গতিকে দিনে ৰাতি এইকেইদিন আইডিয়াৰ কথাকেই ভাবি আছো। ঘৰৰ গৰাকীয়ে কয় তুমি চোন আজিকালি ল’ৰা ছোৱালী কেইটালৈ মন কাণ নিদিয়া হ’লা। বোলো ল’ৰা ছোৱালীৰ দায়িত্ব অকল মোৰেই নেকি? মোৰ বিজনেচটো সফল হ’লে যে মোতকৈ বেছি তেওঁৰেই লাভ হব ক’তনো বুজিব, মতা মানুহ হে । সোনকালে কিবা এটা আৰম্ভ নকৰিলে বাৰিষা আহিলে দিগদাৰী হব। বাৰিষাৰ কথা মনলৈ আহোঁতেই হঠাৎ এটা আইডিয়া আহিল। কেইদিন মান পিছতে গুৱাহাটী আকৌ কৃত্ৰিম বানপানীত বুৰ যাব। আমাৰ এজন মন্ত্ৰীয়ে কলগছ ৰোৱাৰ কথা কৈছিল নহয়। মোৰ বিজনেচটো বানপানী ৰিলেটেদটুৰিজিমবিজনেচ। পেকেজ টোৰ নাম হব “Explore Venice of the East” । কলগছ কাটি কাটি কিছুমান আহল বহল ভূৰ সজা হব, চাৰি পাঁচ জন মান মানুহ আৰামত বহিব পৰাকৈ। ভূৰৰ ওপৰত ৰং বিৰঙৰ চন্দ্ৰতাপ থাকিব আৰু চাপৰকৈ বাহৰ ৰেলিঙো থাকিব আৰু বহিবলৈ পাতলকৈ কোমল গাদী। সেইযে কাশ্মীৰৰ ডাল লেকত থকা চিকাৰাৰ দৰে! লগতে কিছুমান ভূৰ আকৌ ‘অনলি ফৰ শ্ৱো’ মানে কিছুমান লোকেল মানুহে লোকেল সামগ্ৰী যেনে ধৰক লাওপানী, সাজপানী, বাঁহৰ চুঙাৰ দৈ ইত্যাদি লৈ ঘুৰি ফুৰিব। পৰ্যটকে কিনিব পাৰিব আৰু লগতে অতিৰিক্ত ২০/৩০ টকাৰ বিনিময়ত ফটো উঠাবও পাৰিব (সঠিক ৰেটটো পিছত ঠিক কৰা হ’ব)।

সদ্যহতে এবাৰত এঘণ্টাকৈ ঘুৰোৱা হব। এই এঘণ্টাত আমি পৰ্যটকক গুৱাহাটীৰ দুখীয়া আৰু ধনী শ্ৰেণীৰ মানুহৰ দৈনন্দিন জীৱন ধাৰণৰ এটা থুলমূল আভাস দিবলৈ চেষ্টা কৰিম। যিহেতু ভূৰেৰে যেনি তেনি যাবলৈ সুবিধা এই দুই শ্ৰেণী মানুহৰ ঘৰৰ আগফাল আৰু পিছফাল দুয়োটাই দেখুৱা হ’ব। এই বিজনেচ টোত মেইন টাৰ্গেট হিচাপে বিদেশী পৰ্যটকক অগ্ৰাধিকাৰ দিয়া হ’ব। বিদেশী পৰ্যটকে মুম্বাই চহৰৰ শ্লাম এৰিয়া চাবলৈ যায়। ইয়াত তেওঁলোকে ভূৰ যাত্ৰাৰ জৰিয়তে আৰু ওচৰৰ পৰা ঠাইবোৰ নিৰীক্ষণ কৰিব পাৰিব। হয়তো এনেকুৱা বিতোপন দৃশ্য দেখি তেওঁলোকৰ আমাক লৈ চিনেমা কৰিবলৈও মন যাব পাৰে আৰু তেনেকুৱা হ’লে আমাৰ বিজনেচ আন্তৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিব।

আমাৰ এই বিজনেচ টোৰ পৰা কেবাটাও চাইদবিজনেচো ওলাব যেনে ধৰক খাদ্য সামগ্ৰীৰ যোগান, ভূৰ সজা, কলগছ ৰোৱাৰ পৰা ভূৰখন সাজি উলিওৱা লৈকে বিভিন্ন মধ্যভোগী দালাল ইত্যাদি। গতিকে এই বিজনেচে অলপ হলেও নিবনুৱা সমস্যা দূৰ কৰিব। অৱশ্যে এইটো বাৰমাহেই চলা বিজনেচ নহ’ব মানে চিজনেলবিজনেচ হ’ব। পিচে তাৰ পৰা এটা লাভো হব, সেয়ে সেইকেইদিনতে যিমান পাৰি পকেট গৰম কৰি বাকী কেইটা দিন মস্তি মাৰি শুই থাকিব পৰা যাব। গতিকে সকলোৱে যেন মোৰ এই বিজনেচটো আৰম্ভ কৰিবলৈ সহায় সহযোগিতা আগবঢ়ায়। আৰু লগতে সকলোকে অকণো পলম নকৰাকৈ কলগছ ৰুবলৈ অনুৰোধ কৰিলোঁ ।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!