ভোগালিৰ সুৰ (হৃষীৰাজ শর্মা)

ভোগালিৰ সুৰ (হৃষীৰাজ শর্মা)
ভোগালি মানেই মনে নামানা কিছু আত্মকথা
এৰি থৈ অহা বহুতো সাধুকথা,
ভোগালি মানেই উছৱৰ বতৰ
আকাংক্ষাৰ লহৰ,
মনৰ সুৰত সুৰ মিলাই
সাৰ পাব খোজা চেঁচা প্ৰহৰ |
ভোগালি আহিলেই পুতুকণৰ উলাহ চৰে
আঘোণীৰো মন উৰোঁ উৰোঁ,
বছৰেকত পয়েৰাকে এবাৰেই যে হাঁহে |
ভোগালি মানেই বিধ্বংসী মৰণপণ
ভোগেৰেই আৰম্ভণী,ভোগতেই সমৰ্পণ |
ভোগালি মানেই মাজনিশাৰ অস্বস্তি
তেজৰ বানত নিঃশব্দ নব্বৈৰ নলবাৰী|
ভোগালি মানেই আশ্বাস,বিশ্বাস
অসমৰ বুকুত প্ৰতিশ্ৰুতিৰ নিশ্বাস |
ভোগালি মানেই বেদনাৰ অন্ত
অপেক্ষাৰ বন্দনা ইমানতে সমাপ্ত |
ভোগালিতেই আইৰ আঁচল চকুলোত তিতিছে
পোনাকণে হাবি এৰি ঘৰলৈ উভতিছে |
 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!