ভোগালীৰ তিনিটা স্নেপশ্বট ( প্ৰাণজিৎ বৰুৱা )

Magh Bihu festival in Morigaon

স্নেপশ্বট (১)

মোৰ বাবে কি ভোগালী  , কি কঙালী !
বৰ দুখেৰে ক’লে তাই ,
তাই কোন ?
তাই
আমাৰ ঘৰৰ কাম কৰা বাই!

স্নেপশ্বট (২)

বছৰৰ বিহু , হেৰা কিবা এটা কৰোঁ !
এইবাৰ বাকী কেইদিন অলপ টানকৈ চলিবা দিয়া ,

চালানী হলেওঁ ৰৌ এটাকে আনোঁ ,
ভোগালীৰ দিনা দৰমহা নহ’ল বুলি
কঙালীক  পুনৰ
আকৌ মাতিব পাৰি জানো !

স্নেপ শ্বট(৩)

“মা, লোকেল মুৰ্গী খাম ”
দেউতাই তেনেতে ক’লে ,
“কিয় খাহী নোখোৱা ?”
মাই ক’লে পাৰিলে ভকুৱা এটাও আনিবা !

আচলতে তিনিজন মানুহৰ বাবে
সকলোবোৰৰ নাছিলেই প্ৰয়োজন ,
কিন্তু এইয়াই বোলে
সম্ভ্ৰান্তৰ ভোগালীক আদৰাৰ ব্যাপক আয়োজন!

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!