ভোট জলকীয়া–ভদকা ককটেইল (অৰুণাভ গগৈ)

[ ** বিধিসন্মত সতৰ্কীকৰণ:  সুৰাপান স্বাস্থ্যৰ পক্ষে হানিকাৰক। সুৰা আদি পিবলৈ হ’লে সদায় “ড্ৰিংকিং লাইচেন্স” লগত ৰাখিবলৈ নাপাহৰিব। সুৰাপানৰ বিধিসন্মত বয়স নোহোৱাকৈ আৰু  “ড্ৰিংকিং লাইচেন্স” অবিহনে সুৰাপান আইনমতে দণ্ডনীয়।]

লাগতিয়াল সামগ্ৰী:
• ৭৫ মি:লি: ভদকা ( যিকোনো ব্ৰেণ্ডৰ ল’ব পাৰি)
• ২৫০ মি:লি: টনিক ৱাটাৰ।
• দুই চামুচ লাইম ক’ৰ্ডিয়েল ( Lime Cordial) বা গোল নেমুৰ ৰস ।
• ১/২ ইঞ্চি মান ভোট জলকীয়া। একেবাৰে সৰু সৰু আৰু মিহি মিহিকৈ কাটি ল’ব।
• দুখিলামান পদিনাৰ পাত।
• এডোখৰ নেমু।
• এক চিকুটমান ক’লা নিমখ।
• দুইডোখৰমান বৰফ।
• এক চাহ চামুচ (One teaspoon) নিমখ (গিলাছৰ ওপৰত লগাবৰ বাবে)।

প্ৰণালী: প্ৰথমতে এই পানীয়বিধ পৰিবেশন কৰিবৰ বাবে গিলাছটো সাজু কৰি লওক। গিলাছটোৰ মুখত (rim) নেমু টুকুৰা ঘঁহি লওক যাতে নেমুৰ ৰসত মুখখন অলপ তিতি যায়। নিমখখিনি এখন প্লে’টৰ ওপৰত ছটিয়াই লওক। এতিয়া গিলাছটো উভতাই লৈ তাৰ তিতি থকা মুখখন নিমখ ছটিয়াই থোৱা প্লে’টখনৰ ওপৰত আলফুলকৈ ঘঁহাই দিয়ক যাতে নিমখৰ দানাবিলাক গিলাছৰ মুখত লাগি ধৰে। নিমখ লগোৱা গিলাছটো এতিয়া আমাৰ পানীয় পৰিবেশন কৰিবৰ বাবে সাজু।

এতিয়া ককটেইল মিক্সাৰ এটা লৈ প্ৰথমতে বৰফ কেইডোখৰ তাৰ ভিতৰত ঢালক (ককটেইল মিক্সাৰ নহ’লে এটা ডাঙৰ গিলাছ লৈয়ে কাম চলাব পাৰি)। পদিনাৰ পাতকেইখিলা হাতেৰে মোহাৰি বা অলপ থেতেলি লৈ বৰফৰ লগত যোগ দিয়ক। তাৰ পিছ বৰফ আৰু পদিনাৰ পাতৰ ওপৰত ভদকাখিনি ঢালি দিয়ক। ভদকা ঢলাৰ পিছত তাত ক’ৰ্ডিয়েল বা নেমুৰ ৰস বাকি দিয়ক। এতিয়া মিহিকৈ কাটি থোৱা ভোট জলকীয়াৰ টুকুৰাবোৰ আৰু একেবাৰে নামমাত্ৰ ক’লা নিমখ অলপ মিশ্ৰণৰ ভিতৰত ছটিয়াই দিয়ক। সদৌ শেষত টনিক ৱাটাৰখিনি এই মিস্ৰ্ণটোত বাকি দিয়ক। তাৰ পিচত মিক্সাৰ টোৰ সাফৰখন মাৰি হাতেৰে জোকাৰি জোকাৰি গোটেইখিনি সামগ্ৰী ভালকৈ মিহলাই লওক। মিহলি হৈ যোৱা পানীয়ৰ মিশ্ৰণটো এতিয়া আগতে সাজু কৰি ৰখা গিলাছটোত ঢালি দিয়ক। নেমু এচকল গিলাছৰ মুখত লগাই এতিয়া এই অগতানুগতিক ভোট জলকীয়া–ভদকা ককটেইলটো পৰিবেশন কৰক আৰু এক সুকীয়া সোৱাদৰ আমেজ লওক।।

 

 

————————————————————-
সাহিত্য.অৰ্গৰ “খাদ্য-বিশেষ” সংখ্যাৰ লগত সংগতি ৰাখি নিজৰ স্বাস্থ্য সুৰক্ষাৰ লগতে তথা দেশৰ আইন-কানুন ভংগ নহ’বলৈ তলৰ কথা কেইষাৰ বিধিসন্মত সতৰ্কীকৰণ হিচাপে অনুগ্ৰহ কৰি মন কৰিব।

 

** সুৰাপান স্বাস্থ্যৰ পক্ষে হানিকাৰক। সুৰা আদি পিবলৈ হ’লে সদায় “ড্ৰিংকিং লাইচেন্স” লগত ৰাখিবলৈ নাপাহৰিব। সুৰা পানৰ বিধিসন্মত বয়স নোহোৱাকৈ আৰু  “ড্ৰিংকিং লাইচেন্স” অবিহনে সুৰাপান আইনমতে দণ্ডনীয়।

ছাগলী কিনোঁতে খাদ্য-পৰিদৰ্শকৰ মোহৰ মৰা আছে নে চাই ল’ব। গাহৰি কিনোঁতেও একেদৰে খাদ্য-পৰিদৰ্শকৰ মোহৰ চোৱাটো আৱশ্যক। লগতে বয়সটোও। লাইচেন্স নথকা দোকানৰপৰা মাংসাহাৰ একো নিকিনিব।   দোকানৰ পৰা ৰিচিপি ৰান্ধিবলৈ কিনা যিকোনো বস্তুৰ বাবেই কেশ্ব-মেমো বিচাৰিব। ইয়াৰ অন্যথা আপুনি কোনো ৰিচিপিৰ বাবে বস্তু যোগাৰ কৰোঁতেই বিভিন্ন আইন ভংগ কৰা হয়, সেয়ে সম্পাদকৰ ফালৰপৰা এই বিধিসন্মত সতৰ্কীকৰণ যোগ কৰি দিয়া হ’ল।

এই ৰিচিপিবোৰ চেষ্টা কৰিবলৈ গৈ কোনো ব্যক্তি আইনমতে দোষী সাব্যস্ত হ’লে তাৰ বাবে সাহিত্য.অৰ্গক দায়বদ্ধ কৰিব নোৱাৰিব।
—————————————————————

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!