ভয় (বন্দিতা গগৈ বৰা)
অফিচ ছুটীৰ সময়তে মেচেজটো পালোঁ৪! দৰমহা সোমাল! বাহিৰে বাহিৰে বজাৰলৈ পোনালোঁ! কাইলৈ ঘৰলৈ যাম। মা, বৌহঁতলৈ পূজা বুলি কিবাকিবি দুটামান কিনি নিও!
বজাৰত ঘূৰি ঘূৰি ইটো সিটো কিনোঁতে গধূলি হ’ল! লৰালৰিকৈ ৰিক্সা এখন লৈ ভাৰা ঘৰলৈ ধাপলি মেলিলোঁ৷
গেটৰ মুখত নামোতে মন কৰিলোঁ মালিকৰ ঘৰ-চোতাল আন্ধাৰত ডুব গৈ আছে৷ ছেহ! ! এতিয়াহে মনলৈ আহিল, পুৱাই মালিকনী খুৰীয়ে গোটেই পৰিয়ালসহ বিয়া খাবলৈ যাম বুলি কৈছিল! আজি ৰাতি থাকি পুৱাই পাবহি!
ৰিক্সাৱালাক ভাৰাটো দি মই মালিকৰ চোতালখন পাৰ হৈ মোৰ ৰুমলৈ বুলি অগ্ৰসৰ হৈছোহে মালিকৰ ঘৰ আৰু মোৰ ৰুমৰ মাজত থকা ডাঙৰ আমজোপাৰ কাষৰ পৰা চাৰিটা ছায়ামূৰ্তি মোৰ ফালে আগুৱাই আহিল! হৃদযন্ত্ৰটোৰ শব্দ নিজেই শুনা পালোঁ, ডিঙিটো শুকাই গল! !
“কোন? কোন?“ বুলি কৈ খৰধৰকৈ বাৰাণ্ডাত উঠি লাইটটো জ্বলাই দিওঁ ভাবিছোহে, এটাই চোন মোক ঠেলি যোৱা দি আগুৱাই গৈ বাৰাণ্ডাত উঠিল! !
মুহূৰ্ততে মোৰ মনলৈ অনেক চিন্তা আহিল, কি মতলব ইহঁতৰ? ? ডিঙিৰ সোণৰ চেইনডাল আজি কিহে পাইছিল পিন্ধিবলৈ, গোটেই দৰমহাটো নো কি কৰিবলৈ উলিয়াই আনিলোঁ, মবাইলটো কিনা আজি এসপ্তাহ হৈছে মাত্ৰ, ভয়ত মুৰটো ঘূৰাই গল! !
এনতে মোক দেওদি বাৰাণ্ডাত উঠাটোৱে বাৰান্দাৰ লাইটটো জ্বলাই দিলে! চকু চাৎমৰা পোহৰে গোটেই চোতালখন জিলিকাই পেলালে!
মোৰ মুখৰ ফালে হাঁহি হাঁহি চাই ৰৈ আছে, গলিটোৰ মুখৰ ক্লাৱটোত সদায়ে দেখি থকা পিলিঙা চাৰিটা! !
““বাইদেউ পূজাৰ চান্দাটো নিবলৈ আহিলোঁ, আজি মাতিছিল আমাক! ! ““
তেতিয়াহে মনলৈ আহিল আজি দৰমহা হ’ব জানি ইহঁতক আহিবলৈ কৈছিলোঁ! ! ক্লাবত সদায়ে পতাৰ দৰেই এইবাৰো দুৰ্গা পূজা পাতিছে৷ নিমিষতে ভয়টো উৰি গ’ল৷ মনটো ভাল লাগিল, আৰু ভাল চান্দা এটা দি দিলোঁ! !
যাওঁতে সিহঁত কেইটাই কৈ গল, “মালিকহঁত নাই যদিও ভয় নকৰিব বাইদেউ, আমি পূজাৰ পেণ্ডেলৰ কাম আজি গোটেই ৰাতি কৰি থাকিম, এইফালে অহা-যোৱা কৰি থাকিম, আপুনি ভয় নকৰিব!!“
এৰা, এতিয়া আৰু মোৰ ভয় কৰিবলৈ একো নাই, ভাইটিহঁত আছেই!! ভয়ৰ ঠাইত মনটো পূজা পূজাহে লাগিল!!