মংগল গ্ৰহ আৰু পানীৰ অস্তিত্ব – পংকজ বৰুৱা

 মংগল হ’ল সৌৰজগতৰ চতুৰ্থ গ্ৰহ৷ আমাৰ পৃথিৱীৰ প্ৰতিবেশী শুক্ৰৰ পাছতে আটাইতকৈ ওচৰৰ গ্ৰহ৷ এই গ্ৰহটোক লৈ আমাৰ মনৰ কৌতুহলৰ অন্ত নাই৷ মংগল গ্ৰহত জীৱ আছে নেকি, আমাতকৈ উন্নত সভ্যতা আছে নেকি, এইবোৰ বিষয়ক লৈয়েই বহুকেইখন বোলছবিও নিৰ্মাণ হ’ল৷ কিন্তু আজিৰ সময়ত বিজ্ঞানে প্ৰমান কৰিলে যে মংগল গ্ৰহত কোনো জীৱ নাই৷ মংগল গ্ৰহত পানী নাই, কেবল ধুলি আৰু বালিহে আছে৷ মংগল গ্ৰহৰ ভূগৰ্ভীয় বৈশিষ্ট্যলৈ লক্ষ্য কৰি বিজ্ঞানীসকলে ক’ব খোজে যে আজিৰ পৰা প্ৰায় তিনি চাৰি মিলিয়ন বৰ্ষৰ আগতে এই গ্ৰহত এক হাইড্ৰ’লিক চক্ৰ সক্ৰিয় আছিল৷ এই চক্ৰৰ বাবে সেই সময়ত ইয়াৰ জলবায়ু যথেষ্ট গৰম আৰু অধিক চাপ যুক্ত আছিল৷

এক সাধাৰণ বিশ্বাস অনুসৰি কিছু লোকে ক’ব খোজে যে সৌৰ বতাহে মংগল গ্ৰহৰ বায়ুমণ্ডলক লাহে লাহে নষ্ট কৰি পেলালে আৰু গ্ৰীনহাউছ গেছৰ পৰিমাণ বৃদ্ধি কৰিলে যি ক্ৰমাৎ হাইড্ৰ’লিক চক্ৰটোকে নষ্ট কৰি পেলালে৷ পৃথিৱীৰ চুম্বকীয় মেৰুৱে পৃথিৱীৰ বায়ুমণ্ডলক সৌৰবতাহৰ পৰা সুৰক্ষা প্ৰদান কৰে কিন্তু মংগলত তেনে কোনো মেৰু নাই৷ সৌৰবতাহে মংগলৰ বায়ুমণ্ডলৰ উপৰিভাগত এক তৰংগৰ সৃষ্টি কৰি এক চুম্বকীয় ক্ষেত্ৰ সৃষ্টি কৰে যি ইয়াৰ বায়ুমণ্ডলক সুৰক্ষা দিয়ে৷ প্ৰথমে ভৱা হৈছিল এই চুম্বকীয় ক্ষেত্ৰই ইয়াৰ বায়ুমণ্ডলক সৌৰবতাহৰ পৰা সুৰক্ষা দিব নোৱাৰে কিন্তু বৰ্তমান অধ্যয়নে ইয়াৰ ওলোটা ছবি দেখাইছে৷ এইটো প্ৰমাণিত হৈছে যে মংগল গ্ৰহৰ বায়ুমণ্ডল সৌৰবতাহৰ পৰা সম্পূৰ্ণ মুক্ত কিন্তু এতিয়া ভাবিবলৈ বাধ্য কৰাইছে যে যদি মংগল গ্ৰহৰ বায়ুমণ্ডল সৌৰবতাহৰ পৰা মুক্ত হয় তেন্তে এসময়ত এই গ্ৰহত থকা হাইড্ৰ’লিক চক্ৰ নষ্ট হ’ল কেনেকৈ? ইয়াত থকা পানীবোৰ যি মংগলৰ ভূপৃষ্ঠৰ ২০% আগুৰি আছিল সেইবোৰ ক’লৈ গ’ল, ই আজিও আমাৰ বাবে এক সাঁথৰ স্বৰূপ হৈ আছে৷

ইংলেণ্ডৰ অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ এদল বিজ্ঞানীয়ে এসময়ত মংগল গ্ৰহত থকা পানী ক’লৈ গ’ল, কি হ’ল, তাক বুজোৱাৰ চেষ্টা কৰিছে এই সাঁথৰৰ ৰহস্য উদ্ঘাটনৰ চেষ্টা কৰিছে৷ প্ৰথমে তেওঁলোকে পৃথিৱীৰ শিলাস্তৰে কিমান পানী শোষণ কৰিব পাৰে তাৰ অধ্যয়ন আৰু গণনা কৰে ‘গক মডেল’ৰ যোগে৷ পাছলৈ মংগল গ্ৰহৰ শিলাস্তৰক লৈ এই অধ্যয়ন অব্যাহত ৰাখে আৰু মংগল গ্ৰহৰ শিলাস্তৰৰ দ্বাৰা কিমান পানী আঁতৰাব পাৰি তাৰ গণনা কৰে ৷ এই অধ্যয়নৰ দ্বাৰা তেওঁলোকে জানিব পাৰে যে পৃথিৱীত থকা বেচল্ট শিলাতকৈ মংগল গ্ৰহত থকা বেচল্ট শিলাই ২৫% অধিক পানী শোষণ কৰিব পাৰে যাৰ বাবে মংগল গ্ৰহৰ ভূপৃষ্ঠত থকা পানী মংগল গ্ৰহৰ ভূত্বকে অৱশোষণ কৰি থাকে৷ অৱশ্যে ইয়াৰ বাবে এক প্ৰতিক্ৰিয়াৰ প্ৰয়োজন যাৰ ব্যাখ্যা জন ৱেডে এনেদৰে কৈছে “মংগল গ্ৰহত বিষ্ফোৰণ হোৱা গৰম লাভাই পানীৰ লগত বিক্ৰিয়া কৰি বেচাল্টিক ক্ৰাষ্টৰ নিৰ্মাণ কৰে যি স্প’ঞ্জ ৰ দৰে কাম কৰে আৰু অধিক পানী অৱশোষণ কৰে৷ শিলা আৰু পানীৰ এই প্ৰতিক্ৰিয়াই শিলা তথা খনিজৰ ৰূপ সলনি কৰি পেলালে যিয়ে মংগল গ্ৰহৰ ভূস্তৰক শুকান কৰি জীৱনৰ বাবে প্ৰতিকুল কৰি পেলালে৷ মংগল গ্ৰহত যি পৰিঘটনাই নঘটক যাৰ বাবেই সেই গ্ৰহৰ ভূস্তৰৰ পানী বিলুপ্ত হ’ল ই আমাৰ বাবে হতাশজনক৷ যদি পানী থাকিলহেঁতেন তেন্তে সেই গ্ৰহত হয়তো জীৱন সম্ভৱ হ’লহেঁতেন৷ যদিও অক্সিজেন নাই অক্সিজেন মানুহে সৃষ্টি কৰি ল’ব পাৰিলেহেঁতেন কাৰণ তাত কাৰ্বন-ডাই-অক্সাইড গেছ আছে৷ এই গেছৰ পৰা অক্সিজেন সৃষ্টি কৰা সম্ভৱ কাৰণ কাৰ্বনডাই অক্সাইড এটা কাৰ্বনৰ অণু আৰু দুটা অক্সিজেনৰ অণু লৈ গঠিত CO2 ৰ পৰা C মানে কাৰ্বনৰ অণুটোক আঁতৰাই দিলে বিশুদ্ধ অক্সিজেন পোৱা সম্ভৱ৷

★★★

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!