মই- অংশুমালা দেৱী
বৈ থকা পানীত
দেখিলোঁ কঁপি থকা প্ৰতিবিম্ব নিজৰ
ক্ষন্তেকৰ বাবে
নিজেও উটি গ’লোঁ যেন পানীৰ ধাৰত
মোৰ মনটোৰ স’তে৷
হঠাতে আহিল পাতল বৰষুণজাক
ধুই নিলে মোৰ ক্ষণিকৰ প্ৰতিবিম্ব
বৰষুণত তিতি মই উভতিলোঁ
মোৰ ঘৰৰ আইনাত আকৌ দেখিলোঁ নিজকে
বৰ স্পষ্ট আৰু উজ্জ্বলকৈ
পুৱাৰ ৰ’দত জিলিকা এজনী গৃহিনী মই
হিমৰ দৰে সংবেদনশীল এজনী মাতৃ
আবেলিৰ ৰঙেৰে ভাগৰি পৰা মই নাৰী
প্ৰতিদিন উদিত সূৰ্য সম স্থিৰ চিত্তৰে
মই ঈশ্বৰৰ দাসী, চিৰন্তণ নাৰী৷