মই কোকৰাঝাৰৰ পৰা কৈছো (- পলাশ বৰা )

মাৰ প্ৰথমটো চিঞৰত মই বুজিছিলো
দেউতাৰ বুকুৰে সৰকি গৈছে কেইবাটাও গুলী
দ্বিতীয়টো চিঞৰত মই নিজেও আন্ধাৰ দেখিছিলো |
ডাঙৰ হৈ মই পৃথিৱী ঘূৰিলোহেঁতেননে
গ’লোহেঁতেননে মাণ্ডেলা নাইবা ফিডেল কাষ্ট্ৰোৰ দেশ
সপোনত কাৰ নাম চিঞৰিলোহেঁতেন-গান্ধী নে পেট্ৰিচ লুমুম্বা
বুকুত সাৱটিলোহেঁতেন চাগে কোৰাণ নাইবা ভাগৱত গীতা! 
ডাঙৰ হৈ মই কোনটো ভাষাৰে বিনিময় কৰিলোহেঁতেন নিজক
অসমীয়া, বড়ো-কোনটো হ’লহেঁতেন মোৰ মাতৃভাষা
অস্ত্ৰৰ ঝনঝননিত যি ভাষা মৰে
সেয়া কেৱল মানৱতা, মানৱতা আৰু মানৱতা….!! 
মাৰ মাজেৰে পৃথিৱী চাওঁতে দেখিছিলো-
এয়া শংকৰ-মাধৱ-আজান পীৰৰ দেশ
দেশ বিভাজন, বাবৰি মছজিদ, অক্ষৰধামৰ দুৰ্ঘটনাই চুব নোৱাৰে যাক
এয়া মোৰ দেশ, য’ৰপৰা শত যোজন দূৰৈত থাকে ধৰ্মীয় মৌলবাদ..!
মই কোকৰাঝাৰৰ পৰা কৈছো-
মাৰ প্ৰথম চিঞৰত মই বুজিছিলো- মই পিতৃহাৰা হৈছো
দ্বিতীয় চিঞৰত মই নৰকৰ এন্ধাৰ দেখিছিলো
পোহৰ বিচাৰি সেপিয়াইছিলো অন্ধকাৰ দুৱাৰ
লাহে লাহে হেৰুৱাইছিলো মাৰ স’তে আত্মিক সম্পৰ্ক !!
মই কোকৰাঝাৰপৰা সেইটি শিশুৱে কৈছো-
যি কেতিয়াও নেদেখিলে পৃথিৱীৰ পোহৰ….!!

One thought on “মই কোকৰাঝাৰৰ পৰা কৈছো (- পলাশ বৰা )

  • September 28, 2012 at 12:07 pm
    Permalink

    কবিতটো পঢ়ি ভাল পালো কিন্তু শেযৰ খালে সৰু ভুল টা চকুত পৰিল৷ যথা: “মই কোকৰাঝাৰপৰা সেইটি শিশুৱে কৈছো-“ৰ ঠাইত “মই কোকৰাঝাৰৰ পৰা সেইটি শিশুৱে কৈছো-” হ’ব লাগিছিল৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!