মকৰ-সংক্ৰান্তি/মাঘবিহু আৰু খ্ৰীষ্টমাছ-নৱবৰ্ষ লগতে “পালেং-চিক্কেন” (ইন্দুকল্প শইকীয়া)

কাব্য আৰু সংগীতৰ পিছত, আৰু এটি মোৰ প্ৰিয় বস্তু হ’ল “খাদ্য” । খোৱাই হওক বা ৰন্ধাই হওক, দুয়োটা সমানেই আকৰ্ষণীয় মোৰ বাবে । এইবাৰ অ.ক.ব.ই “খাদ্য মাহ” পালন কৰিব বুলি জানি উৎফুল্লিত । এইখিনি সময়ৰ ভোগালী বিহু, ন-খোৱা বা পিক্-নিক্ যিয়েই নহওক কিয়, সকলোতে খাদ্যই প্ৰধান আকৰ্ষণ (অন্তত মোৰ বাবে :P) আৰু মোৰ বিশ্বাস যে এই “পিক্-নিক্” যোৱা প্ৰথাটোৰ আৰম্ভণিও এই সময়ত খাদ্যৰ উপলভ্যতাৰ বাবেই । সেইয়ে এনেহেন ভোগালী সময়ত এনে এক “খাদ্য-সম্ভাৰ” প্ৰস্তুতিৰ উদ্যোগ সঁচাকৈয়ে প্ৰশংসনীয় ।

এনেয়েও আজিকালি প্ৰায়ে মন কৰো গোলকীকৰণে বাৰুকৈয়ে চুই যোৱা আমাৰ খাৰখোৱা অসমীয়া সকলে খ্ৰীষ্টমাছ অথবা ইংৰাজী নৱবৰ্ষক আদৰি ইমানেই ভাগৰি পৰে যে, ভোগালীত ভোগৰ আনন্দ লৈ “মকৰ সংক্ৰান্তি”ৰ ভোগালী বিহু উদযাপন কৰিবলৈ প্ৰায় শক্তিহীন/উদ্যমহীন হৈ পৰেগৈ । প্ৰায়ে শুনা যায়, “নিউিয়েৰ পাৰ্টী কৰিলোৱেই, আৰু কিনো ভোজ খাম” ।
এই খ্ৰীষ্টমাছ বা ইংৰাজী নৱবৰ্ষ উদযাপনৰ প্ৰথাটোত উদগনি দিছে অন্য এক উৎসই । সেয়া হৈছে বহুজাতিক কোম্পানী বিলাকত কাম কৰা মোৰ দৰে কিছু কৰ্মচাৰীয়েও । প্ৰশ্ন হ’ব কেনেকৈ ? উত্তৰত ক’ব লাগিব যে এই বহুজাতিক কোম্পানী সমূহৰ প্ৰধান কাৰ্য্যালয় বেছিভাগেই ইউৰোপ বা তেনে মহাদেশত, য’ত খ্ৰীষ্টমাছ এক প্ৰধান উৎসৱ । গতিকে সেই ঠাইৰ উৎসৱ অনুসৰি ৯০ শতাংশ সেই থাইৰ লোকে ছুটী লয় আৰু যিহেতু প্ৰধান কাৰ্য্যালয়ত কৰ্মচাৰী নাথাকে, গতিকে বহুকামেই শাখা কাৰ্য্যালয় বোৰতো সেই খিনি দিনত পিছ পৰি ৰয়। গতিকে শাখা কাৰ্য্যালয় বোৰতো কৰ্মচাৰী সকলক হয় ছুটীৰ অনুমতি প্ৰদান কৰে নতুবা বন্ধই দি দিয়ে কিছু দিনলৈ । তেনেক্ষেত্ৰত এনে বন্ধবোৰ নলও বুলিও কোনেও নকয় আৰু খ্ৰীষ্টমাছ আৰু নতুন বৰ্ষকে প্ৰধান উৎসৱ বুলি জপিয়াবলৈ ধৰে । এটা বৃহৎ অংশৰ লোকে প্ৰধানকৈ যেতিয়া পুঁজিপতি সকলে ইয়াক উদযাপন কৰিবলৈ আৰম্ভ কৰে, তেতিয়া সাতে পাছে মিলি মকৰ সংক্ৰান্তি এলাগীত পৰিণত হোৱাৰ উপক্ৰম হয় । বেলেগৰ কথা নকৈ মোৰ নিজৰ অভিজ্ঞতাই যদি কওঁ, উপদেশ আহিছিল যে ডিচেম্বৰ মাহৰ মাজৰ পৰা জানুৱাৰীৰ প্ৰথম সপ্তাহৰ ভিতৰত ছুটিত গৈ আহিব লাগে, যিহেতু যাক মই ৰিপৰ্ট কৰো তেও নিজে হ’ল জাৰ্মানীৰ । মই অভিযোগ কৰিলো যে এই সময়ত উদযাপিত হোৱা এটা উৎসৱো মোৰ উৎসৱ নহয়, গতিকে মোক মকৰ সংক্ৰান্তিত হে ছুটী লাগিব । যদিওবা বহু তামিল লোকো এইখিনি সময়তে ঘৰ গৈ আহিবগৈ আৰু মকৰ সংক্ৰান্তিত উদযাপিত হ’ব লগীয়া “পোংগল” ত তেওঁলোক নাযায় । এই প্ৰথাই ভৱিষ্যতলৈ কিহৰ ইংগিত বহন কৰে নাজানো, কিন্তু এনেকৈয়ে চলি থাকিলে খ্ৰীষ্টমাছ আৰু ইংৰাজী নৱবৰ্ষ ভাৰতৰ প্ৰধান উৎসৱ হৈ পৰিব মকৰ সংক্ৰান্তিক এলগী কৰি । অসমততো কথাই নাই । “গোহালিৰ গৰু আৰু চোঁতালৰ ঘাঁহৰ ৰাহিযোৰা” সকলোতকৈ বেছি অসমতে নাহে ।

যি কি নহওক, কিবা লিখিবলৈ গৈ কিবাহে লিখিলোঁগৈ । বহুদিন আগেয়ে প্ৰস্তুত কৰা “চিক্কেন-পালেং” খনকে আগ বঢ়ালো, জুতি লাগিব বুলি আশাৰে….

চিকেন খিনি ধুই ল’বা-পিয়াজ খিনি কাটি ল’বা,
কেৰাহীটো বহাই দিবা-আদা-নহৰু থেতেলী ল’বা,
তেল খিনি বহাই দিবা-পালেং খিনি কুটি ল’বা,
পিয়াজ খিনি তেলত দিবা- আদা-নহৰু কাষতে ল’বা,
মছলা খিনি (আদা-নহৰুৰ লগত) ভাজি ল’বা- মাংস খিনি বহাই দিবা,
ধাকন খন দি দিবা-টি.ভি.টো অন কৰি ল’বা,
(থাউকতে ঘুৰি আহি )
পালেং খিনি বহাই দিবা-মাজে মাজে লৰাই দিবা,(৫ মিনিট মান নিসিজালৈকে)
“SONY”ত এদভাৰ্টাইজ দিব-পালেং-চ্চিক্কেন খাবৰ হ’ব…

 

————————————————————-
সাহিত্য.অৰ্গৰ “খাদ্য-বিশেষ” সংখ্যাৰ লগত সংগতি ৰাখি নিজৰ স্বাস্থ্য সুৰক্ষাৰ লগতে তথা দেশৰ আইন-কানুন ভংগ নহ’বলৈ তলৰ কথা কেইষাৰ বিধিসন্মত সতৰ্কীকৰণ হিচাপে অনুগ্ৰহ কৰি মন কৰিব।

ছাগলী কিনোঁতে খাদ্য-পৰিদৰ্শকৰ মোহৰ মৰা আছে নে চাই ল’ব। গাহৰি কিনোঁতেও একেদৰে খাদ্য-পৰিদৰ্শকৰ মোহৰ চোৱাটো আৱশ্যক। লগতে বয়সটোও। লাইচেন্স নথকা দোকানৰপৰা গৰু-গাহৰি-ছাগলী-মূৰ্গী একো নিকিনিব। সুৰা আদি পিবলৈ হ’লে সদায় “ড্ৰিংকিং লাইচেন্স” লগত ৰাখিবলৈ নাপাহৰিব। দোকানৰ পৰা ৰিচিপি ৰান্ধিবলৈ কিনা যিকোনো বস্তুৰ বাবেই কেশ্ব-মেমো বিচাৰিব। ইয়াৰ অন্যথা আপুনি কোনো ৰিচিপিৰ বাবে বস্তু যোগাৰ কৰোঁতেই  বিভিন্ন আইন ভংগ কৰা হয়, সেয়ে সম্পাদকৰ ফালৰপৰা এই বিধিসন্মত সতৰ্কীকৰণ যোগ কৰি দিয়া হ’ল। এই ৰিচিপিবোৰ চেষ্টা কৰিবলৈ গৈ কোনো ব্যক্তি আইনমতে দোষী সাব্যস্ত হ’লে তাৰ বাবে সাহিত্য.অৰ্গক দায়বদ্ধ কৰিব নোৱাৰিব।
—————————————————————

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!