মচুৰ দালিৰ বৰ দি বনোৱা মধুসোলেঙৰ টেঙা জোল- পম্পী শৰ্ম্মা খাউণ্ড

উপকৰণ —-
মচুৰ দালি—–১ কাপ৷ (তিয়াই পিহি লোৱা )
মধুসোলেং —–১ মুঠি (কুটি লোৱা )
আলু —-২টা (বইল কৰি লোৱা )
কেঁচা জলকীয়া —২ টা
শুকান জলকীয়া —২টা
কুঁজি থেকেৰা —-২-৩ টুকুৰা
পাঁচ ফোৰণ —অকণমান
নিমখ, হালধি, তেল —-জোখ মতে৷

প্ৰণালী —-
প্ৰথমে তিয়াই লোৱা মচুৰ দালি খিনিত নিমখ, কেঁচা জলকীয়া দি মিক্সিত পেষ্ট কৰি লৈ বৰ বনাই ল’ব৷
এতিয়া এখন কেৰাহিত তেল দি পাঁচ ফোৰণ, শুকান জলকীয়া দিব৷ লগত বইল কৰি লোৱা আলু আৰু কাটি লোৱা মধুসোলেংখিনি দি লগত নিমখ, হালধি, কেঁচা জলকীয়া ফালি লৰাই ঢাকি দিব৷ তাৰ পিছত কুঁজি থেকেৰাকেইটুকুৰা দি লৰাই জোখমতে পানী দি লগত বনাই লোৱা মচুৰ দালিৰ বৰকেইটা দিব৷ ভালদৰে উতলিবলৈ দি নমাই দিব আৰু গৰমে গৰমে ভাতৰ লগত পৰিবেশন কৰক৷ খাবলৈ খুব জুতি লাগে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!