মটন বাদমী কোৰ্মা- মানস জ্যোতি মিশ্ৰ

 

প্ৰস্তুত প্ৰণালী

মাংস খিনি অলপ দৈ, আদা নহৰু পেষ্ট, নেমু ৰস অলপ, হালধি, জিৰাগুৰি, ধনীয়া গুৰি, কাশ্মিৰী জলকীয়া গুৰি, মটন মচলাৰে মেৰিনেট কৰি ২ ঘণ্টামান থৈ দিব৷ ছাগলী মাংসত নিমখ একেবাৰে শেষত দিব নহ’লে নিমখৰ বাবে পানী ওলায় মাংসৰ পৰা

এতিয়া কেৰাহীত সামান্য তেল গৰম কৰি গোটা গৰম মছলাখিনি শুকান কাশ্মিৰী জলকীয়া ৩/৪ টা, সাধাৰণ শুকান জলকীয়া ২ টা, তেজপাত এখিলা, গোটা জালুক ৭/৮ টা মান, গোটা জিৰা আধাচামোচ, গোটাধনীয়া আধাচামোচ দি গোন্ধ ওলোৱাকৈ ভাজি উঠাই পেষ্ট কৰি লব৷ পুনৰ তাত কটা পিঁয়াজ ২টা আৰু এটা বিলাহী দি গোন্ধ ওলোৱালৈ ভাজি নমাই মিক্সিত পেষ্ট কৰি ল’ব৷

তাৰ পিচত একে তেলত বাদাম এমুঠি ফ্ৰাই কৰি লৈ আকৌ পেষ্ট কৰি ল’ব৷

তাৰ পিছত কেৰাহী খনত ঘিঁ দিলো৷ এচিকুট হিং (ঐচ্ছিক) অলপ কেঁচা জলকীয়া আৰু কুটা পিঁয়াজ দি সামান্য ভাজিব৷ তাৰ পিছত মেৰিনেট কৰা মাংসখিনি দি কম জুইত ১০ মিনিটমান ভাজি তাত কুটি লোৱা কেপচিকাম এটা দিব৷ আৰু ৫ মিনিট মান কম জুইত ভাজি পেষ্ট কৰা মছলা আৰু বাদাম পেষ্ট, শেষত নিমখ খিনি দি দিব৷ আৰু পানী দি ১৫ মিনিট মান বেছি জুইত উতলাই ২০/২৫ মিনিটমান কম জুইত উতলিব দিব৷ ১ ঘণ্টামান সময়ৰ পিচত ই সুন্দৰ কৈ সিজি উঠে৷ কেপচিকাম খিনি সম্পূৰ্ণকৈ গলি সোৱাদ আৰু গোন্ধত এটা ভিন্ন ৰূপ ল’ব৷

গৰম ভাত বা ৰুটিৰ লগত পৰিবেশন কৰিব৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!