মটৰ দুৰ্ঘটনা আৰু মৃতকৰ / আঘাতপ্ৰাপ্তৰ ক্ষতিপূৰণ—ৰুণজুণ ভূঞা

আপোনাৰ কোনো আত্মীয় দুৰ্ঘটনাট ঢ়ূকাইছে নতুবা বিকলাংগ হৈছে যদি ক্ষতিপূৰণ কেনেকৈ পাব; নতুবা আপুনি কোনো যান বাহনৰ গৰাকী নেকি? কাৰণ এটা মুহূৰ্তৰ ভুলৰ বাবে আপোনাৰ জীৱনৰ উপাৰ্জন অথবা সম্পত্তি বিক্ৰী কৰি মৃতকৰ আত্মীয়ক অথবা আঘাত প্ৰাপ্ত জনক দিব লগাত পৰিব পাৰে৷ কেনেকৈ জানো আহক৷

দিনে দিনে যান বাহনৰ সংখ্যা বাঢ়ি অহাৰ লগতে যান জট বাঢ়িব ধৰিছে লগতে বাঢ়িবলৈ ধৰিছে মটৰ দুৰ্ঘটনাত পতিত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা৷ দুৰ্ঘটনা কত কেতিয়া হয় কোনেও আগতীয়াকৈ কব নোৱাৰে, কিন্তু দুৰ্ঘটনা পতিত হৈ মৃত্যু হোৱা বা চিৰঘূণীয়া হৈ বিকলাংগ হোৱা পৰিয়াললৈ যে দুৰ্যোগ নমাই আনে সি ধূৰূপ৷ তেনে ক্ষেত্ৰত যান বাহনৰ বীমাকৰণ কিয় দৰকাৰ খুব কমেইহে জ্ঞাত বা কেনেদৰে যান বাহনৰ খনৰ বীমাকৰণৰ দ্বাৰা মৃতকৰ ঘৰে ক্ষতিপূৰণ পাব পাৰে বহুতে নেজানে৷ ফলত বহুতে ভাৱে যে গাড়ী / বাইক খনৰ ইঞ্চুৰেঞ্চ কেৱল পুলিচৰ ফাইনৰ পৰা বাচিবৰ বাবেহে লাগে৷ কিন্তু বাহন খনৰ কৰি থোৱা ইঞ্চুৰেঞ্চ ৰ বাবে যে দুৰ্ঘটনা ত মৃত্যু হোৱা পৰিয়াল বৰ্গই ক্ষতিপূৰণ লাভ কৰি পৰিয়ালটো উদ্ধাৰ হব পাৰে অথবা ইঞ্চুৰেঞ্চ কৰা নাথাকিলে যে সম্পত্তি বিক্ৰী কৰি হলেও মালিকে ক্ষতিপূৰণ ভৰিব লাগে সেই বিষয়ে জনাৰ প্ৰয়োজনীয়তা ও সজাগতা অনাৰ আজিৰ দিনত অতিকৈ প্ৰয়োজনীয় বিষয় হৈ পৰিছে৷

ধৰাহল এজন মানুহে গড়ীখন চলাই গৈ হঠাৎ দুৰ্ঘটনা কৰি এজন মানুহ খুন্দিয়াই মৃত্যু ঘটাই৷ মৃত্যু হোৱা মানুজনে ব্যবসায় / চাকৰি কৰি পৰিয়ালটো পুহপাল দি আছিল৷ অকাল মৃত্যুত মানুহজনৰ পৰিয়াললৈ দুৰ্যোগ নামি আহাৰ লগতে আৰ্থিক সমস্যাই হেঁচা মাৰি ধৰে৷ তেনে ক্ষেত্ৰত স্বাভাৱিকতে দুটা প্ৰধান বিষয় উত্থাপন হয়: –

(1) গাডীচালকৰ বিৰুদ্ধে শাস্তি পোৱাৰ গোচৰ; আৰু

(2) দুৰ্ঘটনাত মৃত্যু / আঘাত প্ৰাপ্ত ব্যক্তি জনৰ ক্ষতিপূৰণ৷

(1) দুৰ্ঘটনাত কোনো লোকৰ মৃত্যু অথবা আঘাত প্ৰাপ্ত হলে এটা পুলিচ কেচ হয় আৰু পুলিচে এজাহাৰৰ ভিত্তিত গোচৰৰ তদন্ত কৰি চাৰ্জচিট জমা দিলে গাড়ীচালক জনৰ বিৰুদ্ধে ন্যায়িক দণ্ডাধীশ আদালতত গোচৰৰ বিচাৰ চলে আৰু এই গোচৰত গাড়ীচলক জনৰ জৰিমনাৰ উপৰিও জেলত যাব লগা হব পাৰে৷


(2) দুৰ্ঘটনাত মৃত্যু / আঘাত প্ৰাপ্ত ব্যক্তি জনৰ ক্ষতিপূৰণ: – দ্বিতীয় আৰু অতিকৈ গুৰুত্ব পূৰ্ণ বিষয়টো হৈছে মৃত/ আঘাত প্ৰাপ্ত মানুহ জনৰ পৰিয়ালৰ ক্ষতিপূৰণ৷ আৰু তেতিয়াই বাহনখনক লৈ বহু কেইটা প্ৰশ্ন উত্থাপন হয় ‌৷ আপোনাৰ বাহনখন ড্ৰাইভিং লাইচেঞ্চ নথকা ব্যক্তিয়ে চলাইছে নেকি? নতুবা ইঞ্চুৰেঞ্চ নকৰাকৈ চলাইছে নেকি? এই ক্ষতিপূৰণ পাবৰ বাবে ভূক্তভূগীয়ে অথবা পৰিয়ালৰ লোকে মটৰ দুৰ্ঘটনা ন্যাধিকৰণ আদালতত অধিবক্তাৰ জৰিয়তে ক্ষতিপূৰণ ৰ গোচৰ তৰিব লাগে৷ মটৰ দুৰ্ঘটনা ত কোনো ব্যক্তি মৃত্যু অথবা আঘাত প্ৰাপ্ত হলে দুৰ্ঘটনা টোত জড়িত বাহন খনৰ মালিকে ক্ষতিপূৰণ দিয়াৰ বাবে দায়বদ্ধ৷ আৰু এই ক্ষতিপূৰণ ধনৰাশি মৃত্যুৰ ক্ষেত্ৰত ন্যূনতম 5 লাখৰ পৰা কোটি টকা পৰ্যন্ত হব পাৰে ( এই বিষয়ে পিছলৈ বিতংকৈ লিখা হৈছে )৷ বাহন খনৰ যদিহে ইঞ্চুৰেঞ্চ কৰা থাকে আৰু চৰ্ত উলংঘা নকৰিলে এই ক্ষতিপূৰণ ধনৰাশি মালিকৰ হৈ ইঞ্চুৰেঞ্চ কোম্পানীয়ে আদায় দিয়ে৷

যান বাহনৰ বীমাকৰণৰ কবলৈ গলে এক প্ৰকাৰৰ আৰ্থিক সুৰক্ষা নীতি যাৰ জৰিয়তে মৃতকৰ পৰিয়ালে প্ৰাপ্য ক্ষতিপূৰণৰ ধনৰাশি সুকলমে পায় আৰু গাড়ীৰ মালিকেও যাতে আৰ্থিক ভাৱে ক্ষতিগ্ৰস্ত নহয়৷ যান বাহন আইন 1988 ৰ অধীনত প্ৰত্যেক বাহনৰ বীমাকৰণৰ কৰাটো বাধ্যতামূলক৷ যি সকলে ড্ৰাইভিং লাইচেঞ্চ, ইঞ্চুৰেঞ্চ কেৱল পুলিচৰ ফাইনৰ পৰা বাচিবৰ বাবে লাগে বুলি ভাবি আছিল এতিয়া নিশ্চয়কৈ গম পাইছে কিয় ড্ৰাইভিং লাইচেঞ্চ অথবা ইঞ্চুৰেঞ্চ নকৰাকৈ গাড়ী অথবা বাইক চলাব নেলাগে৷ যদি ড্ৰাইভিং লাইচেঞ্চ নাথাকে তেন্তে ইঞ্চুৰেঞ্চ কৰা থাকিলেও ক্ষতিপূৰণ ধনৰাশি গাড়ী অথবা বাইকখনৰ মালিকে ভৰিব লাগিব, যদি ইঞ্চুৰেঞ্চ কৰা নেথাকে তেতিয়া ও মালিকেই ভৰিব লাগিব৷

(i) ক্ষতিপূৰণ গোচৰটো তৰিবলৈ প্ৰয়োজনীয় নঠি পত্ৰ কৰ পৰা পাব: – দুৰ্ঘটনা সংঘটিত হোৱাৰ পিচত পুলিচে তদন্ত আৰম্ভ আৰু তদন্ত সম্পূৰ্ণ হলে ভুক্তভোগীয়ে / আত্মীয়ই তদন্ত কাৰী আৰক্ষী বিষয়া পৰা এক্সিডেণ্ট ইনফৰ্মেচন ৰিপৰ্ট ফৰ্ম -৫৪ আৰু অন্য নঠি সমূহ সংগ্ৰহ কৰিব পাৰে নতুবা যদি আৰক্ষী বিষয়া ই যাবতীয় নঠি সমূহ মটৰ দুৰ্ঘটনা ন্যায়াধীকৰণ আদালতলৈ প্ৰেৰণ কৰিছে তেন্তে অধিবক্তাৰ জৰিয়তে উক্ত নঠি সমূহ সংগ্ৰহ কৰি গোচৰ তৰিব পাৰিব৷

(ii) দুৰ্ঘটনা ত মৃত্যু হলে কিমান ক্ষতিপূৰণ পায়: – আগতেই উল্লেখ কৰা হৈছে যে মটৰ দুৰ্ঘটনা ত মৃত্যু হলে মৃতকৰ পৰিয়লে পোৱা ক্ষতিপূৰণ ন্যূনতম পাচ লাখ টকাৰ পৰা কোটি টকা পৰ্যন্ত হব পাৰে৷ আৰু এই ধনৰাশি ৰ পৰিমাণ কিছুমান নিৰ্দিষ্ট কাৰকৰ ওপৰত নিৰ্ভৰ কৰে, যেনে – মৃত ব্যক্তিজনৰ মাহিলি আয় কিমান আছিল, তেখেত বয়স কিমান আছিল, তেখেতৰ আয়ৰ ওপৰত পৰিয়ালৰ কেইজন সদস্য নিৰ্ভৰশীল ইত্যাদি নিযুক্ত আধিবক্তাৰ জৰিয়তে ন্যধিকৰণ আদালতত প্ৰতিষ্ঠাপন কৰিব লাগিব আৰু এইখিনি বিবেচনা কৰি ন্যধিকৰণ আদালতে মৃত্যু হোৱা ব্যক্তি জনৰ পৰিয়ালৰ প্ৰতি মাহিলি আৱদান নিৰ্ধাৰণ কৰি ঠিক তেনেদৰ বাৰ্ষিক আয় আৰু আৱদান নিৰ্ধাৰণ কৰি তাক বয়স অনুযায়ী নিৰ্দিষ্ট অংকৰে পূৰণ কৰি ক্ষতিপূৰণ ধনৰাশি নিৰ্ধাৰণ কৰে৷

(iii) ক্ষতিপূৰণ ৰ বাবে কত গোচৰ তৰিব: – দুৰ্ঘটনাত মৃত ব্যক্তিৰ পৰিয়ালৰ লোকে আথবা আঘাত প্ৰাপ্ত লোক জনে মটৰ দুৰ্ঘটনা ন্যায়াধিকৰণ আদালতত ক্ষতিপূৰণ ৰ বাবে গোচৰ তৰিব পাৰে৷ অসমৰ প্ৰতি জিলাত একোখন মটৰ দুৰ্ঘটনা ন্যধিকৰণ আদালত আছে আৰু মৃত ব্যক্তিৰ পৰিয়ালৰ লোকৰ সুবিধা অনুসৰি ক্ষতিপূৰণ ৰ গোচৰটো নিজৰ থকা জিলিখনৰ অথবা দুৰ্ঘটনা সংঘটিত হোৱা জিলাখনৰ মটৰ দুৰ্ঘটনা ন্যায়াধিকৰণ আদালতত গোচৰ তৰিব পাৰে৷ বহু সময়ত বহুতো অসাধু লোকে ক্ষতিপূৰণ গোচৰটো হাই কৰ্ট ত বা আন্য ঠাইত তৰি বেছি টকা উলিয়াব বুলি মৃতকৰ পৰিয়ালক প্ৰলোভন দিয়া দেখা যায়৷ প্ৰথমতেই কোৱা হৈছে যে এই ক্ষতিপূৰণ গোচৰটো প্ৰথমে মটৰ দুৰ্ঘটনা ন্যায়াধিকৰণ আদালতত ( MACT )তৰা হয় তদুপৰি আৰু মটৰ দুৰ্ঘটনা ন্যায়াধিকৰণ আদালতৰ দ্বাৰা নিৰ্ধাৰণ কৰা ক্ষতিপূৰণ ধনৰাশিত সন্তুষ্ট নহলে মৃতকৰ পৰিয়ালে অথবা আঘাত প্ৰাপ্ত ব্যক্তি জনে উচ্চ ন্যায়ালয়ৰত আপিল কৰিব পাৰে৷ তদুপৰি সমগ্ৰ ভাৰততে যান বাহন আইন একে, সেয়ে কোনো নিৰ্দিষ্ট ঠাইত অথবা হাই কৰ্ট ত তৰি বেছি টকা উলিয়াই দিব বুলি কোৱা ব্যক্তিৰ চলাহী কথাত ভুল গৈ অচিনাকি ঠাইত গোচৰ তৰিলে পিচত ক্ষতিপূৰণ ধনৰাশিও ঠগ প্ৰৱঞ্চনাৰে আত্মসাৎ কৰিব পাৰে৷

(iv) কেনে পৰিস্থিতিত ক্ষতিপূৰণ ধনৰাশি গাড়ীৰ মালিকে ভৰিব লগে: –

* যদিহে বাহন খনৰ কোনো বীমা কৰা হোৱা নাছিল৷

* ইঞ্চুৰেঞ্চ কৰা আছিল যদিও ড্ৰাইভিং লাইচেঞ্চ নথকা ব্যক্তিয়ে চলাই দুৰ্ঘটনা কৰিলে৷

* ইঞ্চুৰেঞ্চ কৰা আছিল যদিও চালকে মদ্যপান কৰি অথবা অন্য নিচাযুক্ত দ্ৰব্য সেৱন কৰি গাড়ী চলাই দুৰ্ঘটনা কৰিলে৷

* প্ৰতিযোগিতা মূলক ৰেচত অংশগ্ৰহণ কৰি দুৰ্ঘটনা পতিত হলে, ইত্যাদিবোৰ কাৰণত বাহনখনৰ বীমাকৰণৰ কৰা থাকিলেও মালিকে ক্ষতিপূৰণ ভৰিব লাগে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!