মদৰ বিষয়ে এখন ৰচনা (অঞ্জল বৰা)

মদৰ বিষয়ে এখন ৰচনা (অঞ্জল বৰা)

কেইদিন মানৰ আগতে ‘আমাৰ অসম’ কাকতৰ সম্পাদকীয়ত হোমেন বৰগোহাঞিয়ে মদৰ বিষয়ে এটা লেখা লিখিছিল৷ তেখেতে এটা কথা ষ্পষ্টভাৱে কৈছিল যে, এতিয়া আমি মদৰ পৰা হ’ব পৰা অপকাৰীতাৰ বিষয়ে আলোচনা কৰাতকৈ মদ খাবলৈ শিকিবৰ হ’ল৷ অৰ্থাৎ তেখেতে লেখাটোৰ মাজেৰে পৰোক্ষভাৱে মদক সমাজ বৰ্হিভূত অংগ হিচাপে ধৰি ৰাখি লুকাই-চুৰকৈ খাই নিজৰ লগতে সমাজৰ অপকাৰ কৰাতকৈ ইয়াৰ সপক্ষে সজাগতা বৃদ্ধি কৰাৰ কথা অৱগত কৰিছে৷

আজি অ.ক.ব গোটৰ এজন সদস্যই মদৰ বিষয়ে এটা লেখা পোষ্ট কৰাৰ পিছত বিভিন্ন সদস্যৰ মতামতবিলাক দেখি সেই কথাষাৰ মনত পৰিল৷ ইয়াৰ আগতেই অ.ক.ব. গোটত মদৰ বিষয়ে বহু আলোচনা হৈছে৷ কোনোবাই মদ ত্যাগ কৰাৰ কথা লিখিছে৷ মদ নিয়ন্ত্ৰণৰ বাহিৰ হৈ যোৱাৰ আগতে মদ ত্যাগ কৰিব পৰাটো এটা ভাল কথা৷ কিন্তু মই ভাবো তাতোকৈ ডাঙৰ কথা মদক নিয়ন্ত্ৰণ কৰিব পৰাটোহে বা আত্মনিয়ন্ত্ৰণ কৰিব পৰাটোহে৷ মদ আমাৰ সাংস্কৃতিক প্ৰতীক হওঁক বা নহওঁক সেইটো কোনো যুক্তিকৰ কথা নহয়৷ ডাঙৰ কথা হৈছে মদৰ উচিত প্ৰয়োগ, সেৱন আৰু প্ৰয়োজন৷ কাৰণ আমাৰ গালি-গালাজবিলাকো লোক-সংস্কৃতিৰ প্ৰধান অংগ৷ সেইবুলি আমি তাক সভ্য সমাজত ব্যৱহাৰ নকৰোঁ৷

হোমেন বৰগোহাঞিৰ লগত মই একমত৷ যৌন শিক্ষাৰ উচিত আৰু মুক্ত শিক্ষা নোহোৱাৰ ফলত যেনেদৰে সমাজত অসুৰক্ষিত যৌন অপৰাধৰ সংখ্যা বৃদ্ধি পাইছে ঠিক সেইদৰে আমাৰ সমাজত মদৰ বিষয়েই সুষ্ঠ সজাগতা নোহোৱাৰ বাবেই মদপীৰ (মদ খাই মাতাল হোৱা লোক) সংখ্যা বৃদ্ধি পাইছে৷ ইয়াৰ বাবেই মদ মানুহৰ প্ৰাণনাশৰ কাৰণ হৈ পৰিছে৷ ইংৰাজসকলেও মদ খাইছিল৷ ভাৰতলৈ হয়তো এয়া ইংৰাজৰে দান৷ কিন্তু বিদেশত মদ খাই যিমান মানুহ মৰে ভাৰতবৰ্ষত তাতকৈ মদ খাই বহু মানুহ মৰে৷ ইয়াৰ কাৰণ হৈছে ইংৰাজে মদ খাইছিল আৰু আমাক মদে খাইছে৷ কিন্তু এইটো কিয় হ’বলৈ পাইছে?

যোৱা নৱেম্বৰ-ডিচেম্বৰ মাহত মই বিশ্ববিদ্যালয়ৰ হোষ্টেলত আছিলোঁ৷ সন্ধিয়া হ’লেই ল’ৰাবোৰে মদ খায়৷ সেইটো হয়টো একেবাৰে সৰু কথা৷ কিন্তু ডাঙৰ কথা হৈছে ল’ৰাবোৰে পইচাৰ অভাৱত কেইটামান কেঁচা বুটমাহ, অকণমান নিমখ-জলকীয়া লৈয়ে নিম্নমানৰ ব্ৰেণ্ডৰ মদ সেৱন কৰিছে৷ যাৰ বাবে স্বাস্থ্যৰ হানি হোৱাটো নিশ্চিত৷ লগতে আজি এপেগ, কালিলৈ দুপেগ কৰি এটা কোৰ্ৱাটাৰ, এটা হাফ শেষ কৰিব পৰাৰ প্ৰতিযোগীতাখন আছেই৷ গতিকে মই ভাবো ঘৰৰ পৰা আঁতৰলৈ গৈ পঢ়িবলৈ যোৱা বা আঁতৰত থকা এই ল’ৰাবোৰক মদ নাখাবি বুলি পৰামৰ্শ দিয়াতকৈ মদ খাবলৈ শিকোৱা উচিত৷ গাঁৱৰ ক্ষেত্ৰতো একেই কথা৷ (কাৰণ ইয়াৰ 90% শতাংশৰে ঘৰত কোনেও মদ নাখায় বা তেওঁলোকেও ঘৰত নাখায়৷) প্ৰতিদিনে সস্তীয়া ব্ৰেণ্ডৰ মদ দুই-এটা বুটমাহৰ লগত খোৱাতকৈ সপ্তাহত এদিন ভাল ব্ৰেণ্ডৰ মদ ভাল শুকান ফল-মূল বা মাংসৰ লগত খালে স্বাস্থ্যৰ একো হানি নহয় আৰু সামাজিক অপৰাধো সৃষ্টি নহ’ব৷ আনৰ পৰা লুকাই-চুৰকৈ মদ খাই স্বাস্থ্যৰ হানি কৰাতকৈ মদ খাবলৈ শিকা উচিত৷ ইয়াৰ বাবে উচ্চতৰ মাধ্যমিক বা কলেজ পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত সজাগতাৰ বাবে আলোচনা-চক্ৰৰ আয়োজন কৰা উচিত৷ আমাৰ সমাজৰ পৰা অপৰাধ নাইকিয়া কৰিবলৈ হ’লে অপৰাধী-ব্যক্তিক গালি-গালাজ দি থকাতকৈ গঠনমূলক আলোচনাৰে বিষয়টোৰ ওপৰত সঠিক পথ দেখুওৱা উচিত৷

শেষত এটা কথা ক’ব বিচাৰোঁ, মদ আমাৰ শৰীৰৰ বাবে অপকাৰী হৈ উঠাৰ আগতেই বা মদে আমাৰ উঠি অহা নৱ-প্ৰজন্মক ধ্বংস কৰি তোলাৰ আগতেই আমি মদ খাবলৈ শিকোৱা উচিত৷ কাৰণ মদত কোনো নিচা নাথাকে… নিচা থাকে আমাৰ মনত৷ কাৰণ “মদত নিচা থকা হ’লে বটলেও নাচিলেহেঁতেন!!”

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!