ম’বাইলত অসমীয়া কেনেকৈ লিখে( -ৰিপুঞ্জিত হাজৰিকা)

বিভিন্ন চাবি (Key)বোৰত বিভিন্ন আখৰবোৰ এনেধৰণে আছে ।

 

2 নং key (যিটো key টিপি আমি 2 ডায়েল কৰোঁ)ত আছে স্বৰবৰ্ণৰ ‘অ’ৰ পৰা ‘ঋ’ লৈ।

 

Key 3- ‘এ’ৰ পৰা ‘ঔ’ লৈ

 

Key 4- ‘ক’ বৰ্গৰ বৰ্ণসমূহ

 

Key  5- ‘চ’ বৰ্গ

 

Key 6- ‘ট’ বৰ্গ

 

Key 7- ‘ত’ বৰ্গ

 

Key 8- ‘প’ বৰ্গ

 

Key 9- য,ৰ,ল,ৱ,শ,ষ

 

Key 0- স,হ,ক্ষ

 

4 Key টো এবাৰ টিপিলে ‘ক’, দুবাৰত ‘খ’, তিনিবাৰত ‘গ’, চাৰিবাৰত ‘ঘ’, পাঁচবাৰত ‘ঙ’ । বাকীবোৰো তেনেদৰেই ।

 

‘আ’ কাৰ-‘ই’ কাৰ চিনবোৰৰ ক্ষেত্ৰত এনেকুৱা –

 

‘ক’ টিপি ‘আ’  টিপিলে হ’ব ‘কা’, কিন্তু ‘ক’ টিপি আকৌ Star key টিপি ‘আ’ টিপিলে হ’ব ‘কআ’

 

ক + আ = কা

 

ক + star + আ = কআ

 

বাকীবোৰৰ ক্ষেত্ৰটো একেই নিয়ম ।

 

ল + ঐ = লৈ

 

ম + ঔ = মৌ

 

যুক্তাক্ষৰৰ ক্ষেত্ৰত –

 

ধৰা হওক আপুনি ‘ব্দ’ লিখিবলৈ বিচাৰিছে । ‘ব’ টিপি, Star টিপি ‘দ’ টিপক ।

 

ব + Star + দ = ব্দ

 

ব + Star + দ + আ = ব্দা

 

বাকীবোৰো একেদৰেই হ’ব ।

 

1-key টোত বৰ্ণমালাৰ শেষৰ শাৰীৰ আখৰকেইটাৰ লগতে যতি চিহ্নবোৰ আছে ।

 

দ + 1 Key (কেইবাৰ টিপিছে তাৰ ওপৰত নিৰ্ভৰ কৰি) = দঁ,দং,দঃ,র্দ,দ’ আদি হ’ব ।তলত উল্লেখ কৰা ম’বাইল হেণ্ড-স্যেট্  সমূহত অসমীয়া আখৰ দেখা যায় —

 

Nokia C3-01, Nokia 2730 classic 3G,  Nokia C1-01, Nokia C2-01, Nokia X3, Nokia 6303  I classic, Nokia 3110c, Nokia 2700c, Nokia 5130, Nokia X2, Nokia X2-01, Nokia 5230, Nokia C3, Nokia 5800

Nokia 2730c, NOKIA 6210 Navigator, Sony Ericsson w8, Sony Ericsson Hazel, Samsung metro 3310i

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!