মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিৰচিত গুণমালা (ইউনিকোডীয় ৰূপান্তৰণ: জ্ঞানজ্যোতি হাজৰিকা)

৷৷ ঘোষা ৷৷

৷৷ ৰাম নিৰঞ্জন পাতক ভঞ্জন ৷৷

পদ

নমো নাৰায়ণ সংসাৰ কাৰণ ৷
ভকত তাৰণ তোমাৰ চৰণ ৷৷
তুমি নিৰঞ্জন পাতক ভঞ্জন ৷
দানব গঞ্জন পোপিকা ৰঞ্জন ৷৷
বেদান্ত গায়ক বংশী বায়ক ৷
জগত নায়ক মুকুতি দায়ক ৷৷
ভকতৰ ঋদ্ধি কৰা সৰ্ব সিদ্ধি ৷
বিধাতাৰ বিধি দীন দয়া নিধি ৷৷
ভকতি ৰোচন দুখ বিমোচন ৷
পাতক মোচন কমল লোচন ৷৷
দৈত্য অন্তকাৰী গোবৰ্দ্ধন-ধাৰী ৷
ভয়-ভৱ-হাৰী তুমিহি মুৰাৰী ৷৷
কালিক দমিলা পুতনা শুষিলা ৷
দেৱক তুষিলা ব্ৰজক ভূষিলা ৷৷
কেশী বত্‍স বক সমস্ত দৈত্যক ৷
লগাইলা চমক ডকাইলা যমক ৷৷
তুমি বাৰম্বাৰ হুয়া অৱতাৰ ৷
পৃথিৱীৰ ভাৰ খণ্ডিলা অপাৰ ৷৷
ইন্দ্ৰক দমিলা ব্ৰহ্মায়ো নমিলা ৷
বনত ভ্ৰমিলা গোপীক ক্ৰীড়িলা ৷৷
পশি ৰঙ্গশাল যত মহামাল ৷
কৰিয়া আস্ফাল বধিলা গোপাল ৷৷
তযু গুণনাম ধৰ্ম অনুপাম ৷
মোক্ষ অৰ্থ কাম সাধা প্ৰভু ৰাম ৷৷
মাৰি দশগ্ৰীৱ জনকৰ জীৱ ৷
পাইলা সদাশিৱ তুমি জগজীৱ ৷৷
তোমাৰ চৰিত্ৰ পাতকীৰ মিত্ৰ ৷
পৰম পবিত্ৰ কৰিলা বিচিত্ৰ ৷৷
পতিত পাৱন এভৱ ভাৱ্ন ৷
অসুৰ ধাৱন তুমিসি বামণ ৷৷
অগতিৰ গতি ত্ৰিজগতৰ পতি ৷
তোমাত ভকতি থাকোক সম্প্ৰতি ৷৷
শ্যামল শৰীৰ জলদ ৰুচিৰ ৷
গহীন গম্ভীৰ গুণৰ মন্দিৰ ৷৷
কুণ্ডলে মণ্ডিত অসুৰ দণ্ডিত ৷
পাতক খণ্ডিত তুমিসি পণ্ডিত ৷৷
দৰিদ্ৰ মৰ্দ্দন কৰুণা সদন ৷
বংশীবদন মুৰুতি মদন ৷৷
হাস্য দৰিশন পাপ কৰি ছন ৷
দোষ মৰিষণ কাম বৰিষণ ৷৷
জগত আধাৰ দৈৱকী কুমাৰ ৷
সংসাৰতে সাৰ চৰণ তোমাৰ ৷৷
তুমি ভগৱন্ত মহিমা অনন্ত ৷
তাৰিলাহা সন্ত পুৰুষ মহন্ত ৷৷
তুমি সুবত্‍সল পুৰুষ নিশ্চল ৷
নাহি কিছু চল ভকত বত্‍সল ৷৷
তুমি অৱতৰি অসুৰ সংহৰি ৷
সৃষ্টি যাহা ধৰি দেৱ শ্ৰীহৰি ৷৷
অঘাসুৰ ঘালী মহা বলশালী ৷
দমিলাহা কালি তুমি বনমালী ৷৷
কৰি পৰাভৱ খেদাইলা দানৱ ৷
ভকত বান্ধৱ তুমিসি মাধৱ ৷৷
কবি অবিচ্ছেদ দৈত্য কৰি ভেদ ৷
খণ্ডিলাহা খেদ উদ্ধাৰিলা বেদ ৷৷
জগতক বশ্য কৰিলা অৱশ্য ৷
ভৈলা মহা মত্‍স ব্ৰহ্মাৰ নমস্য ৷৷
তুমি মহাহংস আসি নিজ অংশ৷
হুয়া যদুবংশ বধিলাহা কংস ৷৷
জগত নিঃশেষ সবাতো প্ৰবেশ ৷
ভৈলা ঋষিকেশ নজানি উদ্দেশ ৷৷
তুমি পীতাম্বৰ কৰি আড়ম্বৰ ৷
বধিলা সম্বৰ প্ৰভু বিশ্বম্ভৰ ৷৷
তুমিসে অচ্যুত আনন্দে আপ্লুত ৷
ভকত বহুত কৰিলা মুকুত ৷৷
ধৰি মত্‍সকায় সত্যব্ৰত ৰায় ৷
প্ৰলয় অপায় তাৰিলা লীলায় ৷৷
কুৰ্ম কলেৱৰ ধৰিলা মন্দৰ ৷
মথিলা সাগৰ নভৈলা ভাগৰ ৷৷
বৰাহ শৰীৰি পৃথিৱী উদ্ধৰি ৷
হিৰণ্যক্ষবীৰি মাৰিলাহা ছিৰি ৷৷
নৰসিংহ ৰূপু ভৈলা দিব্যবপু ৷
বধিলাহা ৰিপু হিৰণ্যকশিপু ৷৷
ভৈলা অদিতিত বামণ উদিত ৷
মুৰুতি ললিত বলিক ছলিত ৷৷
জামদগ্নি ৰাম কাটি চামে চাম ৷
ক্ষত্ৰিয়ৰ নাম নথৈলা সংগ্ৰাম ৷৷
ভৈলা কৌশল্যাত শ্ৰীৰাম জাত ৷
ৰাৱণ বিঘাত কৰিলা লঙ্কাত ৷৷
ৰাম হলধৰ ৰোহিণী কুমাৰ ৷
মাৰিলা ইতৰ দ্বিবিদ বানৰ ৷৷
বুদ্ধ ৰূপে ছন্ন কৰি বেদগণ ৷
মুহিলাহা মন তেজিয়া সজ্জন ৷৷
হুয়া কল্কী চণ্ড যতেক পাষণ্ড ৷
কৰি খণ্ড খণ্ড বিহিলাহা দণ্ড ৷৷
ধৰি বাৰম্বাৰ দশ অৱতাৰ ৷
পৃথিৱীৰ ভাৰ খণ্ডিলা অপাৰ ৷৷
কৃষ্ণক কিঙ্কৰে ৰচিলা শঙ্কৰে ৷
হৰি হৰি নৰে বোলা নিৰন্তৰে ৷৷

 

৷৷ ঘোষা ৷৷

৷৷ হৰি হৰি ৰাম হৰি হৰি ৰাম ৷৷

পদ

নমো লক্ষ্মীপতি জগতৰ পতি ৷
চৰণে প্ৰণতি কৰিলো সম্প্ৰতি ৷৷
গুণ চিন্তামণি সংসাৰ তৰণী ৷
পাপৰ অগনি ঘুষিয়োক চনি ৷৷
ইটো বিতোপন ধৰ্ম সনাতন ৷
আকেসে কীৰ্তন কৰে সাধুজন ৷৷
শুনিয়ো দশম আতি নিৰুপম ৷
কৃষ্ণৰ পৰম জনম কৰম ৷৷
দৈত্যয়ে ভিড়িল ভাৰত পীড়িল ৷
দুখে সাক্ষী দিল পৃথিৱী কান্দিল ৷৷
ব্ৰহ্মায়ে প্ৰাৰ্থন্তে আসি ভগৱন্তে ৷
জন্মিলা জ্বলন্তে দৈৱকীত হন্তে ৷৷
অদ্ভুত বালক কুটীল অলক ৷
ৰত্নৰ তিলক শোভে কপে লক ৷৷
হাসিত বয়ন কমল নয়ন ৷
ৰুচিৰ দৰ্শন সুপীত বসন ৷৷
কিৰীতি কুণ্ডল কৰে জলমল ৷
কৌস্তভে উজ্বল শোভে কম্বুগল ৷৷
হস্ত চাৰিখন আতি বিতোপন ৷
কেয়ুৰ কঙ্কন প্ৰকশে ভূষণ ৷৷
বহল হৃদয় মনমালা চয় ৷
পৰি গুঞ্জৰয় ভ্ৰমৰে ৰঞ্জয় ৷৷
ৰতনে ৰচিত মেখলা কটিত ৷
পাট ভুনি পীত লোটয় মাটিত ৷৷
উৰু কৰিকৰ জঙ্ঘা মনোহৰ ৷
কনক ৰত্নৰ ৰঞ্জিত হোড়ৰ ৷৷
চৰণ পল্লৱ পদ্ম অভিনৱ ৷
নুপূৰৰ ৰৱ সুনন্তে উচ্ছৱ ৷৷
আঙ্গুলিৰ পান্তি নখ চন্দ্ৰকান্তি ৷
দেখি খণ্ডে ভ্ৰান্তি তাপ উপশান্তি ৷৷
ৰঙা পদতলে অঙ্কুশ কমলে ৷
চিহ্‌ন সকলে অতিশয় জ্বলে ৷৷
জগতৰ তাত আছন্ত তথাত ৷
চাৰি অস্ত্ৰ হাত প্ৰকাশে সাক্ষাত ৷৷
দেখি দুয়ো প্ৰাণী এন্তে চক্ৰপাণি ৷
মনে অনুমানি বোলে স্তুতিবাণী ৷৷
কৃষ্ণে কথা কৈলা শিশুৰূপ ভৈলা ৷
নিহল ছোড়িলা কোলে তুলি লৈলা ৷৷
বসুদেৱ সন্ত লৈয়া লৰিলন্ত ৷
ফণায়ে অনন্ত ছত্ৰ ধৰিলন্ত ৷৷
নমনিয়া কুল যমুনা বিপুল ৷
চড়াই তাৰকুল পাইলন্ত গোকুল ৷৷
কৃষ্ণক থৈলন্ত কন্যাক লৈলন্ত ৷
বসুদেৱ সন্ত দুনাই আসিলন্ত ৷৷
নন্দে দেখিল পুত্ৰ উপজিল ৷
উত্‍দৱ মিলিল মহাদান দিল ৷৷
নন্দ যশোদাৰ গৃহত অপাৰ ৷
কৰিলা বিহাৰ জগত আধাৰ ৷৷
অনেক যন্ত্ৰণা কৰিয়া মন্ত্ৰণা ৷
আসিল পুতনা শুষিলা চেতনা ৷৷
পৰম সঙ্কট দধিদুগ্দ্ধ ঘট ৷
সহিতে শকট কৰিলা উলট ৷৷
দৈত্য চক্ৰবাত ভৈল স্কন্ধপাত ৷
কৃষ্ণৰ লীলাত পৰিয়া শিলাত ৷৷
তুমি অন্তৰ্যামী মাতৃ কোলগামী ৷
তুলিলাহা হামি জগতৰ স্বামী ৷৷
জগত নিখিল গৰ্ভত দেখিল ৷
বিস্ময় মিলিল যশোদা ডৰিল৷৷
আসি গৰ্গ ঋষি গোপনত বসি ৷
জাত কৰ্ম ৰাশি কৰিলা হৰিষি ৷৷
বিধিৱতে নাম থৈলা কৃষ্ণৰাম ৷
কহি গুণ গ্ৰাম গৈলা নিজ ধাম ৷৷
পাছে ব্ৰজ পুৰে ৰঙ্গে ভ্ৰমি ফুৰে ৷
সোণাৰ নূপূৰে ৰুণ ঝুণ কৰে ৷৷
অগনি সৰ্পক যান্ত ধৰিবাক ৷
দেখি দেন্তহাক নুশুনন্ত তাক ৷৷
গোপীকাৰ ঘৰে পশি দামোদৰে ৷
অপকাৰ কৰে দেখি নিৰন্তৰে ৷৷
গোপীগণ আসি যশোদাত হাসি ৷
কৃষ্ণ চেষ্টাৰাশি কহন্ত প্ৰকাশি ৷৷
দেখিলে গোৱালী শিশু বনমালী ৷
নানা চতুৰালী কৰন্ত ধূৰ্তালি ৷৷
কি কহিব আই কৃষ্ণৰ অপায় ৷
নোদোহন্তে গায় বত্‍সক পিয়ায় ৷৷
ঘৰে পশি যায় দধি দুগ্ধ খায় ৷
বানৰে খুৱায় ভাঙিয়া পেলায় ৷৷
কিভৈল দুৰ্জ্জন তোমাৰ নন্দন ৷
কৃষ্ণৰ কাৰণ নৰহে জীৱন ৷৷
হেন বাণী শুনি লাজে চক্ৰপাণি ৷
নেত্ৰে বসে পানী দেখি নন্দৰাণী ৷৷
স্নেহ সম্পজিল সাৱটি ধৰিল ৷
আশ্বাস কৰিল মুখে স্তন দিল ৷৷
সঙ্গে শিশুগণ খেলে নাৰায়ণ৷
মৃত্তিকা ভক্ষণ কৰিলা তেখন ৷৷
দেখি শিশুজাক বোলে যশোদাক ৷
শুনি ৰাণী তাক খঙ্গে বোলে বাক ৷৷
কেনে মাটি খাইলি অৰে বনমালী ৷
নাখালোহোঁ বুলি দেখায় মুখ মেলি ৷৷
সকল জগত দেখন্ত গৰ্ভত ৷
হৰিক মনত স্মৰন্ত ডৰত ৷৷
বোলন্ত বিস্ময় মোহোৰ তনয় ৷
মনুষ্য নহয় ঈশ্বৰ নিশ্চয় ৷৷
দিনেক প্ৰভাতে ৰাণী নিজহাতে ৷
দধিক তথাতে মথন্ত সাক্ষাতে ৷৷
আসি দেৱহৰি মথনিত ধৰি ৷
ৰৈলা ৰঙ্গ কৰি দেখিলা সুন্দৰী ৷৷
আনিয়া নন্দন বদনে চুম্বন ৷
কৰি ঘনে ঘন পিয়াইলন্ত স্তন ৷৷
দুগ্ধ উথলিয়া পৰয় দেখিয়া ৷
পুত্ৰক এৰিয়া গৈলা লৱৰীয়া ৷৷
কেশৱে কুপিলা ধৰি পটাশিলা ৷
ভাণ্ডক ভাঙ্গিলা যশোদা দেখিলা ৷৷
বাৰি লৈলা কৰে দেখি দামোদৰে ৷
নামি উড়লৰে লড় দিলা ডৰে ৷৷
যশোদা খেদন্ত ভয়ে ভগৱন্ত ৷
কান্দন্ত কাম্পত বাড়ি এড়িলন্ত ৷৷
কৰে ধৰি আনি উডুখলে টানি ৷
বান্ধি চক্ৰপাণি চলি গৈলা ৰাণী ৷৷
উড়ল ঘসাই বৃক্ষত লগাই ৷
উভাৰি পেলাই ৰঙ্গে আছে চাই ৷৷
দুই দেৱবৰ দিব্য ৰূপধৰ ৷
কৰিয়া কাতৰ চলি গৈলা ঘৰ ৷৷
কিবা ভৈলা বুলি নন্দে বান্ধ মেলি ৷
মলচিল ধূলি কোলে লৈলা তুলি ৷৷
গোপন সুন্দৰী বজাৱে চাপৰি ৷
আঙ্গি-ভঙ্গি কৰি নাচে দেৱ হৰি ৷৷
পসাৰি ডাকিল কোনে লৈবা ফল ৷
শুনিয়া চলিল কৃষ্ণ দয়াশীল ৷৷
ধান্যক দিলন্ত ফলক লৈলন্ত ৷
ৰত্ন অপৰ্যপ্ত ভাণ্ড ভৰিলন্ত ৷৷
গকুল ভৱন তেজি নাৰায়ণ ৷
পাছে বৃন্দাবন কৰিলা গমন ৷৷
বত্‍স অসুৰ পৰম দন্দুৰ ৷
কৰি মষিমূৰ নিলা যমপুৰ ৷৷
আসি বকগোটে গিলিলেক ঠোটে ৷
তাক ধৰি চোটে ছিৰিলা আস্ফোটে ৷৷
সৰ্পৰূপে আসি অঘে তুলি হাসি ৷
বদন প্ৰকাশি গিলিল গৰাসি ৷৷
ভেটিলন্ত গল ভকত বত্‍সল ৷
এৰি মূত্ৰ মল মৰিল নিস্ফল ৷৷
তাৰ কৰি কাল বত্‍স বত্‍স পাল ৷
জীয়ায়া তত্‍কাল বজাইলা গোপাল ৷৷
সঙ্গে শিশুগণ ৰঙ্গে নাৰায়ণ ৷
অন্ন ব্যঞ্জন কৰিলা ভোজন ৷৷
গোৰক্ষ দামুৰি ব্ৰহ্মা কৰি চুৰি ৷
থৈয়া ঢাকি ঘূৰি গৈলা নিজ পুৰি ৷৷
বত্‍স বত্‍স পাল হুয়া সেহিকাল ৷
আপুনি গোপাল গৈলা ব্ৰজশাল ৷৷
অনেক বিভূতি কৃষ্ণৰ মুৰুতি ৷
দেখিয়া বিস্মৃতি ব্ৰহ্মা ভৈলা ভীতি ৷৷
যেন মৃতৱত পৰিল হংসত ৷
নাহি আৰ তত চেতন গাৱত ৷৷
ব্ৰহ্মা মৰন্ত দেখি জীলন্ত ৷
ৰূপ ঢাকিলন্ত দুনাই জীলন্ত ৷৷
হংসযান এৰি চৰণৰ পৰি ৷
নানা তুতি কৰি গৃহে গৈলা লৰি ৷৷
ধেনুকাক মাৰি গাছক আছাৰি ৷
তাল ফল পাৰি ভুঞ্জাইলা মুৰাৰি ৷৷
তৃষ্ণায়ে আকুল হুয়া গোপকূল ৷
যমুনাৰ কূল গৈয়া হুৱা ভুল ৷৷
খাইল বিষজল ভৈলন্ত বিহ্বল ৷
জীৱন্তে বিকল মৰিল সকল ৷৷
দেখি নাৰায়ণ অমৃত নয়ন ৷
চাহিলা তেখন লভিলা চেতন ৷৷
কদম্বে চড়িলা হ্ৰদত পড়িলা ৷
কালিয়ে ঝড়িলা শিৰত চড়িলা ৷৷
ফণাৰ উপৰে দেৱ দামোদৰে ৷
উঠি নৃত্য কৰে সিটো সৰ্প মৰে ৷৷
নাগ পত্নীচয় বুলিল বিনয় ৷
কালিক নিৰ্ভয় দিলা কৃপাময় ৷৷
তীৰত চড়িলা জ্ঞাতিয়ে বেঢ়িলা ৷
গলত বান্ধিলা যশোদা কান্দিলা ৷৷
নিকালি কালিক পিলা বনাগ্নিক ৷
গোপ গোপিকাক ৰঞ্জিলা অধিক৷৷
প্ৰলম্ব অশিষ্ট চিন্তিলা অনিষ্ট ৷
মাৰিলা গৰিষ্ঠ ৰাম বলিষ্ঠ ৷৷
বেঢ়ি মঞ্জুবন লাগে হুতাশন ৷
দেখি গোপগণ ভৈলা ভয় মন ৷৷
পাছে নাৰায়ণে সদয় নয়নে ৷
তাৰি ৰঙ্গমনে আনিলা তেখনে ৷৷
বসন্ত গ্ৰীষ্মত বৰ্ষা শৰতত ৷
ক্ৰীড়া নানামত কৰিলা ব্ৰজত ৷৷
এক চিত্ত কৰি গোপৰ কুমাৰী ৷
সাধে ব্ৰত ধৰি স্বামী হৈবা হৰি ৷৷
বস্ত্ৰ থৈয়া তীৰে কেৱল শৰীৰে ৷
যমুনাৰ নীৰে স্নানৈ ধীৰে ধীৰে ৷৷
কৃষ্ণে কৰি লীলা বস্ত্ৰক হৰিলা ৷
কদম্বে চড়িলা হাসি বস্ত্ৰ দিলা ৷৷
কৰ্মক উচ্ছাদ বিপ্ৰক বিষাদ ৷
পত্নীক প্ৰসাদ দিলাহা আহ্লাদ ৷৷
বদতি শঙ্কৰ শুনা সৱে নৰ ৷
আন পৰিহৰ ভজা দামোদৰ ৷৷
দিন কতিপয় জীৱন নিশ্চয় ৷
যাইবা যমালয় নাহিকে সংশয় ৷৷
বিনা লক্ষ্মীপতি নাহি আন গতি ৷
জানিয়া সম্প্ৰতি কৰিয়ো ভকতি ৷৷
তেৱেসে নিস্তৰি পুৰুষ উদ্ধাৰি ৷
হৃদি ৰূপ ধৰি মুখে বোলা হৰি ৷৷
কৃষ্ণ গুণ নাম ধৰ্ম অনুপাম ৷
এৰি আন কাম বোলা ৰাম ৰাম ৷৷

 

৷৷ ঘোষা ৷৷

৷৷ কহ হৰি ৰাম নকৰা বিৰাম ৷৷

৷৷ পদ ৷৷

লৈয়া গোপ সঙ্গ কৰি মখ ভঙ্গ ৷
বাসৱৰ খঙ্গ তোলাই ভৈলা ৰঙ্গ ৷৷
ইন্দ্ৰে ক্ৰোধিলা মেঘ পাঞ্চি দিলা ৷
শিলা বৰষিলা প্ৰলয় মিলিলা ৷৷
ইন্দ্ৰৰ দৰ্পক নাশি মন্দৰক ৷
তুলি উপৰক ৰাখিলা ব্ৰজক ৷৷
গৰ্ব পৰ্বতৰ নামি পুৰন্দৰ ৷
কৰিয়া কাতৰ চলি গৈলা ঘৰ ৷৷
শৰত শীতল শশাঙ্ক ধৱল ৷
বৃন্দাবন স্থল দেখি কুতূহল ৷৷
আতি সুললিত ৰঙ্গে গাইলা গীত ৷
গোপিকা সহিত কৰিলন্ত নৃত্য ৷৷
লৈয়া গোপী মিলি কৰি ঠেলা ঠেলি ৷
কন্ঠে বাহু মিলি কৰিলন্ত কেলি ৷৷
যৈচন মাতঙ্গে হস্তিনীৰ সঙ্গে ৷
আতি অঙ্গে ভঙ্গে ফুৰে লীলাৰঙ্গে ৷৷
কৃষ্ণৰ মূৰুতি আতি আসকতি ৷
গোপৰ যুৱতী প্ৰেম ভৈল মতি ৷৷
বসি ঠাৱে ঠাৱে কৃষ্ণগুণ গাৱে ৷
আতি প্ৰেমভাৱে দিৱস গৱাৱে ৷৷
সৰ্পেক মিলিল নন্দক গিলিল ৷
পাৱে পৰশিল সিও নিস্তৰিল ৷৷
শঙ্খচূড় মাৰি গোপৰ কুমাৰী ৷
আনিলা উদ্ধাৰি ঈশ্বৰ মুৰাৰি ৷৷
বৰুণ কিঙ্কৰে নন্দক সত্বৰে ৷
নিল আড়ম্বৰে জলৰ ভিতৰে ৷৷
কৰে কোলাহল গোৱাল সকল ৷
ভকত বত্‍সল পশিলন্ত জল ৷৷
ভয় সম্পজিল বৰুণে যজিল ৷
পিতৃক তুষিল আশ্চৰ্য মিলিল ৷৷
উদ্ধাৰি নন্দক দেখাই বৈকুণ্ঠক ৷
ব্ৰজৰ লোকক দিলা আনন্দক ৷৷
অৰিষ্ট অসুৰ আইল গোপপুৰ ৷
তাক কৰি চুৰ নিলা যমপুৰ ৷৷
কেশী দানৱক কৰে পৰাভৱ ৷
শুনি গলাৰৱ ধাইলন্ত মাধৱ ৷৷
গোকুলত পশি কৰি ধসমসি ৷
কৃষ্ণক পৰশি সিও গৈল নশি ৷৷
ময়ৰ তনয় ব্যোম দুৰাশয় ৷
কৰিয়া দুৰ্ণয় গৈল যমালয় ৷৷
নাৰদেও আসি কৃষ্ণক উপাসি ৷
বচন প্ৰকাশি গৈলন্ত সম্ভাষি ৷৷
কংসে পাঞ্চিল অক্ৰূৰে বাঞ্চিল ৷
ভকতি সাঞ্চিল চেতন নাছিল ৷৷
কৃষ্ণ খোজচয় দেখি মহাশয় ৷
ভৈলন্ত বিস্ময় নসহে হৃদয় ৷৷
ৰোম শিহৰি জাম্প দিয়া পৰি ৷
কৃষ্ণ কৃষ্ণ বড়ি ফুৰন্ত বাগৰি ৷৷
অনন্তৰে গৈয়া কৃষ্ণক দেখিয়া ৷
প্ৰেম উপজিয়া দ্ৰব ভৈল হিয়া ৷৷
পাৱত পৰিল লোতক ঝৰিল ৷
ভকতি কৰিল মাধৱে ধৰিল ৷৷
কৰিলা সাদৰ দেৱ দামোদৰ ৷
বিচেষ্টা কংসৰ জানি নিৰন্তৰ ৷৷
কৰিলা পয়াণ পুৰুষ পুৰাণ ৷
অনেক নিশান বজাইলা বিষাণ ৷৷
দেখি গোপীচয় নসহে হৃদয় ৷
ক্ৰন্দন কৰয় লোতক ঝৰয় ৷৷
দূতক পঠাইল মাধৱে বুজাইল ৷
ঘোঁৰাক ডকাইল অক্ৰুৰে খেদাইল ৷৷
চলে ৰথখান বায়ুৰ সমান ৷
কৰিবে মধ্যাহ্ন ৰাখিলন্ত যান ৷৷
ৰথ তৰুতলে থৈয়া মহাবলে ৷
অক্ৰূৰে সচলে বুৰ দিলা জলে ৷৷
অনন্ত শয্যাত কৃষ্ণক সাক্ষাত ৷
দেখি প্ৰণিপাত কৰি ষোড়হাত ৷৷
নানা তুতি ৰড়ি পাছে ৰথে চৰি ৷
মথুৰা নগৰী গৈলা দৰদৰি ৷৷
অক্ৰূৰক হৰি পঠাই আগকৰি ৷
চাহিবে নগৰী চলি গৈলা হৰি ৷৷
গজগতি লীলা মথুৰা ভ্ৰমিলা ৷
প্ৰজায়ে দেখিলা আনন্দ মিলিলা ৷৷
বঢ়াই আতি ৰতি গোপৰ সঙ্গতি ৷
কৰি লীলা গতি যান্ত লক্ষ্মীপতি ৷৷
যতেক সুন্দৰী আঞ্জলিক ভৰি ৷
পুষ্পবৃষ্টি কৰি পূঁজিলন্ত হৰি ৷৷
দেখন্তে মূৰুতি আনন্দে স্ফূৰুতি ৷
হোৱে বিচুৰুতি যতেক যুৱতী ৷৷
জুৰাই মন প্ৰাণ কৰে বহুমান ৷
নেত্ৰে কৰে পান নভাসয় আন ৷৷
ৰজকৰ কাল কৰিয়া তত্‍কাল ৷
বস্ত্ৰ ভাল ভাল লৈলন্ত গোপাল ৷৷
বেশকাৰজন পিন্দাইলা বসন ৷
সাৰূপ্য তেখন দিলা নাৰায়ণ ৷৷
মালা অনুপাম দিলেক সুদাম ৷
বৰ মন কাম দিলা কৃষ্ণ ৰাম ৷৷
পিন্ধাইল সুন্দৰী চন্দন সাদৰি ৷
তাইক ঋজু কৰি থৈলা দেৱহৰি ৷৷
পশি যাগ শাল ধৰিয়া তত্‍কাল ৷
ধনুক দুফাল কৰিয়া গোপাল ৷৷
পাছে নাৰায়ণ সঙ্গে গোপগণ ৷
কৰিয়া ভোজন কৰিয়া শয়ন ৷৷
প্ৰভাতে ৰজনী দুন্দুভিৰ ধ্বনি ৷
ৰামকৃষ্ণ শুনি লৰিলা আপুনি ৷৷
দ্বাৰৰ ওচৰ পাইলা যদুবৰ ৷
দেখিয়া কুঞ্জৰ ভেটিলা সত্বৰ ৷৷
কৃষ্ণে তাক পাৰি দশন উভাড়ি ৷
মাৰিলন্ত বাড়ি প্ৰাণ গৈল ছাড়ি ৷৷
স্কন্ধে হস্তী দন্ত সভা পশিলন্ত ৷
শোভে লক্ষ্মীকান্ত ৰঙ্গে লোকে চান্ত ৷৷
চন্দ্ৰৰ মণ্ডল বদন বিমল ৷
তাতে ঘৰ্ম্মজল ৰঞ্জে গণ্ডস্থল ৷৷
আইলো যুজো বুলি চানুৰে হাম্ফুলি ৷
আছাড়িয়া তুলি মাৰিলা সমূলি ৷৷
মুষ্টিক ধৰিল সমৰ কৰিল ৷
ৰামে সংহৰিল লীলায়ে মাৰিল ৷৷
আনো যত মাল কৰয় আস্ফাল ৷
ধৰিলা তত্‍কাল বধিলা গোপাল ৷৷
বজাৱে বাজন ৰঙ্গে নাৰায়ণ ৷
সঙ্গে শিশুগণ কৰন্ত ভ্ৰমণ ৷৷
চৰণ চলাই নূপুৰ বজাই ৷
নাচে যদুৰাই প্ৰজা আছে চাই ৷৷
কৃষ্ণৰ কিঙ্কৰ ৰচিল শঙ্কৰ ৷
শুনা সৱ নৰ কৰ্ম্ম কেশৱৰ ৷৷
কত তপসাই নৰ তনু পাই ৷
ভকতি বিনাই ব্যৰ্থে আয়ু যায় ৷৷
আবে বুধজন এৰা আন মন ৷
যাৱত চেতন ভজা নাৰায়ণ ৷৷
নকৰা বিমতি কলিত সম্প্ৰতি ৷
বিনা লক্ষ্মীপতি নাহি আন গতি ৷৷
জানি হেন কৰা কৃষ্ণক সুমৰা ৷
আপোনো নিস্তৰা পুৰুষ উদ্ধাৰা ৷৷
মাধৱৰ নাম ধৰ্ম্ম অনুপাম ৷
এড়ি আন কাম বোলা ৰাম ৰাম ৷৷

 

৷৷ ঘোষা ৷৷

৷৷ ত্ৰাহি ত্ৰাহি ৰাম কৰিলো প্ৰণাম ৷৷

পদ

কংসে পাৰে গালি শুনি বনমালী ৷
দেৱে চাঙ্গ চালি চৰিলা আটালি ৷৷
কেশত কংসৰে ধৰি বাম কৰে ৷
টানি আড়ম্বৰে পেহ্লাইলা ঈশ্বৰে ৷৷
পাচে দামোদৰে তাহাৰ উপৰে ৷
জগতৰ ভৰে পৰিলা সত্বৰে ৷৷
মৰি কংস ৰায় ধৰি দিব্য কায় ৷
বৈকুণ্ঠক পাই থাকিলা লীলায় ৷৷
পাছে যদুৰাই কংসক ঘসাই ৷
ফুৰাইলা লীলাই লোকক দেখাই ৷৷
তাৰ অষ্টভাই ক্ৰোধে আসে ধাই ৷
দেখি যদুৰাই মাৰিলা কোবাই ৷৷
পিতা মাতাৰ নিহল লোহাৰ ৷
ছোড়ি বাৰম্বাৰ কৰি নমস্কাৰ ৷৷
এন্তে চক্ৰপাণি মনে অনুমানি ৷
দৰে দুয়ো প্ৰাণী নোবোলন্ত বাণী ৷৷
মায়া আৱৰিল কৃষ্ণক ধৰিল ৷
ক্ৰন্দন কৰিল লোতক ঝড়িল ৷৷
কৃষ্ণত ভকতি কৰি মহামতি ৷
উগ্ৰসেন তথি ভৈলন্ত নৃপতি ৷৷
পাছে নন্দ পাশ আসি শ্ৰীনিবাস ৷
কহে প্ৰিয় ভাষ কৰিয়া আশ্বাস ৷৷
সুনা বজ্ৰপতি চলা শীঘ্ৰ গতি ৷
শোক মোক প্ৰতি তেজিয়ো সম্প্ৰতি ৷৷
দিন কতমান থাকি ইটো স্থান ৷
তব সন্নিধান কৰিবো প্ৰয়াণ ৷৷
শুনি গোপ কুল হিয়ে যেন শূল ৷
কান্দিয়া আকুল আসিয়া গোকুল ৷৷
গৰ্গ পুৰুহিত শাস্ত্ৰৰ বিহিত ৷
যজ্ঞ উপবিত দিলা হৰষিত ৷৷
ৰঙ্গে ৰাম হৰি ব্ৰহ্মচৰ্য্য ধৰি ৷
অৱন্তি নগৰী গৈলা লীলা কৰি ৷৷
গুৰুক বিনয় কৰি কৃপাময় ৷
পঢ়িলন্ত তয় যত শাস্ত্ৰচয় ৷৷
পাছে শাস্ত্ৰ জানি গুৰু বাক্য মানি ৷
মৰা পুত্ৰ আনি দিলা চক্ৰপাণি ৷৷
গোপীৰ প্ৰেমক জানি উদ্ধৱক ৷
পঠাই গোকুলক বজাইলা নন্দক ৷৷
কৃষ্ণক স্মৰিল চেতন হৰিল ৷
ক্ৰন্দন কৰিল লোতক ঝৰিল ৷৷
কৃষ্ণৰ বচন শুনি গোপীগণ ৷
প্ৰেমত ক্ৰন্দন কৰে অণুক্ষণ ৷৷
উদ্ধৱে বুজাইল কিছু শ্ৰুতি পাইল ৷
কৃষ্ণ গুণ গাইল দিবস গোৱাইল ৷৷
কৃষ্ণে কৰি লীলা বাক্য সাম্ফলিলা ৷
কুঁজীকো তুষিলা মথুৰা ভ্ৰমিলা ৷৷
গৃহে অক্ৰুৰৰ গৈলা দামোদৰ ৷
অক্ৰুৰে বিস্তৰ কৰিল সাদৰ ৷৷
মাগধ ৰাজ্যৰ সেনা বাৰেবাৰ ৷
কৰিয়া প্ৰহাৰ মাৰিলা অপাৰ ৷৷
দ্বাৰকা সকলে নিৰ্ম্মিলাহা জলে ৷
প্ৰজাক সকলে নিলা যোগ বলে ৷৷
কাল যবনৰ আগে মনোহৰ ৷
দেখাই কলেৱৰ যান্ত দামোদৰ ৷৷
যেন নৱঘন তনু বিতোপন ৷
সুপীত বসন কমল নয়ন ৷৷
কিৰীটি কুণ্ডলে অলঙ্কাৰ জ্বলে ৷
হাৰ বক্ষস্থলে পদ্মমালা গলে ৷৷
ৰত্নৰ মোলান বাহু চাৰিখান ৷
নাহিকে সমান সৰ্ব্বাঙ্গ সুঠান ৷৷
আজানু লম্বিত মেখলা কটিত ৷
পাট ভুমি পীত লোটয় মাটিত ৷৷
চৰণ পল্লৱ নূপূৰৰ ৰৱ ৷
সুনন্তে উত্‍সৱ চলন্ত মাধৱ ৷৷
যবনে দেখিল পাছত খেদিল ৷
লাগক নেদিল গহ‌বৰে পশিল ৷৷
মুচকুন্দ ৰায় শুতিয়া তথায় ৷
আছে নিদ্ৰা যায় তাঙ্ক গৈলা পায় ৷৷
মাৰিলা চৰণে জাগিলা তেখনে ৷
চাহিল নয়নে মাৰিল তেখনে ৷৷
দেখিল নৃপতি পাছে যদুপতি ৷
কৰিলন্ত স্তুতি অনেক ভকতি ৷৷
কৈলা উপদেশ মাধৱে নিঃশেষ ৷
ৰাজা ছাড়ি দেশ এৰাইলন্ত ক্লেশ ৷৷
কৃষ্ণ পদে ৰতি কৰে মহামতি ৷
পাইলন্ত নৃপতি ভগৱন্ত গতি ৷৷
বেৱত নৃপতি দুহিতা ৰেৱতী ৷
বিহাইলন্ত তথি বলো মহামতি ৷৷
ভীষ্মক দুহিতা ৰূপে আনন্দিতা ৷
কৰে সুচৰিতা কৃষ্ণপতি চিন্তা ৷৷
তান ভাই জ্যেষ্ঠ ৰুক্মবীৰ দুষ্ট ৷
কৃষ্ণৰ অনিষ্ট চিন্তয় অশিষ্ট ৷৷
ৰুক্মিণী শুনিল ৰুক্ম দুষ্টশীল ৷
মাধৱে বঞ্চিল শিশুপালে দিল ৷৷
শোক উথলিল ক্ৰন্দন কৰিল ৷
চিত্ত প্ৰবোধিল উপায় স্ৰজিল ৷৷
পত্ৰক গোপনে লিখিয়া আপোনে ৷
পঠাইল ব্ৰাহ্মণে দ্বাৰকা ভুবনে ৷৷
সেহি বাক্য ধৰি পাছে দেৱ হৰি ৷
বিদৰ্ভ নগৰী গৈলা শীঘ্ৰ কৰি ৷৷
দুষ্ট ৰাজাগণ জিনি নাৰায়ণ ৷
ৰুক্মিণী হৰণ কৰিলা তেখন ৷৷
ৰুক্মে যুদ্ধ দিল মাধৱে জিনিল ৷
চক্ৰক ধৰিল মৃণ্ডন কৰিল ৷৷
পাছে দেৱ হৰি আসি নিজ পুৰী ৷
ৰুক্মিণী সুন্দৰী বিহাইলা সাদৰী ৷৷
আৰাধি সূৰ্য্যক পায়া স্যমত্নক ৷
সত্ৰাজিতে তাক আনিলা গৃহক ৷৷
খোজে নাৰায়ণে নেদিল দুৰ্জ্জনে ৷
পিন্ধিয়া প্ৰসেনে চলি গৈল বনে ৷৷
সিংহে দেখিল তাহাঙ্ক বধিল ৷
স্যমন্তক মিল পৰ্ব্বতে চড়িল ৷৷
দেখি জাম্বৱন্ত তাক মাৰিলন্ত ৷
মণিক লৈলন্ত গৰ্ত্তক গৈলন্ত ৷৷
উঠি গৈল তঙ্ক সত্ৰাজিত বঙ্ক ৷
কৃষ্ণক কলঙ্ক দিলেক নিঃশঙ্ক ৷৷
জানিঅ নাৰায়ণ লৈয়া সেনাগণ ৷
মণিৰ কাৰণ প্ৰবেশিলা বন ৷৷
বুজি সবে তত্ব গৰ্ত্তৰ বাজত ৷
থৈয়া সেনা যত পশিল গৰ্ত্তত ৷৷
জিতি ঋক্ষপতি দেৱ যদুপতি ৷
স্যমন্ত সহিতি পাইলা জাম্বৱতী ৷৷
দ্বাৰকাক আইলা মণিক দেখাইলা ৷
কলঙ্ক এৰাইলা আনন্দক পাইলা ৷৷
সবাৰ সাক্ষাতে মণিক তথাতে ৷
সত্ৰাজিত হাতে দিলা জগন্নাথে ৷৷
পাছে সত্ৰাজিত স্যমন্ত সহিত ৷
কন্যাৰ লগত দিলন্ত হৰিত ৷৷
কালিন্দী সুন্দৰী সাধে তপ কৰি ৷
জানি তাক হৰি আনিলা সাদৰি ৷৷
মিত্ৰাবিন্দা সতী অতি ৰূপৱতী ৷
পায়া যদুপতি আইলা দ্বাৰাৱতী ৷৷
জিনি বৃষ সাত দেৱ যদুনাথ ৷
সত্যাক তথাত বিহাইলা সাক্ষাত ৷৷
আত অনন্তৰে বিহাইলা সত্বৰে ৷
ভদ্ৰাক সাদৰে দেৱ দামোদৰে ৷৷
বানক প্ৰহাৰি লক্ষক বিদাৰি ৷
লক্ষণা কুমাৰী আনিলা মুৰাৰী ৷৷
ৰূপে আসৰিসি অষ্টম মহিষী ৷
বিইহাইলন্ত হৰি বিক্ৰম দৰশি ৷৷
নৰকক মাৰি আনন্দে মুৰাৰি ৷
ষোড়শ হাজাৰী পাইলা দিব্য নাৰী ৷৷
শুনি প্ৰিয়াবাণী জিনি বজ্ৰপাণি ৷
পাৰিজাত আনি ৰুইলা চক্ৰপাণি ৷৷
সুধৰ্ম্মা সভাক পঠাই দ্বাৰকাক ৷
বুলি স্তুতি বাক গৈলা দেৱ্জাক ৷৷
দেৱৰ সম্পত্তি দ্বাৰকাক প্ৰতি ৷
আনি যদুপতি কৰিলন্ত ৰতি ৷৷
পৰিহাস কৰি বুলিলন্ত হৰি ৷
ৰুক্মিণী সুন্দৰী শুনি গৈল ডৰি ৷৷
কৃষ্ণ পৰিহাস শুনিয়া নৈৰাশ ৷
ভৈলন্ত হতাশ নোলাই উশাস ৷৷
মৰ্ম্ম গৈল জ্বলি পৰিলন্ত ঢলি ৷
কেশৱে আকুলি চাৰি বাহু মেলি ৷৷
ধৰিলন্ত তুলি মলচিলা ধুলি ৷
প্ৰিয় বাক্য বুলি বান্ধিলন্ত চুলি ৷৷
লভিয়া চেতন বুলিলা বচন ৷
প্ৰেমে অনুক্ষণ ঝৰয় নয়ন ৷৷
প্ৰিয়ায়ে সহিতে সকৰুণ চিত্তে ৷
ক্ৰীড়িলা তহিতে বদন হাসিতে ৷৷
ঐকৈক ভাৰ্য্যাত দশ দশ জাত ৷
তনয় সাক্ষাত জগত প্ৰক্ষাত ৷৷
কৃষ্ণ পুত্ৰ নাতি ভৰিলেক আতি ৷
ৰঙ্গে দিলে ৰাতি বঞ্চে যত জ্ঞাতি ৷৷
ষোড়শ হাজাৰ মন্দিৰে অপাৰ ৷
কিৰূপে বিহাৰ কৰে সৰ্ব্বসাৰ ৷৷
হেন বিমৰসি পাছে দেৱঋষি ৷
দ্বাৰকাত পশি চাহিয়া হৰিসি ৷৷
ঘৰে ঘৰে নৱ ঐশ্চৰ্য্য বিভৱ ৷
কৰন্ত মাধৱ দেখন্তে উত্‍সৱ ৷৷
গৃহৰ সম্পদ দেখিয়া নাৰদ ৷
নয়ন তবধ ভৈল নিশবদ ৷৷
প্ৰদুত্‍ন্ম তনয় ভৈলন্ত দুৰ্জ্জয় ৷
অনিৰুদ্ধ তয় অতি শোভনয় ৷৷
তান বিবাহত বলোৰ হাতত ৷
আপোন ঘৰত ৰুক্ম ভৈল হত ৷৷
ঊষাক হৰিল বন্ধন কৰিল ৷
মাধৱে শুনিল যুদ্ধক চলিল ৷৷
বানৰ কাতৰে যুজিলন্ত হৰে ৷
বিজম্ভণ শৰে মুহিলা শঙ্কৰে ৷৷
স্তুতি আৰম্ভিল মাধৱে দেখিল ৷
যুদ্ধ উপেখিল বানক ৰাখিল ৷৷
দানৱ মুগুধ এৰিলন্ত যুদ্ধ ৷
দিল হুয়া শুদ্ধ ঊষা অনিৰুদ্ধ ৷৷
কৃষ্ণে ৰঙ্গ পাইলা দ্বাৰকাক আইলা ৷
বিবাহ কৰাইলা বাজন বজাইলা ৷৷
বাম হাতে ধৰি নৃগক উদ্ধাৰি ৷
দ্বাৰকাক নগৰী ৰঙ্গে গৈলা হৰি ৷৷
হৰি দ্বেষী ধন্ধ ৰাজা জৰাসন্ধ ৷
কৰিয়া প্ৰবন্ধ নিপাতিলা স্কন্ধ ৷৷
পশিল শৰণ যত ৰাজা গণ ৷
ছোড়াইলা বন্ধন দেৱ নাৰায়ণ ৷৷
ৰূপে বিতোপন দিলা দৰিশন ৷
দেখি ৰাজা গণ হৰষিত মন ৷৷
পাৱত পৰিল প্ৰেম উপজিল ৷
লোতক ঝৰিল ক্ৰন্দন কৰিল ৷৷
পাছে হৃষীকেশ গুচাই সব ক্লেশ ৷
ভুষিয়া অশেষ পঠাই দিলা দেশ ৷৷
যুধিষ্ঠিৰ ৰাই মাধৱক পাই ৷
অবনত কায় অৰ্চ্চিল সদায় ৷৷
ৰাজা শিশুপালে গৰ্জ্জিল আস্ফালে ৷
সেহি যজ্ঞশালে বধিলা গোপালে ৷৷
কুৰু পাণ্ডুদল খেলাই পাশা ছল ৷
মিলাইলা কন্দল ভকত বত্‍সল ৷৷
মহা ভয়ঙ্কৰ মিলাইলা সমৰ ৷
পৃথিৱীৰ ভাৰ হৰিলা ঈশ্বৰ ৷৷
পৌণ্ডক ৰাজাৰ শুনি অহঙ্কাৰ ৷
শিৰ ছেদি তাৰ চিন্তিলাহা মাৰ ৷৷
শালৱ নৃপতি যুদ্ধক সম্প্ৰতি ৷
দ্বাৰকাক প্ৰতি আসিল দুৰ্ম্মতি ৷৷
বেঢ়ি দ্বাৰকাক হানি অস্ত্ৰজাক ৷
মিলাইল বিপাক দেখি খেদি তাক ৷৷
হাতে চক্ৰ ধৰি দেৱ শ্ৰীহৰি ৷
শাল্বক সংহৰি ৰৈলা ৰঙ্গ কৰি ৷৷
দ্বাৰকাক থিৰ কৰি মহাবীৰ ৷
কাশী নৃপতিৰ ছেদিলন্ত শিৰ ৷৷
ৰিপু নৃপ যত সমৰে শকত ৷
সবাকো ৰণত কৰিলাহা হত ৷৷
বদতি শঙ্কৰ শুনা সবে নৰ ৷
ইটো সাৰতৰ বেদৰ উত্তৰ ৷৷
হৰি বিনে আৰ নাহিকে নিস্তাৰ ৷
অসাৰ সংসাৰ জানা সাৰেসাৰ ৷৷
পৰলোক ভয় এভো নুপজয় ৷
ঘোৰ যমালয় গমন নিশ্চয় ৷৷
কেনমতে তাত যাতনাৰ হাত ৷
ঘোৰ উতপাত এৰাইবা সাক্ষাত ৷৷
পাতক হৰণ দুৰ্গতি তৰণ ৷
হৰিৰ চৰণ পশিয়ো শৰণ ৷৷
ঘোৰ কলিকাল অধৰ্ম্ম বিশাল ৷
এৰা আলজাল ভজিয়ো গোপাল ৷৷
কৃষ্ণ গুণ নাম ধৰ্ম্ম অনুপাম ৷
এৰি আন কাম বোলা ৰাম ৰাম ৷৷

 

৷৷ ঘোষা ৷৷

৷৷ নমো কৃষ্ণ ৰাম তুমি পূৰ্ণকাম ৷৷

পদ

প্ৰদ্যুম্নক ঘৰে হৰিল সম্বৰে ৷
মাৰিবাক তৰে পেলাইল সাগৰে ৷৷
দানৱক মাৰি হৃদয় বিদাৰি ৷
পাইলা নিজ নাৰী আনিলা উদ্ধাৰি ৷৷
ৰামে কৰি লীলা ব্ৰজত ক্ৰীড়িলা ৷
লাঙ্গল টানিলা যমুনা আনিলা ৷৷
দ্বিবিদ বানৰে উপদ্ৰৱ কৰে ৷
মাৰিলা সমৰে দেৱ হলধৰে ৷৷
তীৰ্থস্নান কৰি কৰ্ম্মক প্ৰচাৰি ৷
কুশক প্ৰহাৰি সুত থৈলা মাৰি ৷৷
পৰম দন্দুৰ বল্বল অসুৰ ৷
কৰি মষিমূৰ নিলা যমপুৰ ৷৷
সাম্যৰ নিদান পুৰুষ পুৰাণ ৷
কৌৰৱৰ থান কৰিলা পয়াণ ৷৷
কৌৰৱৰ ছল দেখি মহাবল ৷
জ্বলে ক্ৰোধানল ভেজাইলা লাঙ্গল ৷৷
উভতে নগৰ ভয়ে তৰবৰ ৷
কৰিয়া কাতৰ দিল কন্যা বৰ ৷৷
সুভদ্ৰা বৰিল অৰ্জ্জুন হৰিল ৷
বলোৱে শুনিল লাঙ্গল ধৰিল ৷৷
দেখি লক্ষ্মীপতি বুলিলা মিনতি ৷
তুষ্ট ভৈলা মতি পাণ্ডৱৰ প্ৰতি ৷৷
বলোৰ চৰিত্ৰ অতি বিপৰীত ৷
হৰয় দূষিত শুনন্তে অমৃত ৷৷
বিপ্ৰ দামোদৰ দ্বাৰকা নগৰ ৷
গৈল মনোহৰ মাধৱৰ ঘৰ ৷৷
মাধৱে ধৰিল প্ৰণতি কৰিল ৷
প্ৰেম ওপজিল লোটক ঝৰিল ৷৷
অনেক সাদৰি ভৃঙ্গাৰক ধৰি ৷
ধুৱাইলন্ত ভৰি অৰ্চ্চিলন্ত হৰি ৷৷
কৰুণ সদন দৈৱকী নন্দন ৷
কৰিলা বন্দন পিন্ধাইলা চন্দন ৷৷
কহিয়া কাহিনী বুলি প্ৰিয়বাণী ৷
চাউল-চিড়া আনি ভুঞ্জি চক্ৰপাণি ৷৷
ইন্দ্ৰৰ বিভূতি দিলন্ত ভূমিতি ৷
পাইলন্ত ভুকুতি অনন্ত মূকুতি ৷৷
দাৰিদ্য ভঞ্জন পাতক গঞ্জন ৷
ভকত ৰঞ্জন দেৱ নিৰঞ্জন ৷৷
জনকৰ ঘৰ গৈলা দামোদৰ ৷
নৃপতি বিস্তৰ কৰিল সাদৰ ৷৷
শ্ৰূতদেৱ ৰায় মাধৱক পাই ৷
অৱনত কায় অৰ্চ্চিলা সদায় ৷৷
কৰিলন্ত তুতি তযু যদুপতি ৷
গুণ নামে গতি জানিলো সম্প্ৰতি ৷৷
জানো নিৰন্তৰ কৰ্ম্মীৰ মনৰ ৷
থাকন্তে অনন্তৰ হোৱা দামোদৰ ৷৷
শ্ৰৱণ কীৰ্ত্তন কৰে যিটো জন ৷
তাতএসে প্ৰসন্ন হোৱা নাৰায়ণ ৷৷
ভকতি বিনয় শুনি কৃপাময় ৷
মনৰ নিশ্চয় গুচাইলা সংশয় ৷৷
কহিলন্ত পথ পুৰি মনোৰথ ৷
দ্বাৰকাৰ পথ চলাইলন্ত ৰথ ৷৷
কোন পথে সন্ত ৰাজা পুছিলন্ত ৷
শুনিয়া মহন্ত শুকে কহিলন্ত ৷৷
শুনা নৃপবৰ বেদৰ উত্তৰ ৷
ভকতিত পৰ নাহি সাৰতৰ ৷৷
শিৰৰ ৰতন মন্ত্ৰৰ বচন ৷
শ্ৰৱণ-কীৰ্ত্তন কৰে অনুক্ষণ ৷৷
ইসে পন্থ সন্ত কৈলা ভগৱন্ত ৷
নপাই আৰ অন্ত সংসাৰে মহন্ত ৷৷
পিতৃৰ বচনে যজ্ঞে ৰঙ্গমনে ৷
কৰাই বস্ত্ৰ ধনে তুষিলা ব্ৰাহ্মণে ৷৷
গোপিকা সহিতি মিলিলা তহিতি ৷
ভকতিৰ ৰীতি পীৰিতি কহিলা ৷৷
নন্দ যশোদাক বুলি প্ৰিয় বাক ৷
গৈলা দ্বাৰকাক যত যদুজাক ৷৷
প্ৰাৰ্থিলন্ত জানি দৈৱকী গোঁসানী ৷
ছয় পুত্ৰ আনি দিলা চক্ৰপাণি ৷৷
দেৱ কৃপাময় আনি দিলা তয় ৷
বিপ্ৰৰ তনয় ৰাখি ধনঞ্জয় ৷৷
বীৰত্বে নিপুণ আনন্দে আপোন ৷
যত হৰি গুণ বৰ্ণাইল অৰ্জুন ৷৷
জগত আধাৰ দৈৱকী কুমাৰ ৷
সংসাৰ নিস্তাৰ হেতু অৱতাৰ ৷৷
লীলায়ে বিহাৰ কৰিলা অপাৰ ৷
তাক কহিবাৰ শকতি কাহাৰ ৷৷
শুনা নিৰন্তৰ কৰ্ম্ম কেশৱৰ ৷
কৃষ্ণৰ কিঙ্কৰ ৰচিল শঙ্কৰ ৷৷
কত তপসাই নৰ তনু পায় ৷
ভকতি বিনাই ব্যৰ্থে আয়ু যায় ৷৷
মাধৱেসে পিতা মাধৱেসে মাতা ৷
মাধৱেসে ধাতা মাধৱেসে দাতা ৷৷
মাধৱত পৰ ত্ৰৈলোক্য ভিতৰ ৷
নাহিকে ঈশ্বৰ জানা সাৰতৰ ৷৷
মিলিবে মৰণ জগত তৰণ ৷
কৃষ্ণৰ চৰণ পশিয়ো শৰণ ৷৷
দুৰ্ঘোৰ কলিত চিন্তিয়োক হিত ৷
মাধৱত চিত্ত দিয়া প্ৰতিনিত ৷৷
আয়ু আলে জালে যাই পাইলে কালে ৷
ভজিয়ো সকলে ৰাখিবে গোপালে ৷৷
গুন চিন্তামণি দুৰ্গতি তৰণী ৷
পাপৰ অগনি ঘুষিয়োক চনি ৷৷
নাহিকে চেতন কেদিন জীৱন ৷
হৰিৰ কীৰ্ত্তন কৰিও যতন ৷৷
কীৰ্ত্তন বিনাই আন পুন্য নাই ৷
শাস্ত্ৰ অভিপ্ৰায় বুজিয়োক চাই ৷৷
তেবেসে নিস্তৰি আন পৰিহৰি ৷
হৃদি ৰূপ ধৰি বোলা হৰি হৰি ৷৷

 

৷৷ ঘোষা ৷৷

৷৷ বোলা ৰাম ৰাম ছাড়া আন কাম ৷৷

পদ

কৃষ্ণৰ পৰম জনম কৰম ৷
ভৈল অনুক্ৰম সম্পুৰ্ণ দশম ৷৷
আৱে একাদশ শুনা কৃষ্ণ যশ ৷
মুকুতিৰ ৰস ভকতি সৰ্ব্বস ৷৷
ভাৰক সংহৰি পৃথিৱী উদ্ধৰি ৷
বিমৰিষ কৰি বুলিলন্ত হৰি ৷৷
ইটো যদুকুল ভাৰ সুবিপুল ৷
লগাই হুলস্থুল কৰিবো নিৰ্ম্মুল ৷৷
অনাই ঋষি বল দিয়াই শাপ ছল ৷
মিলাইলা মূষল দেখন্ত বিহবল ৷৷
ত্ৰিদশ সহিতি আসি প্ৰজাপতি ৷
কৰিলন্ত নতি অনেক ভকতি ৷৷
ভকত বান্ধৱ কুল পৰাভৱ ৷
কৰিবে মাধৱ জানিলা উদ্ধৱ ৷৷
বুজি সবে মত কৃষ্ণৰ আগত ৷
পৰি দণ্ডৱত বোলে বিৰলত ৷৷
কুলক সংহৰি মোক পৰিহৰি ৷
বৈকুণ্ঠ নগৰী চলিবাহা হৰি ৷৷
মোৰ প্ৰাণধন তোমাৰ চৰণ ৷
নপাই নাৰায়ণ তেজিবো জীৱন ৷৷
তোমাৰ কিঙ্কৰ কৰোহো কাতৰ ৷
নকৰা অন্তৰ মোক দামোদৰ ৷৷
ধৰিয়া চৰণে বিনয় বচনে ৷
লোতক নয়নে কৰে অনুক্ষণে ৷৷
উদ্ধৱ মহন্ত পৰিয়া কান্দন্ত ৷
দেখি ভগৱন্ত হাসিয়া বোলন্ত ৷৷
মোহোৰ হৃদয় পাইলা মহাশয় ৷
মোৰ কুলক্ষয় চলিবো নিশ্চয় ৷৷
ভৈল বিৰকতি সপ্ৰেম ভকতি ৷
কহিবো সম্প্ৰতি শুনা মহামতি ৷৷
যত মহাজ্ঞান যত যোগ ধ্যান ৷
কৰিলা ব্যাখ্যান পুৰুষ পুৰাণ ৷৷
দেখাইলন্ত সম কৈলা নিৰুপম ৷
ভক্তি মুখ্যতম পুৰুষ উত্তম ৷৷
নিৰ্গুণ ভকতি নিৰ্গুণত মতি ৷
নিৰ্গুণত ৰতি নিৰ্গুণত গতি ৷৷
নিৰ্গুণত জ্ঞান নিৰ্গুণত ধ্যান ৷
নিৰ্গুণত স্থান কৈলা সৰ্ব্বজ্ঞান ৷৷
জ্ঞানত কৰ্ম্মত কৰি সাৰ তত্ব ৷
ভকতি যিমত কৰিলোঁ বেকত ৷৷
ব্ৰহ্মা লক্ষী হৰ ইটো কলেৱৰ ৷
তাতো শ্ৰেষ্ঠতৰ ভক্ত প্ৰিয়তৰ ৷৷
ভকতেসে জ্ঞান ভকতেসে ধ্যান ৷
ভকত সমান নাহি মোৰ আন ৷৷
দেৱতো তীৰ্থত কৰিয়া ভকত ৷
তাৰিবে শঙ্কত কহিলো বেকত ৷৷
চিত্তে মোক ধৰি শোক পৰিহৰি ৷
দ্বাৰকাক এৰি চলা শীঘ্ৰে কৰি ৷৷
দেখিয়োক সম যায়ো নিৰুপম ৷
বদৰিকাশ্ৰম উদ্ধৱ উত্তম ৷৷
শুনি মহাবীৰ চিত্ত নোহে থিৰ ৷
কৃষ্ণে পৱে শিৰ দিয়া ঝৰে নীৰ ৷৷
চৰণ নেৰন্ত প্ৰেমত কান্দন্ত ৷
দেখি ভগৱন্ত প্ৰবোধ বোলন্ত ৷৷
উঠিয়োক সখি হিয়ে মোক দেখি ৷
বাহিৰে নিৰেখি ভ্ৰমিয়োক সখি ৷৷
কৃষ্ণৰ বচন শুনি সন্ধুক্ষণ ৷
কৰিল গমণ নচলে চৰণ ৷৷
খৰম দুইখানি মাথে বান্ধি আনি ৷
হিয়ে মুঠি হানি যান্ত মহামানী ৷৷
দ্বাৰকাৰ বাজ হুয়া বুজি কাজ ৷
পশি বনমাজ ৰৈলা যদুৰাজ ৷৷
মাধৱে চিন্তিল জ্ঞাতিক নিখিল ৷
প্ৰভাসক নিল জলত স্নানিল ৷৷
দান দিয়াইলা বাৰুণী পিয়াইলা ৷
প্ৰমত্ত কৰাইলা মাদুৰী হনাইলা ৷৷
হৰিল চেতন যত যদুগণ ৷
কৰিলেক ৰণ মিলিল মৰণ ৷৷
কৰি চিত্ত থিৰ ৰাম মহাবীৰ ৷
প্ৰভাসৰ তীৰ তেজিল শৰীৰ ৷৷
কৃষ্ণে স্নানি জলে অশ্বত্থৰ তলে ৷
বসিলা অকলে তনু আতি জ্বলে ৷৷
পীত বসন ৰুচিৰ দশন ৷
হাসিত বয়ন কমল নয়ন ৷৷
খচিত কনক ৰত্নৰ তিলক ৷
কুটিল অলক শোভে কপলোক ৷৷
মুকুত মাথাত ৰঞ্জে ৰত্ন তাত ৷
শ্ৰীবত্‍স হিয়াত চাৰু চাৰি হাত ৷৷
মকৰ কুণ্ডল শোভে গণ্ডস্থল ৷
চাৰু কুম্বুগল কৌস্তু উজ্জ্বল ৷৷
হিয়ে হেমহাৰ ৰত্নে ৰত্নে জাতিষ্কাৰ ৷
দিব্য মুকুতাৰ ৰঞ্জে অলঙ্কাৰ ৷৷
বনমালা উৰে আতি জ্যোতি কৰে ৷
মধু মধুকৰে ভুঞ্জিয়া গুঞ্জৰে ৷৷
কনকে গঠিত মেখলা কটিত ৷
জঙ্ঘা সুবলিত হোড়ৰে জড়িত ৷৷
চৰণ কমল নুপুৰ উজ্জ্বল ৷
আতি সুকুমল ৰঙা পদ

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!