মহিলাৰ ৰক্তহীনতাৰ বিষয়ে কিছু জানিবলগীয়া কথা- ডা: ভূপেন শইকীয়া

ৰক্তহীনতাক চিকিৎসা বিজ্ঞানৰ ভাষাত ‘এনিমিয়া’ বুলি কয়৷ অৱশ্যে আজিকালি মানুহৰ মুখে মুখে ‘এনিমিয়া’ শব্দটোৰ প্ৰচলন হ’বলৈ ধৰিছে৷ পুৰুষৰ তুলনাত দুগুন সংখ্যক মহিলাই এনিমিয়াত ভোগে৷ থুলমুলকৈ ইয়াৰ দুটা প্ৰমুখ  কাৰণ হ’ল-ঋতুস্ৰাৱ আৰু গৰ্ভধাৰণ৷
আমাৰ তেজত থকা ৰক্ত কণিকাই হিম’গ্লবিন নামৰ এবিধ প্ৰটিন কঢ়িয়াই লৈ ফুৰে৷ এই ৰক্ত কণিকাই আমাৰ শৰীৰৰ প্ৰতিটো কোষক অক্সিজেনৰ যোগান ধৰে৷ তেজত হিম’গ্লবিনৰ পৰিমান কম হোৱাকে এনিমিয়া বোলে৷ হিম’গ্লবিনৰ থাকিবলগীয়া সঠিক পৰিমান হ’ল: প্ৰাপ্তবয়স্ক পুৰুষৰ ক্ষেত্ৰত ১৩.৫ৰ পৰা ১৭.৫গ্ৰাম% আৰু প্ৰাপ্তবয়স্ক মহিলাৰ ক্ষেত্ৰত ১২.০ৰ পৰা ১৫.৫গ্ৰাম%।
এনিমিয়া উৎপন্ন হোৱাৰ নানান কাৰণ থাকিব পাৰে৷ ৰক্তহীনতাত ভোগা ৰোগীৰ চিকিৎসা কৰিবলৈ সেই কাৰণ চিনাক্ত কৰাটো আৱশ্যকীয়৷ তলত পুৰুষ-মহিলা উভয়ৰে ক্ষেত্ৰত প্ৰযোজ্য হোৱা এখন তালিকা ডাঙি ধৰিলোঁ আৰু চমুকৈ প্ৰতিটোৰে আলোচনা কৰিম৷
· লৌহ পদাৰ্থ বা আইৰণৰ অভাৱত হোৱা এনিমিয়া
· এপ্লাষ্টিক এনিমিয়া
· পাৰনিচিয়াচ এনিমিয়া
· ভিটামিনৰ অভাৱত হোৱা এনিমিয়া
· চিকল চেল এনিমিয়া
· থেলাচেমিয়া
· বিভিন্ন ৰোগৰ সংক্ৰমণৰ ফলত হোৱা এনিমিয়া
· হিমলাইটিক এনিমিয়া
· হুক ৱৰ্ম বা হাকোটা পেলুৱে কৰা এনিমিয়া
· হাঁড়ৰ মজ্জা বা ব’ন-মেৰোৰ বিজুটিৰ বাবে হোৱা এনিমিয়াএনিমিয়া হোৱাৰ সানমিহলি কাৰক:-আইৰণৰ অভাৱত হোৱা এনিমিয়া : ওপৰত উল্লেখ কৰা কাৰক সমূহৰ ভিতৰত আইৰণৰ অভাৱত হোৱা এনিমিয়াই নাৰীৰ এনিমিয়া হোৱাৰ প্ৰমুখ কাৰণ৷ মাহেকীয়াৰ সময়ত হোৱা অত্যধিক ৰক্তস্ৰাৱ- এগৰাকী মহিলাৰ যদিহে ৭দিন বা ততোধিক ৰক্তস্ৰাৱ হৈ থাকে৷ তেনেহ’লে তেওঁৰ স্বাভাৱিকতকৈ দুগুণ ৰক্তক্ষয় হয়৷ নাৰীৰ জৰায়ুৰ এণ্ডোমেট্ৰিয়চিচ ৰোগত অত্যধিক ৰক্তস্ৰাৱ হব পাৰে৷ গৰ্ভধাৰণৰ সময়ত শৰীৰক অধিক আইৰণৰ প্ৰয়োজন হয় যাতে হিমগ্লবিনৰ নিৰ্মাণ সুচাৰুৰূপে হয়৷ যদিহে খাদ্যত আইৰণযুক্ত পদাৰ্থৰ অভাৱ ঘটে, মাতৃৰ এনিমিয়াৰ ফলত গৰ্ভস্থ সন্তানৰ বিকাশ বাধাপ্ৰাপ্ত হ’ব নাইবা গৰ্ভস্থ সন্তানৰ অপৈণত অৱস্থাত প্ৰসৱ হব পাৰে৷ আইৰণযুক্ত খাদ্য হ’ল মাংস, কণী, সেউজীয়া শাক (পূৰৈ, পালেং, মেথি, জিলমিল), বীন, কাজু বাদাম, আলু, পনীৰ, চয়াবীন আদি৷আভ্যন্তৰীন ৰক্তক্ষয়- পাক প্ৰণালীত ঘা,পলিপ, টিউমাৰ আদি থাকিলে পেটৰ ভিতৰত হোৱা ৰক্তক্ষৰণে আইৰণৰ অভাৱত হোৱা এনিমিয়া কৰিব পাৰে৷ এচপ্ৰিন, ডিচপ্ৰিন, চেৰিডন, এনাচিন বা আন সঘনাই খোৱা গা-মূৰ বিষৰ দৰবেও পাকস্থলীৰ পৰা ৰক্তক্ষৰণ ঘটাব পাৰে৷৷
আকৌ পাক প্ৰণালীৰ মাধ্যমেৰে বহু সময়ত আইৰণৰ শোষণ বাধাপ্ৰাপ্ত হোৱাটোও আইৰণৰ অভাৱত হোৱা এনিমিয়াৰ কাৰণ হ’ব পাৰে৷ ইয়াৰ উদাহৰণ হ’ল গেষ্ট্ৰিক বাইপাচ চাৰ্জাৰী, চিলিয়াক ডিজিজ৷
এপ্লাষ্টিক এনিমিয়া হ’ল এটি দূৰ্লভ কিন্তু অতিশয় বিপদজন ৰোগ৷ এই ৰোগত হাঁড়ৰ মজ্জাৰ পৰা সকলো ধৰণৰ কোষৰ নিৰ্মাণ বাধাগ্ৰস্ত হয়৷ ৰক্ত কণিকা, শ্বেত কণিকা আৰু প্লেটলেটৰ কমকৈ উৎপাদন হয়৷ এন্টি-থ্ৰম্বচাইট-গ্লুবুলিনৰ দ্বাৰা এপ্লাষ্টিক এনিমিয়াৰ চিকিৎসা কৰা হয়৷পাৰনিচিয়াচ এনিমিয়া- শৰীৰৰ ৰক্ত কণিকাৰ নিৰ্মাণ কৰিবলৈ ভিটামিন-বি১২ ৰ আৱশ্যক হয়৷ ইনট্ৰিনচিক ফেক্টৰ নামৰ প্ৰটিনে ভিটামিন-বি১২ক সংগ দি আমাৰ পাক প্ৰণালীৰ পৰা ইয়াৰ শোষণত সহায় কৰে৷ ভিটামিন-বি১২যুক্ত খাদ্যৰ উৎস হ’ল- মাংস, কণী, সমুদ্ৰী মাছ, ডেইৰী প্ৰডাক্ট, ৰঙালাউৰ গুটি, বাদাম ইত্যাদি৷
ভিটামিনৰ অভাৱত হোৱা এনিমিয়া- ইতিমধ্যে ভিটামিন বি-১২ৰ অভাৱত হোৱা পাৰনিচিয়াচ এনিমিয়াৰ কথা পাঠকে অৱগত হৈছে৷ আন দুবিধ ভিটামিনৰ অভাবেও এনিমিয়া সৃষ্টি কৰিব পাৰে৷ সেই দুবিধ হ’ল ফলেট আৰু ভিটামিন-চি৷ ভিটামিন-বিৰ আন এটা নাম হ’ল ফলেট৷ ফলিক এচিড হ’ল মানৱ সৃষ্ট ফলেট৷ ফলেট থকা খাদ্যসমূহ হ’ল-সেউজীয়া শাক, সকলো ফলমূল,  বীন, বাদাম, মটৰ, কণী, ডেইৰী সামগ্ৰী, মাংস, সমুদ্ৰী মাছ আদি৷ ফলেটৰ অভাৱত হোৱা এনিমিয়াত ৰক্ত কণিকাৰ আকৃতি সামান্যতকৈ ডাঙৰ হয়৷ এনে অৱস্থাক মেগাল’ব্লাষ্টিক এনিমিয়া বোলে৷ স্বাভাৱিক ৰক্ত কণিকাৰ আয়ুস ১১৫দিন৷ কিন্তু এনে অস্বাভাৱিক ৰক্ত কণিকাৰ আয়ুস কম৷ লেবৰেটৰীত তেজৰ ফলেটৰ পৰিমাণ পৰীক্ষা কৰি অভাৱ হোৱা অৱস্থা চিনাক্ত কৰিব পাৰি৷
ভিটামিন-চিৰ অভাৱত এনিমিয়া হব পাৰে যদিহে আমি খাদ্যত উচিত পৰিমাণত ভিটামিন-চি গ্ৰহণ নকৰোঁ৷ ভিটামিন-চিৰ অভাৱত পাক প্ৰণালীত আইৰণৰ শোষণ বাধাপ্ৰাপ্ত হয়৷ গতিকে আইৰণৰ অভাৱত হোৱা এনিমিয়াও ইয়াৰ ফলত হব পাৰে৷ ভিটামিন-চিৰ অভাৱত এনিমিয়াত জিভাখন ৰঙা আৰু ডাঠ হৈ পৰে৷ ভিটামিন-চি থাকে টেঙা ফল (নেমু, কমলা, মৌচম্বী, জলফাই, আমলখি আদি), ব্ৰ’কলি, পালেং, বিলাহী, আভাকাডো ইত্যাদিত৷চিকল চেল এনিমিয়া- এনে ৰোগত জন্মগত কাৰণত অস্বাভাৱিক হিম’গ্লবিনযুক্ত ৰক্ত কণিকাই কাঁচিৰ আকৃতি লয় আৰু সময়ে সময়ে ভংগুৰতাৰ বাবে সংকট কালৰ সৃষ্টি কৰে৷ এনে ৰোগ অসমৰ চাহ বাগানৰ লোক আৰু ট্ৰাইবেল লোকৰ মাজত কিছু পৰিমাণে আছে বুলি জনা যায়৷ ব’ন মেৰো ট্ৰান্সপ্লান্টৰ দ্বাৰা চিকিৎসা কৰি এই জেনেটিক ৰোগত সুফল পোৱা যায়৷ বিজ্ঞানী সকলে জিন থেৰাপিৰ দ্বাৰা ভৱিষ্যতে এই ৰোগত সুফল পোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে।থেলাচেমিয়া- ইয়ো এক বংশানুক্ৰমে অহা এনিমিয়া ৰোগ৷ ইয়াৰ ফলত লোকজনৰ হিম’গ্লবিন কম থাকে৷ ইয়াৰ প্ৰকাৰ আলফা আৰু বিটা থেলাচেমিয়া হব পাৰে৷ থেলাচেমিয়াৰ ন্যুনতম লক্ষণ থকা লোকক একো চিকিৎসাৰ প্ৰয়োজন নহবও পাৰে৷ আনহাতে গুৰুতৰভাবে আক্ৰান্তজনক সময়ে সময়ে তেজদান কৰি থাকিবলগীয়া হ’ব পাৰে৷ এনে ৰোগীৰ সাধাৰণতে প্লীহা ডাঙৰ হোৱা দেখা যায়৷ হিম’গ্লবিন ইলেকট্ৰফৰচিচ নামৰ পৰীক্ষা লেবৰেটৰীত কৰিলে অস্বাভাবিক হিম’গ্লবিনৰ উপস্থিতি আৰু পৰিমাণ জনা যায়৷ থেলাচেমিয়া, চিকল চেল ডিজিজ আদি চিনাক্তকৰণৰ বাবে এই পৰীক্ষাৰ প্ৰয়োজন হয়৷ আমাৰ উত্তৰ পূৰ্বাঞ্চলত HbE বিটা থেলাচেমিয়াৰ ৰোগীৰ সংখ্যা অঞ্চলভেদে ১৬ শতাংশৰ পৰা ৪৭ শতাংশলৈকে৷
বিভিন্ন ৰোগৰ সংক্ৰমনৰ ফলত হোৱা এনিমিয়া- কৰ্কট ৰোগ, এইডচ, ৰিউমেটইড আৰ্থাইটিচ, কিডনীৰ ৰোগ, ক্ৰনজ ডিজিজ আদিৰ বাবে ৰক্ত কণিকাৰ উৎপাদন বাধাপ্ৰাপ্ত হব পাৰে৷হিমলাইটিক এনিমিয়া –এনে ধৰনৰ এনিমিয়াত ৰক্ত কণিকাৰ বিনষ্টীকৰণ ব’ন-মেৰোত হোৱা উৎপাদনৰ তুলনাত ক্ষিপ্ৰ হয়৷ ৰক্ত কণিকা এনেদৰে ধ্বংস হোৱাক হিমলাইচিচ বোলে৷ হিমলাইটিক এনিমিয়া জন্মগতভাবে (যেতিয়া পিতৃ-মাতৃয়ে জিন সন্তানক দিয়ে) হ’ব পাৰে৷  জন্মগতভাবে পোৱা হিমলাইটিক এনিমিয়াৰ উদাহৰণ হ’ল থেলাচেমিয়া আৰু চিকল চেল ৰোগ৷ কেতিয়াবা জীৱনৰ পৰৱৰ্তী কালটো বিভিন্ন কাৰণত হিমলাইটিক এনিমিয়া হব পাৰে৷ তেনে কিছুমান কাৰণ হব পাৰে তেজ প্ৰদানৰ পাৰ্শ্বক্ৰিয়া, কিছুমান  টিউমাৰ, তেজৰ কেঞ্চাৰ, কিছুমান দৰবৰ পাৰ্শ্বক্ৰিয়া (উদাহৰণ-পেনিচিলিন, মেলেৰিয়াৰ ঔষধ, চালফা ড্ৰাগচ), প্লীহাৰ অতি সক্ৰিয়তা৷হুক ৱৰ্ম বা হাকোটা পেলুৱে কৰা এনিমিয়া-হাঁকোটা পেলুৰ পোৱালিয়ে (লাৰভা) প্ৰদূষিত মাটিত খালি ভৰিৰে খোজ কৰা লোকৰ শৰীৰত ভৰিয়েদি প্ৰবেশ কৰি তেজৰ নলীয়েদি গৈ বৃহদ আন্ত্ৰত থিতাপি লয় আৰু বংশ বৃদ্ধি কৰে৷ এই হাঁকোটা পেলুৱে এগুণ তেজ শুহে কিন্তু তিনিগুণ ৰক্তক্ষৰণ ঘটাই বিপদজনক এনিমিয়াৰ সৃষ্টি কৰে৷ এটা সময়ত চাহ বাগিচাৰ বনুৱা আৰু গ্ৰামীন লোকৰ মাজত এনে ৰোগৰ বেচ প্ৰাদূৰ্ভাৱ আছিল৷ স্বাস্থ্য শিক্ষাৰ সম্প্ৰচাৰ হোৱাত মানুহে পথাৰৰ সলনি চেনিটেৰী লেট্ৰিনত মলত্যাগ কৰিবলৈ লোৱাত আৰু খালি ভৰিৰে খোজ কাঢ়িবলৈ বাদ দিয়াত এনে ৰোগৰ মাত্ৰা হ্ৰাস পাইছে৷
হাঁড়ৰ মজ্জা বা ব’ন-মেৰোৰ বিজুটিৰ বাবে হোৱা এনিমিয়া-
লিউকেমিয়া, মাইলোফাইব্ৰচিচ আৰু নানা বিধ কেঞ্চাৰ ৰোগত হাঁড়ৰ মজ্জাৰ বিজুটি ঘটে আৰু ৰক্ত কণিকাৰ উৎপাদন বাধাপ্ৰাপ্ত হয়৷এনিমিয়া হোৱাৰ সানমিহলি কাৰক-অট’ইমিউন ৰোগ, এলকহল, দৰবৰ পাশ্বক্ৰিয়া, সঘনাই ৰক্তদান কৰা ইত্যাদি৷আইৰণৰ অভাৱত হোৱা এনিমিয়াৰ লক্ষণসমূহ-অলপতে ভাগৰ লগা, উশাহ ছুটি হোৱা অৰ্থাৎশ্বাস-প্ৰশ্বাসত কষ্টৰ অনুভৱ, শাৰীৰিক দূৰ্বলতা, হৃদগতি একো নকৰি বহি থাকোঁতেও ক্ষিপ্ৰ হোৱা, শৰীৰৰ বৰণ শেতা পৰা, শৰীৰে ঠাণ্ডা অনুভৱ কৰা, মূৰঘূৰণি, সংজ্ঞা হেৰোৱা, ভ্ৰম, বুকুৰ বিষ হোৱা, হাত-ভৰিৰ উত্তাপ কমি যোৱা, মূৰৰ বিষ, মূৰটো পাতল যেন অনুভৱ হোৱা, নখবিলাক সহজে ভংগুৰ হোৱা (আনকি গুৰুতৰ এনিমিয়াত নখৰ আকৃতি চামুচৰ দৰে দ হৈ পৰে), জিভাখনত ঘা হয় বা ফুলি উঠে, খাদ্যৰ প্ৰতি ৰুচি হেৰুৱা, অস্বাভাৱিক বস্তু যেনে- মাটি, বৰফ খাবলৈ মন মেলা ইত্যাদি৷কৰিবলগীয়া যাৱতীয় পৰীক্ষা –
লেবৰেটৰী পৰীক্ষাৰ আগতে ৰোগীৰ হিষ্ট্ৰি জনাৰ একান্ত আৱশ্যক৷ কিয়নো বংশানুক্ৰমে এনিমিয়া আহিব পাৰে৷ পোনতেই আটাইটকৈ দৰকাৰী পৰীক্ষা হ’ল- CBC (Complete blood count).-  য’ত ৰক্ত কণিকা, শ্বেত কণিকা আৰু প্লেটলেটৰ সংখ্যা অৱগত হোৱাৰ উপৰিও হিম’গ্লবিন আৰু হিমাটক্ৰিটৰ তথ্য পোৱা যায়৷ হিমাটক্ৰিটৰ স্বাভাৱিক পৰিমাণ প্ৰাপ্তবয়স্ক পুৰুষৰ ৩৮.৮ৰ পৰা ৫০%আৰু প্ৰাপ্তবয়স্ক মহিলাৰ ৩৪.৯ৰ পৰা ৪৪.৯%থাকে৷ এনিমিয়া হলে হিম’গ্লবিনৰ ওপৰিও হিমাটক্ৰিটৰ পৰিমাণ হ্ৰাস পায়৷ ইয়াৰ উপৰিও কৰিবলগীয়া পৰীক্ষা হ’ল- ফেৰিটিনৰ পৰিমান (ফেৰিটিন হ’ল এবিধ প্ৰটিন যি শৰীৰত আইৰণ সংৰক্ষণত সহায় কৰে৷), ফলেট আৰু ভিটামিন-বি১২ ৰ পৰিমাণ৷ পাকপ্ৰণালীত ৰক্তক্ষৰণৰ সন্দেহ কৰিলে শৌচৰ ৰুটিন পৰীক্ষা আৰু অকাল্ট ব্লাডৰ পৰীক্ষা কৰাৰ ওপৰিও প্ৰয়োজন সাপেক্ষে এণ্ডস্কপিৰ সহায় লব লাগিব৷এনিমিয়াৰ চিকিৎসা-এনিমিয়া হোৱাৰ কাৰণ উদ্ভাৱন কৰি সেই অনুসৰি চিকিৎসা (দৰব, খাদ্যৰ যতন, ৰক্তপ্ৰদান) কৰাই হ’ল উত্তম পন্থা৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!