মহ আৰু বিৰিণা(-দ্বিজেন্দ্ৰ নাথ শৰ্মা)

আপুনি এখন শিক্ষানুষ্ঠানত শিক্ষা গ্ৰহণ কৰি আছে। এটাই আশা সেই শিক্ষানুষ্ঠানে প্ৰদান কৰা ডিগ্ৰী বা দিপ্লোমাৰ ভৰষাত এটা সংস্থানৰ বাট মুকলি হ’ব। কিন্তু শিক্ষাগ্ৰহণ কৰি থাকোতে বা শিক্ষাৰ অন্তত আপুনি গম পালে যে আপুনি গ্ৰহন কৰি থকা পাঠ্যক্ৰমটো বৈধ নহয়। নিশ্চয় আকাশী সৰগ মূৰত খহি পৰা অৱস্থা হ’ব। …. কিন্তু এই মুলুকত এয়া একো অসম্ভৱ কথা নহয়। বিভিন্ন বৈধ-অবৈধ বিশ্ববিদ্যালয়ৰ বৈধ-অবৈধ ডিগ্ৰী বা দিপ্লোমাৰ খৱৰে মাজে সময়ে খৱৰৰ পৃষ্ঠা বা বাতৰি চেনেল গৰম কৰি ৰখা কোনো নতুন কথা নহয়। সৌ সিদিনা চন্দ্ৰ মোহন ঝা নামৰ মহান (!) শিক্ষা ব্যৱসায়ী জনৰ শ্বিলঙত বাহৰ পাতি পতা ডিগ্ৰী বিপনিৰ খৱৰে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলত খলকনি তুলি গৈছেহে মাথোন।

দিল্লী বিশ্ববিদ্যালয়। কাৰিকাৰী শিক্ষা গ্ৰহণৰ আগ্ৰহী সকলক বাদ দি আন সকলোৰে এটা সপোন – দিল্লী বিশ্ববিদ্যালয়ত পঢ়াৰ। পিছে আপুনি ভাবিব পাৰেনে দিল্লী বিশ্ববিদ্যালয়ৰ কোনো ডিগ্ৰী অবৈধ হ’ব পাৰে। শেহতীয়া ঘটনাক্ৰমে কিন্তু কয় যে দিল্লী বিশ্ববিদ্যালয়ৰ এটা ডিগ্ৰী বিতৰ্কৰ আবৰ্তত। ২০১৩-১৪ ত প্ৰবৰ্তন কৰা পাঠ্যক্ৰম চাৰি বছৰীয়া প্ৰাক স্নাতক পাঠ্যক্ৰমৰ(four-year undergraduate programme (FYUP) আনুষ্ঠানিক বৈধতা নাই। আনকি এই পাঠ্যক্ৰমৰ বাবে প্ৰয়োজনীয় চেঞ্চেলৰ (ৰাষ্ট্ৰপতি)ৰ অনুমোদন পৰ্যন্ত নাই। এই অঅনুমোদিত পাঠ্যক্ৰমত যোৱা বছৰ দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মহাবিদ্যালয় সমূহত হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰিছে। দেশৰ আগশাৰীৰ বিশ্ববিদ্যালয় এখনৰ ক্ষেত্ৰত এনেকুৱা অবিবেচকী কাৰ্য সংঘটিত হোৱাটোৱে দেশৰ শিক্ষাৰ ক্ষেত্ৰত শিক্ষা ব্যৱস্থাৰ মুৰব্বী সকল কিমান সংবেদনশীল তাৰ ওপৰত প্ৰশ্ন উত্থাপিত নকৰেনে?

এতিয়া এই পাঠ্যক্ৰমটোক লৈ দিল্লী বিশ্ববিদ্যালয় আৰু ইউ,জি,চি (University Grants Commission) যুজুধান অবস্থিতিত উপনীত হৈছে। ইউ,জি,চি এ দিল্লী বিশ্ববিদ্যালয়ক অকল তিনি বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ বাবেহে নামভৰ্তিৰ নিৰ্দেশণা জৰি কৰিছে। কিন্তু দিল্লী বিশ্ববিদ্যালয়ে এই বছৰো চাৰিবছৰীয়া প্ৰাকস্নাতক পাঠ্যক্ৰমৰ নামভৰ্তিৰ যো-জা চলাইছে। এই ক্ষেত্ৰত অনুমান কৰা হৈছে যে এইবাৰ নামভৰ্তি কৰাব পাৰিলে সেই পাঠ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি হ’ব আৰু বৰ্ধিত ছাত্ৰ-ছাত্ৰী হেছা পাঠ্যক্ৰমটোৰ অনুমোদনত সহায়ক হ’ব। কিন্তু এটা প্ৰশ্ন হৈছে এটা স্বীকৃতি নথকা বা প্ৰয়োজনীয় অনুমোদন লাভ নকৰাকৈ এটা পাঠ্যক্ৰমৰ প্ৰবৰ্তন কৰি এখন আগশাৰীৰ বিশ্ববিদ্যালয়ে একাংশ ছাত্ৰ-ছাত্ৰীৰ জীৱনকলৈ হেতালি খেলা নাই নে?

ইউ, জি, চিৰ নিৰ্দেশনা অমান্য কৰা দিল্লী ইউনিভাৰচিটিৰ প্ৰতি ইউ, জি, চি, কঠোৰ হৈ পৰিছে। ইউ,জি,চিৰ ফালৰ পৰা কোৱা হৈছে যে কোনো কাৰণতে ২০১৪-১৫ বৰ্ষৰ বাবে দিল্লী বিশ্ববিদ্যালয় বা দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ কোনো মহাবিদ্যালয়তে (four-year undergraduate programme (FYUP)ৰ বাবে নামভৰ্তি কৰিব দিয়া নহ’ব অন্যথা ইউ,জি,চি, এক্ট, ১৯৫৬ মতে ব্যৱস্থা লোৱা হ’ব।

আগতে কোৱা হৈছে যে {the four-year undergraduate programme (FYUP)} পাঠ্যক্ৰম যোৱাবছৰ প্ৰবৰ্তন কৰা হৈছিল। ১৩ জুনত ইউ,জি,চিয়ে দিল্লী বিশ্ববিদ্যালয়ক পাঠ্যক্ৰমটোৰ ওপৰত পুনৰ্বিচাৰ কৰিব পৰামৰ্শ আগবঢ়াইছিল। আৰু এটা কথা নিশ্চিত কৰিব দিছিল যে এই পাঠ্যক্ৰমটোত ৰাষ্ট্ৰীয় শিক্ষা(১০+২+৩) পদ্ধতি ভংগ হোৱা নাই আৰু কোনো কাৰণত ভংগ হৈছে নেকি সেইটো বিশ্লেষণ কৰিবলৈ পৰামৰ্শ দিছিল। দিল্লী বিশ্ববিশ্বদ্যালয়ে দিয়া উত্তৰত অসন্তুস্ত ইউ,জি,চিয়ে এই পাঠ্যত্ৰমটো বিৰুদ্ধে দৃঢ় স্থিতি লৈছে আৰু যোৱাবছৰ নামভৰ্তি কৰোৱা ছাত্ৰ-ছাত্ৰী সকলক (১০+২+৩) লৈ স্থানান্তৰ কৰাৰ পৰামৰ্শ দিছে। কিন্তু দিল্লী বিশ্ববিদ্যালয় এতিয়ালৈ এই পাঠ্যক্ৰমটো বাহাল ৰখাৰ আৰু এইবাবৰো নামভৰ্তি কৰোৱাৰ স্থিতিতে আছে।

স্মৰ্তব্য যে দিল্লী বিশ্ববিদ্যালয় আৰু ইউ, জি, চি স্বায়ত্ব শাসিত গোট (অট’নমাচ বডি)। গতিকে চৰকাৰে প্ৰত্যক্ষ হস্তক্ষেপ কৰাৰ কথা নাহে যদিও পৰিস্থিতি চম্ভালাৰ বাবে উদ্যোগ ল’বলগীয়া পৰিস্থিতি আহি পৰিছে। এই বিতৰ্ক এইবাৰেই যে উত্থাপিত হৈছে তেনেকুৱা নহয়। আনকি যোৱাবাৰ সংসদতো এই পাঠ্যক্ৰমটোৰ ওপৰত প্ৰশ্ন উত্থাপিত হৈছিল। সংসদত পালম ৰাজুৰ এটা প্ৰশ্নৰ উত্তৰত তেতিয়াৰ মানৱ সম্পদ উন্নয়ণ মন্ত্ৰীয়ে এই পাঠ্যক্ৰমটোৰ প্ৰয়োজনীয় অনুমোদন আছে বুলি সদনক ভুল উত্তৰেৰে বিপথে পৰিচালিত কৰিছিল।

এই মুহুৰ্তত বৰ্তমানৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰী, ইউ,জি,চিৰ চেয়াৰমেন, আৰু দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ মহাবিদ্যালয়ৰ অধ্যক্ষৰ মাজত এই সমস্যাটোৰ সমাধানসূত্ৰ বিচাৰি বৈঠক অনুষ্ঠিত হৈ আছে।

এতিয়া কথা হ’ল সমস্যাটো নিশ্চয় সমাধান হ’ব। যোৱাবাৰ নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰী সকলক হয়তো ১০+২+৩ লৈ স্থানান্তৰ কৰা হ’ব। নতুবা ১০+২+৪ অনুমোদন জনোৱা হ’ব। কিন্তু এটা কথাই চিন্তা আৰু শংকাৰ উদ্ৰেক কৰে। আমাৰ ব্যৱস্থাবিলাক এনেদৰে দায়ীত্বহীন মেনেজমেন্টেৰেই চলে নেকি? আগশাৰীৰ শিক্ষা অনুষ্ঠান এটাক এটা পাঠ্যক্ৰম আৰম্ভ কৰি অনুমোদনহীনভাৱেই ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি কৰি পিছত সেই খেলিমেলি আৰু অনিশ্চয়তালৈ ছাত্ৰ-ছাত্ৰীক থেলি দিবলৈ অধিকাৰ কোনে দিলে? শিক্ষাৰ ক্ষেত্ৰতে যদি মেনেজমেন্ট এনেকুৱা হ’ব পাৰে আন ক্ষেত্ৰত কি হৈ আছে? আমাৰ প্ৰশাসনিক ব্যৱস্থা বিলাক মইমতালি আৰু কাৰোবাৰ নিজস্ব ইচ্ছাৰ ওপৰতে নিৰ্ভৰ কৰে নেকি? প্ৰশাসনিয় ব্যৱস্থা বিলাকৰ মাজৰ অৰিয়া অৰি আৰু টনা আজোৰাৰ মাজত দিল্লী বিশ্ববিদ্যালয়ৰ (FYUP) পাঠ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰী সকলৰ দৰে অসংহত প্ৰশাসনিক ব্যৱস্থাৰ মইমতালিত আমি জনগন মহৰ যুদ্ধত হোৱা বিৰিণাৰ দৰে হৈ পৰা নাইতো!

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!