মাখি (দেবেশ্বৰ কাকতি)

গৰম অহাৰ লগে লগে এইবিধ অনাকাংক্ষিত প্ৰাণীয়ে বৰ আমনি কৰে৷ বিশেষকৈ গ্ৰীষ্ম প্ৰধান ঠাই বিলাকত ইয়াৰ প্ৰাদুৰ্ভাব বেছি আৰু বেমাৰৰ বীজাণু বিস্তাৰিত কৰাৰ ক্ষেত্ৰটো ইয়াৰ ভূমিকা ভয়ঙ্কৰ৷ আমাৰ প্ৰায় সকলোৰে ঘৰত থকা ‘হাউচফ্লাই’ বা সাধাৰণ মাখিবিধো বৰ আমনিদায়ক আৰু ঢাকনি নোহোৱা খাদ্যবস্তুত পৰি বেমাৰৰ বীজাণু মেলি দিয়া কাৰ্য্যত বৰ নিপুণ৷ ইয়াৰ বংশ বৃদ্ধি ইমান তীব্ৰ যে কেইমিনিটমান সময়তে উপযুক্ত গেলা-পঁচা ঠাই পালে ইহঁতে একোবাৰত ১০০টা পৰ্য্যন্ত কণী পাৰিব পাৰে৷ আমি বহু প্ৰজাতিৰ মাখি সাধাৰণতে দেখা পাইছোঁ যদিও এই হাউচফ্লাই বা ঘৰুৱা মাখিবিধ বৰ আমনিদায়ক৷

এই ধৰক, আপুনি গৰমৰ দিনত দুপৰীয়া ভাত কেইটা খাই বিছনাত বাগৰ মাৰিছে আৰু চিলমিলকৈ টোপনি আহিবৰ সময়তে মাখি এটাই আপোনাৰ কপালত বা গালত পৰি পিৰপিৰাই দিছে৷ হাতখন মাৰি মাৰি আপুনি তাক খেদিবলৈ যত্ন কৰিছে কিন্তু সি বাৰে বাৰে আপোনাক আমনি কৰি কেঁচা টোপনিত ব্যাঘাত জন্মাইছে৷

অথবা, ধৰি লওক যে আপুনি বাহিৰত কাম কৰি আছে আৰু কামৰ মাজতে দুপৰীয়া সুৰুঙা উলিয়াই ঠাইতে পোৱা কোনো এখন সাধাৰণ ৰেষ্টুৰাঁত বহি কিবা এটা খাই ল’বলৈ বিচাৰিছে, দেখিব খোৱাটেবুলত মাখিৰ মহা মিলন৷ ধৰক আপুনি গাড়ীত ক’ৰবালৈ যাবলৈ ওলাই দুৱাৰ খুলি গাড়ীত বহিছে৷ ইপিনে আপোনাৰ দেৰি হৈছে৷ দেখিব গাড়ীৰ ভিতৰত গ্লাছত মাখি কেইজনীমানে পৰি নৃত্য কৰিছে৷

মই আকৌ যিবিধ মাখিৰ কথা ক’বলৈ লৈছোঁ সেয়া হৈছে অতি সম্প্ৰতি বিভিন্ন দুৰ্নীতি কৰি ৰঙাঘৰৰ ভাত খাই থকা সকলৰ কথাহে৷ মাখিয়ে যেনেকৈ গেলা ভাল পায়, গেলা খাদ্য খাই, গেলাতে বংশ বিস্তাৰ কৰে, গেলাক আৰু অধিককৈহে গেলায়, ঠিক তেনেদৰে দূৰ্নীতি কৰি ৰঙাঘৰৰ ভাত খাই থকা সকলেও কেনেকৈ দেশৰ কাৰ্য্যব্যৱস্থাটো গেলায় বা তাতেই বংশ বৃদ্ধি কৰে তাৰে দুটামান ক’বলৈ লৈছো৷

এ.পি.এচ.চিৰ “দুৰ্নীতিৰ চেয়াৰমেন” ৰাকেশ বাবুৰ কথাই কৈছোঁ৷ এইজন দুৰ্নীতিৰ চেয়াৰমেনৰ “মডাচ অপাৰেণ্ডি” দেখিলে? ধন দিলে পৰীক্ষাৰ্থীৰ বহীত উত্তৰ লিখোৱাই দিয়াৰ মানুহো পোহ দিছিল, তাকো পৰীক্ষাৰ পৰৱৰ্ত্তী সময়ত লিখিবলৈ, কিন্তু ৰিজাল্ট দিয়াৰ আগতে৷ কিমান যে মেধাবী যোগ্য ল’ৰা ছোৱালীক এইজনে প্ৰাপ্যৰ পৰা বঞ্চিত কৰিলে, জীৱন শেষ কৰিলে একমাত্ৰ তেৰাইহে জানিব৷ এতিয়া সেই গেলা কৰ্মৰ অংশীদাৰ পুলিচ-চিআৰপিক গুলী কৰিবলৈ আদেশ দিব পৰা ক্ষমতাসীন কাৰ্য্যবাহী দণ্ডাধীশো নিজেই জেলৰ ভিতৰত৷ মেধাবী আছিল কিন্তু দেই! মানিব লাগিব৷

আকৌ চূণ বেপাৰীৰ পৰা কৃষি বিভাগৰ কৃষকৰ তেজ সোহা বিয়াগোম বিষয়ালৈকে৷ বীজ, সাৰ, পাম্পছেট, পাৱাৰ-টিলাৰ, টেক্টৰ আৰু বা কত কি! এজন সৎ বিষয়াই পৰিস্থিতিৰ লগত হাত নিমিলোৱাত কোনোবাই নিখুঁত পৰিকল্পনা কৰি নিধনেই কৰি পেলালে৷ কৃষি বিভাগৰ টেক্টৰ হেনো বংলাদেশলৈও চালান দিছিল৷ আমি নিঃকিনে ভাবিছিলো সেইখন দেশলৈ গৰু আৰু কেৰাচিন তেলহে চোৰাং সৰবৰাহ হয়৷ পিছে তেনে পৰিকল্পনাসমূহ ইমানেই নিখুঁত আছিল যে বিয়াগোম তদাৰকী বিভাগেও বিফল হৈ লাজ পোৱাৰ ভয়ত এতিয়া টুপাই বুৰ মাৰিছে৷

আকৌ শান্তিৰক্ষক পুলিচ বিভাগলৈ মন কৰক – গোচৰবোৰ থাপি-থুপি সামৰি থৈ অপৰাধীক ৰক্ষণাবেক্ষণ দিবলৈ বা আইনে দিয়া ক্ষমতাৰ অপব্যৱহাৰ কৰি নিপৰাধীক অপৰাধী সজোৱাৰ নাটক কৰি ভীতি প্ৰদৰ্শনেৰে ধন দাবী কৰি সতীৰ্থৰ হাতেৰে হেণ্ডকাফ পিন্ধি জেল হাজোতলৈ গমন কৰা৷

বন বিভাগলৈ মন কৰক – নামত বন সংৰক্ষক, সংপালক, ইত্যাদি ইত্যাদি৷ কিন্তু কামত – বন ধ্বংস, গঁড় চিকাৰীৰে মিতিৰালি কৰি গঁড় হত্যা, পহু নিধন কৰি পহু মাংসৰে বৰভোজ খোৱা, বনানীকৰণৰ ধনেৰে মাষ্টাৰৰোল বনাই তলৰ পৰা ওপৰলৈকে ভগাই লৈ বন উন্নয়নৰ ধন হজম কৰা ইত্যাদি ইত্যাদি৷

জলসিঞ্চন বিভাগলৈ মন কৰক – কৃষি প্ৰধান ৰাজ্য এখনত বছৰত একাধিক খেতি কৰিব পৰাকৈ পানী যোগান ধৰিবলৈ কত যে আঁচনি আজিলৈকে প্ৰস্তুত কৰিলে, কত ৰাজহুৱা ধনৰ শৰাধ কৰিলে৷ দেশত বানপানী, জলসিঞ্চনৰো পানীয়েই পানী৷ দেশত খৰাং, জলসিঞ্চনতো বেছি খৰাং৷ মাঘ মাহৰ পৰা বৰোধানৰ খেতিৰ বাবে জলসিঞ্চনৰো পানী নাই, বতৰো খৰাং৷ অসম মুলুকত নদী, বিল বা ভূগৰ্ভস্থ পানী কম নেকি? কেৱল জলসিঞ্চন বিভাগৰ বাবেহে খৰালি কোনোবিধ পানী নাই৷ পাৰোঁতেনো অধ্যক্ষ মহোদয়ে বিধান সভাতে বিভাগৰ কামৰ নমুনাৰ কথা কৈ দিয়ে নে?

আপুনি ইনকাম টেক্স দিওঁতে গা বেজ-বেজাই নাযায় নে৷ সমসাময়িক বজাৰত বয়-বস্তুৰ দামৰ তুলনাত কেইটানো দৰমহা পায় (সৎ সকলৰ কথা কৈছো)৷ কোনো কোনোৱে ১২ মাহ গেবাৰি খাতি প্ৰকৃততে ৯ মাহৰ দৰমহাহে পায়৷ বাকীখিনি ইনকাম টেক্সে টেঁটু চেপি লৈ যায় টি ডি এচৰ নামত৷ সিদিনা সেই মহান বিভাগৰে “এপেলেট কমিচনাৰ” এজন জালত পৰি বৰ্তমান ৰঙাঘৰৰ আলহী৷ তেওঁ হেনো মাত্ৰ মুঠেই ২ কোটি টকা উৎকোচ লৈ এটা কোম্পানীৰ টেক্সৰ গোচৰ ঢিলাই দিছিল৷

পঞ্চায়তলৈ চাওক দুখীয়াৰ বাবে থকা-খোৱাৰ পৰা মলত্যাগলৈকে আঁচনিয়েই আঁচনি৷ মহাত্মা, ইন্দিৰা, প্ৰধানমন্ত্ৰী আদি বহুত কিবা কিবি৷ পিছে সকলো ফুটুকাৰ ফেন৷ আঁচনিৰ সৰহ ভাগ ধন জুনিয়ৰ ইঞ্জিনিয়াৰ, বিডিঅ’, পঞ্চায়ত প্ৰেচিডেণ্ট, পঞ্চায়তৰ সচিব আদিৰ খাতাতহে জমা হয়৷ জব-কাৰ্ডেই জব-কাৰ্ড, জীয়াৰ নামত, মৰাৰ নামত, ভূমিষ্ঠ হোৱাৰ নামত, গৰ্ভত থকাটিৰ নামত, অহা দুই তিনি বছলৈ জন্ম হ’ব বুলি ভবাকেইটাৰ নামত, ল’ৰাই বিয়া পাতিলে বোৱাৰীয়েকৰ গৰ্ভত হ’ব লগা কণমানি নাতিটিৰ নামত ইত্যাদি৷ ডাক ঘৰলৈ জব-কাৰ্ডৰ পইচা আহিছে- দেখিব প্ৰেচিডেণ্টৰ চেলা দুটামানে গোটেই সোপা পাচবুক লৈ পোষ্টমাষ্টৰৰ লগ লাগি পইচা ড্ৰ কৰিছে আৰু কাম কৰা নকৰা সকলোকে অনুপাত মতে যি দিব লাগে দি সন্তুষ্ট কৰিছে৷ নিজৰে বা নিজৰ অঞ্চলৰে বাট পথ আদিৰ উন্নয়নৰ কাম একো নকৰাকৈ বা সামান্য কৰিয়েই জব-কাৰ্ডৰ পইচা পাইছে৷ মিচিকিয়া হাঁহি মাৰি সন্তোষ প্ৰকাশ কৰা দেখিলে আপুনিও বিশ্বাস কৰিব যে দুৰ্নীতি জব-কাৰ্ড থকা (পঞ্চায়ত প্ৰেচিডেণ্টৰ ঘৰতহে থাকে) সাধাৰণ খাটিখোৱা মানুহেও কেনেকৈ কৰিবলৈ শিকিছে৷

দুৰ্নীতিকাৰীৰ সংখ্যা মাখিয়ে কণী পৰাৰ দৰে বাঢ়িছে৷ সকলোফালে মাখিৰ ভেনভেননি ! মাখিৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণৰ উপায় আমিয়েই উলিয়াব লাগিব৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!