মাছৰ মূৰ জহা চাউলৰ সৈতে — বন্দিতা গগৈ বৰা

 

উপকৰণ: ৰৌমাছৰ মূৰ এটা, পিহি লোৱা পিয়াঁজ দুটা (ডাঙৰ), নহৰু পাঁচফোটা, আদা আন্দাজমতে ভালদৰে পিহি লোৱা, জিৰা গুৰি, জলকীয়া গুৰি, ধনীয়া গুৰি আন্দাজমতে, গৰম মচলা এচিকুট, পে’ষ্ট কৰি লোৱা ডাঙৰ বিলাহী এটা, নিমখ, হালধি আন্দাজমতে, তেজপাত সৰু এখিলা, ঘিঁউ বা ৰিফাইন অইল, চেনি আন্দাজমতে (নিদিলেও চলিব)!

 

ৰন্ধন প্ৰণালী: ৰৌ মাছৰ মূৰটো ভালদৰে ধুই চাৰিভাগ কৰি নিমখ হালধি দি ভালদৰে ভাজি ল,ব। এমুঠি জহাচাউল ভালদৰে ধুই পানীত তিয়াই থৈ, পানী টুকি লব। বেলেগ এখন কেৰাহীত চাউল মুঠি গৰু ঘিঁউত বা ৰিফাইন অইল এচামুচ দি ভাজিব। মই গৰু ঘিঁউ ব্যৱহাৰ কৰিছিলোঁ। ভালদৰে ভজা হ’লে কেৰাহীৰ পৰা টুকি বাটি এটাত থ’ব। মাছৰ মূৰ কেইটুকুৰা ভালদৰে ভজা হ’লে তেলৰ পৰা তুলি সেই তেলতে পিয়াজ পে’ষ্ট, আদা-নহৰু পে’ষ্ট আৰু তেজপাত দি ভালদৰে ভাজিব। ভজা হ’লে তাত বিলাহীৰ পে’ষ্ট দি ভাজি, হালধি, নিমখ আৰু অকণমান চেনী দিব (চেনী নিদিলেও একো নহয়), এতিয়া অকণমান পানীত জিৰাগুৰি, গুৰি গৰম মচলা, জলকীয়া গুৰি, ধনিয়া গুৰি গুলি লৈ কেৰাহীত দি লৰাই দিব। ভজা জহা চাউল কেইটা দি অলপ লৰাই, জহাচাউল কেইটা সিজাকৈ পানী অকণ দি মাছৰ মূৰকেইটা দি ঢাকোন দিব। দুবাৰমান লৰাই পানী শুকাবলৈ দিয়ক। পানী শুকালেই গৰমে গৰমে ভাতৰ লগত পৰিবেশন কৰক।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!