মাছ ( – উৎপল জোনাক হাজৰিকা)

মাছৰ বেপাৰীজনে ভোক বিকে
মই তৃপ্তি কিনো
‘দাদা’ শেষ বজাৰ
ইয়াতকৈ সস্তাত দিব নোৱাৰিম৷
চাতুৰি এটাই টিঘিলঘিলাই থাকে
মাছবোৰ তেওঁ ওজন কৰে
এপোৱা আধাসেৰ এসেৰ
তৃপ্তিবোৰ মোৰ দৰেই দহজনে হাতেৰে কঢ়িয়ায়
হাতত হাঁহি এটা লাগি থাকে৷
যাহ বহুত দিনৰ মূৰত ঘৰটো
মাছ মাছ গোন্ধাব
মাছবোৰে নাজানে ভোকবোৰ
বিজ্ঞানৰ কোনটো সূত্ৰৰ নিয়ম মানি তৃপ্ত হয়
দ্ৰৱণ বিকিৰণ বিচ্ছেদ
ৰসায়ণৰ অকটা গোন্ধ এটাই
উশাহ লোৱাত কষ্ট দিয়ে
উত্তৰ কিন্তু একেটাই পোৱা যায়
মাছবোৰ তৰল পদাৰ্থ
সিহঁতক যি পাত্ৰতে ৰাখা
তাৰে আকাৰ লয়৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!