মাটিদাইলৰ সৈতে কুকুৰাৰ মাংস (sobai Jwng Daau Jwng)- পূৰৱী বৰদলৈ

(বড়ো সকলৰ অতি প্ৰিয় তৰকাৰীৰ এখন৷ )

উপকৰণ ঃ

১. মুৰ্গীৰ মাংস ঃ ৫০০ গ্ৰাম৷
2. মাটিদাইল ঃ ১০০-১৫০ গ্ৰাম৷
৩. পিয়াজ ঃ ১টা কুটি লোৱা৷
৪. আদা – নহৰু বটা ঃ ১ টেবুল চামুচ৷
৫. কেঁচা জলকীয়া ঃ ৫-৬ টা৷
৬. তেজপাত ঃ ২ টা৷
৭. মিঠাতেলঃ ২ টেবুল চামুচ৷
৮. নিমখ-হালধি আন্দাজমতে৷
৯. মানধনীয়া পাত ( ঐচ্ছিক)
১০. কলাখাৰ ( দৰকাৰ মতে)

প্ৰণালী ঃ

ডাইল ৰন্ধাৰ আগত অলপ সময় ( ১ ঘণ্টা মান) পানীত তিয়াই থব আৰু ধুই সামান্য নিমখ দি সিজাই একাষৰীয়া কৈ ৰাখিব৷

এতিয়া কেৰাহীত তেল গৰম কৰি তেজপাত আৰু পিয়াজ দিব৷ পিয়াজ ৰঙচুৱাকৈ ভাজি আদা নহৰু বটা, জলকীয়া আৰু হালধি ভাজিব৷ ভাজ খালে মাংসখিনি দি কিছু সময় ভাজি ঢাকোন মাৰি সিজিব দিব৷ মাংসৰ পানী ওলাই শুকাব ললেই নিমখ আৰু সিজাই ৰখা দাইলখিনি দিব৷ কলাখাৰ মিলাব৷ পুনৰ ঢাকোন লগাই ভালকৈ সিজিব দিব৷ মাংস সিজি তৰকাৰী ঘন হলে নমাই কুটা মান ধনীয়াৰ পাতেৰে সজাই পৰিবেশন কৰিব৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!