মানুহে মানুহৰ বাবে….. (লাকী আহমেদ)

মানুহে মানুহৰ বাবে…..

লাকী আহমেদ

 

(ব্যস্ত নগৰীৰ সৰু-সৰু টুকুৰা-টুকুৰ অথচ ভাল লগা দৃ্শ্য কেইটামান)
(১)
দিল্লীৰ ব্যস্ত অঞ্চল মুনিৰিকা..অভাৰব্ৰীজৰ তলত স্কুটীত বহি আইচক্ৰীম খাই থকা কিশোৰীজনীয়ে খায় শেষ হোৱাত খালী আইচক্ৰীমৰ বাতিটো দলিয়াই দিলে পথৰ কাষলৈ । ডাছবিনত জাবৰ খুচৰি জীৱনৰ সন্ধান কৰি থকা মলিয়ন পোছাকৰ শিশুটো দৌৰি আহি পৰম তৃপ্তিৰে চেলেকিবলৈ ধৰিলে খালী বাতিটো । দৃশ্যটো দেখি বুকুত কিবা এক যন্ত্ৰণাই বিন্ধা যেন লগাত গাড়ীৰ পৰা নামি শিশুটোৰ ফালে আগবাঢ়িবলৈ লৈয়েই থমকি ৰলো । দেখিলো কিশোৰীগৰাকী আগবাঢ়ি আহিছে ‍ক্ষুধাৰ্ত শিশুটিৰ কাষলৈ…হাতত এটা আইচক্ৰীমৰ বাতি..আৰু আগবঢ়াই দিলে শিশুটিৰ কণমানি হাতদুখনৰ ফালে..শিশুটিৰ চকুত সন্তুষ্টি আৰু প্ৰশ্নবোধকৰ সানমিহলি এক চাৱনি..!

(২)
শিৱসাগৰৰ বৰপুখুৰীৰ পাৰত জমি উঠিছিল ‘উদণ্ড যুৱক’ হিচাপে জনাজাত যুৱককেইজনৰ আড্ডা । হাতে হাতে জলন্ত চিগাৰেট আৰু বতাহত চিগাৰেটৰ ধোঁৱাৰ কুণ্ডলী,মাজে মাজে আনন্দৰ কিৰিলি…কাষৰ পথত নিজৰ জৰাজীৰ্ণ মাৰুতিখন অকলেই ঠেলি ষ্টাৰ্ট কৰাৰ চেষ্টাত ব্যস্ত বয়সীয়াল ব্যক্তিজন দেখি আগুৱাই আহিল যুৱককেইজন..
: বৰদেউতা;আপুনি বহক ভিতৰত…আমি ঠেলা মাৰি দিছোঁ !
(৩)
ব্যস্ত জি.এছ ৰ’ড lবাছৰ বাবে অপেক্ষাৰত যুৱতীগৰাকী ম’বাইলত কাৰোবাৰ লগত কথা পতাত ব্যস্ত,কিন্তু তাইৰ দৃষ্টি নিবদ্ধ পথৰ কাষৰ বৃ্দ্ধাগৰাকীৰ ওপৰত । শক্তিহীন শৰীৰটো আৰু অস্থিৰ খোজেৰে লানি নিছিগা তীব্ৰবেগী যান-বাহন বেহু ফালি পথটো পাৰ হোৱাৰ সাহস গোটাব পৰা নাই বৃ্দ্ধাগৰাকীয়ে ।
ক্ষন্তেক পাছতে পথৰ মাজত দেখা গল বৃ্দ্ধাগৰাকীক..বৃ্দ্ধাৰ হাতখনে খামোচি ধৰি আছিল যুৱতী্গৰাকীৰ হাত..।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!