মানুহ(- ধ্ৰুৱজ্যোতি শইকীয়া)

দুখন হাত, দুটা ভৰি
দুখন কাণ,দুটা চকু,
এখন মুখ আৰু দুমুখীয়া সুখ,
মুখৰ আঁৰত মুখা,
কি ভাল, কোন বেয়া,
কোন আচল কোন নকল …….
কোন সচল কোন বিকল ……..
সৰু –বৰ, শকত ক্ষীণ,
নানা আকাৰ, নানা বিকাৰ ……
সুযোগ বিচাৰি কৰি যায় চিকাৰ,
বিশ্বাস চালা বৰ সস্তীয়া বেপাৰ ….. !

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!