মামণি বাইদেউলৈ জন্মদিনৰ শুভেচ্ছাৰে ( – শান্তনু বৰা)

তুমি উজ্জ্বল
পকা বেলিৰ দৰে তোমাৰ ফোঁট
সপোনে ইয়াতে সলায় নতুন মোট,
কাজলতেই অ‍‌জন্তা ইলোৰা
চিত্রকৰৰ তুমি ছবি ধুনীয়া
তুমি আামাৰ মৰমৰ ইন্দিৰা ।

গধূৰ তত্ত, উচ্চ মান
গৱেষণা ৰামায়ণী, জ্ঞানপীঠ জিনি
ধন্য কৰিলা অসমীয়া ভাষা জননী

তুমি শান্তিপিয়াসী
বন্দুকৰ নলিচাত গুজি গোলাপ এপাহি
প্রশমিলা চেতনা বি‌প্লবী ।

কিহৰ দুখত হঠাৎ এই অভিমান
জীয়াই থাকিও নপচৰোৱা পতা
নামাতা, নোচোৱা;
জীৱনৰ দস্তাবেজ আধাতে কিয় সামৰিলা ।

তৰোৱালখনত মামৰে ধৰিছে মামণি
তুমি উঠা
দঁতাল হাতী বধিবলৈ
অসমীয়াই মনে প্রাণে বিচাৰে
তুমি শাণ দিয়া অলেখ ৰচনা ।

তোমাৰ চকুত কাৰবাবে চকুপানী
বুজিছা নেকি সুধাকণ্ঠৰ অনুপস্থিতি
যাৰ গীতেৰে তুমি নক্সা আঁকা
অসমৰ শুৱনি ।

নামঘৰে নামঘৰে চাকি
উৰুলিত কঁপে সন্ধিয়াৰ তুলসী
মন্দিৰত শঙ্খ ধ্বনি
তুমি শুনিছা কিজানি,
লৰোৱা অলস আঙুলি
নিগৰোৱা আশাৰ চিয়াঁহী
তুমি উঠা মামণি ।

তুমি উঠিবই লাগিব
হেজাৰ অসমীয়াৰ আশীষেৰে
কলমটো খামুচি লোৱা
লিখি শেষ কৰা জীৱনৰ বাকীচোৱা কবিতা ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!