মা তই কি ভাল পাৱ – ইভা হাজৰিকা

কালি মাৰ আদ্যশ্ৰাদ্ধ হৈ গ’ল৷ মাৰ বয়সো হৈছিল, তাতে নানানটা ব্যাধিয়ে ও পীড়া দি আছিল, পাৰহ’ল একপ্ৰকাৰ ভালেই হ’ল৷
আমাৰ তিনিটা ককাই -ভাইৰ ভিতৰত সৰুটোৰ চাকৰি-বাকৰি নহ’ল, গাৱঁত থাকি খেতি-খোলা চম্ভালাৰ লগতে আমাৰ পৈতৃক সম্পত্তি খিনিৰ লগতে মাকো চোৱাচিতা কৰিছিল৷ আমাৰতো ব্যস্ততাৰ শেষেই নাই, আজি যদি ল’ৰাৰ পৰীক্ষা, কালিলৈ হয়তো প্ৰশিক্ষণৰ কাৰ্যসূচী৷ ডাঙৰ ভাইটোৰ বোৱাৰীজনীয়ে সকামলৈ আহিবলৈকে ছুটি নাপালে৷ তেওঁ বাংগালুৰুত বহুজাতিক কোম্পানী এটাত চাকৰি কৰে৷
কালি মৎস্যস্পৰ্শ ভোজত গাৱঁৰে নবীন দাইটিয়ে মায়ে ভালপোৱা আঞ্জা এখন দিব পাৰিলে ভাল বুলি কৈছিল৷ সৰু থাকোঁতে দেখিছোঁ, মাছ-মাংস ৰান্ধিলে পিতাই আৰু আমি তিনিটাকে গোটেইখিনি ভগাই দিছিল, পিতায়ে সুধিলে নিজলৈ ৰখা বুলি কৈ আমি নেদেখাকৈ পাকঘৰৰ চুক এটাত বহি ভীমকলৰ লগত পিঠাগুড়ি সানি খাইছিল৷
আমাক গৰম ভাত বাঢ়ি দি কতদিন মাক কৰ্কৰা, পঁইতা খোৱা দেখিছোঁ৷ এদিনলৈও উমান নাপালো, মোৰ আয়েনো কি খাই ভাল পাইছিল! অথচ মোৰ ল’ৰাছোৱালী হালে, মোৰ পত্নীয়ে কি ভালপায়, বজাৰকৰোঁতে সেইটো সততে মনত ৰাখোঁ৷
বুকুখন মোচৰখাই আহিছে! মোৰ দুখুনী আই, গোটেই জীৱন আমাৰ কাৰণে পাত কৰি দিলি, কিন্তুু তোৰ মনৰ উমান এদিনো নললো৷ এবাৰ যদি সুধিব পাৰিলোহেঁতেন “ মা তই কি খাই ভালপাৱ”৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!