মা মোৰ আজলী (ললিত চন্দ্ৰ বড়া)

মা মোৰ আজলী


ললিত চন্দ্ৰ বড়া

সুধী-বৃন্দসকল, মই এটি বিপদত পৰিছো। মোক আপোনাসবৰ অকণ দয়া-মমতাৰ বাৰুকৈয়ে প্ৰয়োজন হৈছে। কেতিয়াবা যদি মোৰ প্ৰফাইলটোত ভুলতে চকু ফুৰাইছে তেন্তে নিশ্চয়কৈ গম পাইছে অসমৰ মাটি-পানীৰে লুতুৰ-পুতুৰ হৈ ডাঙৰ দীঘল হ’লো যদিও লিভছ ইন বেঙ্গেলুৰু দি থৈছো। এতিয়া অসমৰ কেঁচা মাটিৰ গোন্ধ পাবলৈ মনটো ব্যাকুল হৈ থাকে। ৩৪৫ৰ পৰা কাউন্ট-ডাউন কৰি কৰি শূণ্য হোৱাৰ দিনা টালি-টোপোলা দুটামান বান্ধি ঘৰলৈ বুলি যাত্ৰা কৰো বিছদিনৰ বাবে। ঘৰ পাইয়ে আকৌ ২০ৰ পৰা কাউন্ট-ডাউন আৰম্ভ, শূণ্য হ’লেই মন-চন মাৰি টোপোলাকেইটা পিঠিত লৈ ওলোটা যাত্ৰা। ইয়াত আহিয়েই আৰম্ভ হৈ যায় অঘোষিত জীৱন-যুদ্ধ। পুৱা ফিকা চাহ-কাপ বনোৱাৰে পৰা পুৱা-জলপান, কাপোৰ ধুৱা, ঘৰ চাফা কৰি ৰখা, কাপোৰ স্ত্ৰী কৰা, কামলৈ যোৱা, কামৰ পৰা আহি ৰাতিৰ সাজৰ কাৰণে যোগাৰ কৰা, কেতিয়াবা নিজৰ ডিউটি পৰিলে ৰাতিৰ সাজ ৰান্ধিবও লগা হয়। এই সকলোবিলাক অকলে অকলে কৰিব ল’গা হয়। ঘৰ-বাৰী পতাসকলে বাৰু এই সকলো দায়িত্ব ল’ব ল’গা হয়নে? হ’লেই যেনিবা, আপোনাৰতো মাতলৈ-বুলিবলৈ বুলি এগৰাকী থাকে, নহয়জানো? মইও ভাবিলো সুখ-দুখৰ সংগী এগৰাকীকে গোটাই লোৱা যাওক। নাখাই পস্তোৱাতকৈ খাই পস্তোৱা যাওক। ভবা মতেই ঘৰৰ মাননীয়া সভানেত্ৰী-মহোদয়ালৈ সদায় এখন ইনলেন্ড-কাৰ্ড এৰি দিওঁ। পিছে কামফেৰা নিসিজেহে-নিসিজে। তলত তাৰেই কথাবাৰ্তাৰ এটি চমু আভাস সকলোলৈকে আগবঢ়ালোঁ।

প্ৰথম দিন:
“খবৰ ভালেই মা। কিন্তু এই খোৱা-বোৱাতহে কষ্ট অ’। সদায় ৰান্ধি ৰান্ধি আমনি লাগিছে আৰু।” সিফালৰ পৰা মাৰ টপৰাই উত্তৰ আহিল “অফিচৰ পৰা কেতিয়া আহ নো? অলপ ৰেষ্টলৈ লাহে-ধীৰে নিজৰ কাৰণে ভাত কেইটাও বনাই ল’ব নোৱাৰ নে?” খা-বাপ্পেকে, ফুল-ষ্টপ বহুৱাই দিলে একেবাৰতে!

দ্বিতীয় দিন:
দুদিনমান পাৰহৈ যোৱাৰ পাছত অফিচৰ পৰা আহি সন্ধিয়া মালৈ ফোন কৰোতে এদিন আকৌ কথাটো উলিয়ালো। আজি ৰাতিৰ সাজত ৰঙা-দাইল আৰু আলু-পিতিকাৰে খাম আৰু, কিমাননো ৰান্ধি থাকিম। বৰ কষ্ট। মায়ে ক’লে বোলে ঘৰত থাকোতে ৰঙা-দাইল কেইদিন দেখা পাইছিলি? কচু-থুৰি পাতত দি, লাই-জাবৰিৰ টেঙা শাকেই পেট ভৰাব লগা হৈছিল। এতিয়া পাইছ, খা। মাকনো কেনেকৈ কওঁ এতিয়া সেইবিলাক যে কিমান উত্তম খাদ্য।

তৃতীয় দিন :
“মা আজি বেছি কথা নাপাতো দেই। ভাতৰ ৰান্ধনি আজি। কোনোবা থকা হ’লে ৰান্ধি-বাঢ়ি দিবলৈ..” – এইবুলি আকৌ এপাট এৰিলো। পিছে কুম্ভকৰ্ণই ক’তহে সাৰ পাই, ক’লে বোলে –“বেছি কষ্ট হ’লে কেতিয়াবাচোন বাহিৰতে খাই আহিবগৈ পাৰ। চহৰীয়া ঠাইত আছগৈ, তাত বোলে ৰাতি এপৰতো খাবলৈ পায়, কিহৰ চিন্তা?” -কোনেনো ক’লে এইবিলাক ক’থা মোৰ মাক, পোৱা হ’লে হাড়-মূৰ ভাঙি একেবাৰে…..এইপাটো অথলে গ’ল।

চতুৰ্থ দিন :
ছুটিৰ দিন। দিনটোত বিছনাখনতে তিনি-চাৰি বাগৰমান মাৰি আবেলি ওলাই গ’লো। কানিয়া-কানিয়া লাগি থকা দেহটো ফ্ৰেছ হোৱালৈকে ঘূৰি-ফুৰি থাকোতে বহু সময় হ’ল। আহি মাক ফোন কৰি ক’লো অকলে অকলে অলপ ফুৰিলো। এনেকৈ ফুৰিও ভাল নালাগে, লগত দু-আষাৰ পাতিবলৈকো কোনোবা এজন(এজনী)লাগে। হোটেলৰ একোণৰ টেবুলখনত অকলে বহি থাকিলে কেনেবা কেনেবা লাগে। কাপোৰ এটা কিনিলেও কেনেকুৱা লাগিছে চাই দিবলৈ কোনোবা থাকিলে ভাল। মায়ে বোলে-“ তাতে কি হ’ল, দূৰৈত আছগৈ যেতিয়া তেনেদৰেই চলাব লাগিব। ঘৰত থকা হ’লে মইয়ে যাব পাৰিলোহেঁতেন লগত।“

পঞ্চম দিন :
বাছৰ দৰ্জামুখত হেন্দিমেনৰ দৰে ওলমি ওলমি গৈ আমনি লাগিছে। মাক ফোন কৰি দুৰাৱস্থাৰ কথাবোৰ কৈ বাইক এখন লোৱাৰ বাবে পাৰমিছন এটা পাছ কৰিব বিচাৰিলো। অলপ কেং-কোং কৰি ক’লে বোলে-“বাইক খনত টকা গাল সুমাই থব নালাগে। ল’ব বিচাৰিছ যদি চাই-চিটি সৰু-সুৰা গাড়ী এখনকে ল”। পিছে বোলো মই অকলশৰীয়া মানুহ, মিছাতে ইয়াত গাড়ীখন লৈ নো কি কৰিম। লগত কোনোবা হ’লে কথাটো বেলেগ আছিল, লগে ভাগে গাড়ীত ওলাই যাবলৈও ভাল। কথাবোৰে মাক তেতিয়াও ঢুকি নাপালেগৈ, ক’লে বোলে-“ঠিক আছে যি ভাল দেখ কৰ।“ তথাপিও নক’লে আজি লগ নাই কি হ’ল, কালিলৈতো হ’ব।

নাই, কোনোপধ্যেই মাক মেইন পইণ্টলৈ আনিব পৰা নাই দেউ-আয়তীসকল। মোৰ মা বৰ আজলী, কথাবিলাক বুজিয়েই নাপায় চাগে!

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!