মিছা কথাৰ ঠেং চুটি -(মৌচুমী বৰি)

-মৌচুমী বৰি

মিছা কথাৰ ঠেং চুটি

 

মই সপ্তম শ্রেণীত থাকোঁতে,দেউতা ঘৰৰ পৰা দূৰৈত মানে জোনাইত চাকৰি কৰিছিল । মই বছেৰেকীয়া পৰীক্ষা দি আজৰি হৈ দেউতাৰ লগত আছিলোগৈ । এদিনাখন ৰাতিপুৱা,দেউতাই কল এথোকা মোৰ হাতত দি ভাৰাঘৰৰ মালিকক দিবলৈ দি ক’লে:”যাচোন কলথোকা খুৰীৰ হাতত দি থৈ আহগৈ”,মই কলথোকা হাতত লৈ ক’লো:”হ’ব দেউতা”

মালিকৰ ডাঙৰ ছোৱালীজনীৰ নাম আছিল অনামিকা । মই গৈ পায়েই তাইকে লগ পালোঁ,কল থোকা তাইৰ হাততে দি দেউতাই দি পঠাইছে বুলি কৈ উভতি আহিলো । উভতি আহোঁতে মোৰ লাগিল ভয় , দেউতাই খুৰীৰ হাতত দিবলৈ  কৈছিল , মই অনামিকাৰ হাততহে দিলোঁ । দেউতাই যদি গালি পাৰে!! গালি পাৰিব বুলি এক অজান ভয়ে মোক বেৰি ধৰিলে । ভয়ে ভয়ে দেউতাৰ ওচৰ পালোহি ।

দেউতাই সুধিলে:”খুৰী আছিলনে?”

মই গালি খোৱাৰ ভয়ত ধুনীয়া ফাকি এটা দিলোঁ:”হয় দেউতা,খুৰী আছিল,পাকঘৰতে কাম কৰি আছিল।”

ফাকিটো দি ভাবিলোঁ,”বাচি গলোঁ”,পিছে মিছা কথা কলে যে ঠেং চুটি হয়,সেই কথাৰ প্রমাণ হাতে হাতে পালোঁ।

আবেলি অনামিকা আমাৰ তালৈ আহিল । সেইদিনা আকৌ অনামিকাৰ দেউতাক ৰাতিপুৱা ডিব্রুগড়লৈ যোৱাৰ কথা আছিল । দেউতাই তাইক সুধিলে:”অনামিকা, দেউতা ডিব্রুগড়লৈ গ’লনে?”তাই উত্তৰ দিলে:”গল বৰদেউতা,মা’ও গৈছে দেউতাৰ লগত”।

এতিয়াহে খা বাপ্পেকে কলটো ! হে ঈশ্বৰ,মই এতিয়া কি কৰোঁ ! সেমেনা-সেমেনি কৰি দেউতাক ক’লো:”কলথোকা অনামিকাৰ হাততহে দিছিলোঁ।”দেউতা পিছে গহীন হৈ আছিল , একো কোৱা নাছিল । দেউতাৰ পৰা গালিটো বাদেই কেতিয়াও চাট এটা খাই নোপোৱা মই, কিয় যে দেউতালৈ ইমান ভয় কৰিছিলোঁ !!

সেইদিনা ৰাতি ইংৰাজী ব্যাকৰণখন পঢ়িবলৈ মেলি লৈছিলো; ব্যাকৰণখনত কৰি দিয়া অসমীয়াৰ পৰা ইংৰাজী অনুবাদবোৰ মই সাধাৰণতে দেউতাক চিঞৰি চিঞৰি শুনাওঁ ; সেইদিনাখনো চিঞৰিবলৈ লওঁতে হঠাত মই থমকি ৰলো,দেখলো কিতাপখনত লিখা আছে “Never tell a lie” “কেতিয়াও মিছা কথা নকবা”…..মোৰ মুখৰ পৰা বাক্যশাৰী নোলাল….মোৰ কাণতহে যেন কোনোবাই চিঞৰি থাকিল…Never tell a lie , Never tell a lie……

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!