মিঠা মিথ্যা – ডাঃ হিতেশ্বৰ শৰ্মা

মানুহৰ মনঃস্তত্ত্বিক জগতখন অদ্ভুত, বৈচিত্ৰ্যময়৷ প্ৰতিজন মানুহেই ভিন্ন ধাৰণা, ভিন্ন চিন্তা বা ভিন্ন ব্যক্তিত্বৰে গঢ়া৷ দুজন ব্যক্তিৰ চালচলন, অংগী ভংগী, কথাবতৰা, স্বভাৱৰ কেতিয়াবা দুই এক ক্ষেত্ৰত মিল দেখিলেও সম্পূৰ্ণ সাদৃশ্য অসম্ভৱ৷ কিন্তু বাস্তৱত দেখা যায় এই এই বৈসাদৃশ্যৰ মাজতো কৰবাত যেন মানুহৰ মাজত কিছুমান সাংঘাতিক মিল আছে৷ এনেকুৱা ভাব হয় প্ৰতিজন মানুহেই কিছুমান উমৈহতীয়া ধাৰণা সমৰ্থন কৰে৷ এই উমৈহতীয়া ধাৰণা সমূহৰ বাবেই এজনে আন এজনৰ ওপৰত এক আস্থা বা বিশ্বাস ৰাখে৷ এই বিশ্বাসৰ আধাৰতেই একো একোটা সম্পৰ্ক গঢ় লৈ উঠে, বন্ধুত্ব স্থাপন হয়, প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে, এজন আনজনৰ ওপৰত নিৰ্ভৰশীল হৈ পৰে, একো একোটা দল বা জাতিৰ গঠন হয়৷ এই আস্থা বা বিশ্বাসৰ ৰহস্য এনেকুৱা এটা শক্তিশালী বস্তু যে যিয়েই ইয়াক সম্পূৰ্ণকৈ আয়ত্ত কৰিব পাৰিছে সিয়েই মানুহক নিয়ন্ত্ৰিত কৰিব পৰিছে৷ মাৰ্ক্সেৰ পৰা হিটলাৰলৈ, ছক্ৰেটিছৰ পৰা মহাত্মা গান্ধীলৈ, সকলোবোৰ জননেতাই কৰবাত নহয় কৰবাত এই আস্থাৰ সুযোগ লৈছে৷ সেয়েহে একো একোজন নেতাৰ কথাত ইতিহাস সলনি হৈ গৈছে৷

এজন অপৰিচিত ব্যক্তিৰ বিষয়ে একো নজনাকৈ কেনেকৈ আস্থা জয় কৰিব পাৰি? ভিন্ন জনৰ ভিন্ন মনৰ সম্ভেদ নোলোৱাকৈ তেওঁৰ বিষয়ে কেনেকৈ জানিব পাৰি? এয়াই আমাৰ মনত উদয় হোৱা প্ৰশ্ন৷

কাৰ লগত কেনেকৈ কথা পাতিলে আস্থা জয় কৰিব পাৰি তাৰ চিন্তা আজিৰ নহয়৷ ১৯৪৮ চনত বাৰ্ট্ৰাম ফোৰিয়াৰ (Bertram Forear) নামৰ এজন আমেৰিকান মনোবিজ্ঞানীয়ে এটা বিশেষ পৰীক্ষা চলায়৷ তেওঁ তেওঁৰ মনোবিজ্ঞান বিভাগৰ ছাত্ৰসকলৰ ব্যক্তিত্বৰ পৰীক্ষা কৰাৰ বাবে কিছুমান প্ৰশ্ন তৈয়াৰ কৰে৷ যেতিয়া পৰীক্ষাৰ ফলাফল ঘোষণা কৰে তেওঁ ছাত্ৰ সকলৰ প্ৰশ্নোত্তৰবোৰ বিশ্লেষণ কৰাৰ সলনি বাতৰি কাকতত প্ৰকাশিত ৰাশিফলৰ পৰা কিছুমান বিশেষ বাক্যাংশ লিপিবদ্ধ কৰি উলিয়ায়৷ সকলো ছাত্ৰকে লিপিবদ্ধ কৰি উলিওৱা সেই একেখন ফলাফলকে বেলেগে বেলেগে দি কয় যে তেওঁৰ বিশ্লেষণ খিনিৰ ওপৰত সৰ্বোচ্চ ৫ নম্বৰৰ ভিতৰত যিমান উপযুক্ত বুলি ভাবে দিয়ে যেন৷ আচৰিত ভাবে তেখেতৰ পৰীক্ষাৰ ফলাফলে গড় হিচাপত ৪.৩০ নম্বৰ লাভ কৰে৷ এই পৰীক্ষাই বিশেষ ভাবে প্ৰমাণ কৰে যে সাধাৰণীকৰণ বিবৃতি হলেওঁ ৮০ ৰ পৰা ৯০ শতাংশ মিলাকৈ কব পৰা যায়৷ এই পৰিঘটনাক ফোৰিয়াৰ পৰিঘটনা (Forer effect বা Barnum effect) বুলি কয়৷ ই হল এটা বৌদ্ধিক ভ্ৰান্তি বা বোধ জ্ঞানৰ পক্ষপাত ইংৰাজীত যাক কোৱা হয় cognition Bias.৷ এই বৌদ্ধিক ভ্ৰান্তি হল মানুহে প্ৰায়ে নিজৰ অলক্ষিতে যুক্তি আৰু সত্যৰ পৰা আঁতৰি আহি নিজে বিচৰা ধৰণৰ সামাজিক প্ৰকাশ(social reality) এটাক প্ৰতিনিধিত্ব কৰিব ভাল পায়৷ এনে কৰিবলৈ যাওঁতে মানুহে সদায়ে কিছুমান বিশেষ মন্তব্য, বতৰা বা নিজৰ ক্ষেত্ৰত হোৱা পৰিঘটনাক মনত ৰাখে বা আদৰি লয়৷ আন কথাত কবলৈ গলে কিছুমান বিশেষ ধৰণৰ মতামত বা মন্তব্য নিজে বিচৰা সামাজিক সত্তাটো বা প্ৰকাশটোৰ লগত জড়িত কৰি দিয়ে৷ ইয়াকে কোৱা হয় বিষয়ীগত প্ৰতিপাদন বা সাব্যস্তকৰণ (subjective validation).৷ বহু সময়ত দুটা সম্পূৰ্ণ পৃথক পৰিঘটনাক যুক্তিহীন ভাবে সম্পৰ্ক স্থাপন কৰে যাতে অৱচেতন মনত সৃষ্ট সামাজিক প্ৰকাশটোক মান্যতা দিব পাৰে৷ এনেকুৱা কৰিবলৈ যাওঁতেই মানুহে বহুতো ভ্ৰান্ত ধাৰণাৰ আশ্ৰয় লব লগাত পৰে৷

এই বিষয়ীগত প্ৰতিপাদন (subjective validation) এটা গুৰুত্বপূৰ্ণ তত্ত্ব ইয়েই মানুহক নিজে নিজৰ মনত প্ৰতিষ্ঠা কৰিবলৈ অহৰহ চেষ্টা চলাই থাকে আৰু সাধাৰণীকৰণ মন্তব্য বা ধাৰণা সমূহ একান্ত ব্যক্তিগত মতামত বুলি বিশ্বাস কৰিবলৈ লয়৷ ফোৰিয়াৰে ছাত্ৰ সকলক দিয়া বিশ্লেষণৰ আৰ্হি তলত উল্লেখ কৰা ধৰণে হব পাৰে……….. “মানুহে তোমাক বেয়া পোৱাটো কেতিয়াও নিবিচৰা, তুমি সদয়ে নিজকে সদায়ে সমালোচনামূলক দৃষ্টিভংগীৰে বিচাৰ কৰি চাব ভাল পোৱা, তুমি ইচ্ছা কৰিলে বহুত কৰিব পাৰিলাহেতেঁন, তোমাৰ দুৰ্বলতা থাকিলেও পুৰা দমে কাম কৰিব পাৰা, বাহিৰৰ পৰা তুমি নিজকে নিয়ন্ত্ৰণ কৰি খুব নিয়মত চলা কিন্তু ভিতৰি ভিতৰি কেতিয়াবা খুব অকলশৰীয়া অনুভৱ কৰা, কেতিয়াবা তোমাৰ সন্দেহ হয় তুমি সকলো ঠিকেই কৰি আছানে? তুমি আনক নিজৰ বিষয়ে জহাই ফুৰিব বেয়া পোৱা, তুমি আনৰ বিষয়ে বহুত চিন্তা কৰা বা বেলেগক বহুত সহায় কৰা কিন্তু প্ৰয়োজনত আনৰ পৰা কেতিয়াও সহায় নোপোৱা, তুমি মনত বহুত আকাংক্ষা পুহি ৰাখিছা তাৰ কিছুমান অসম্ভৱ যেন লাগে, এক নিৰাপদ আৰু সুখী জীৱন হল তোমাৰ মূল উদ্দেশ্য৷” …………. ওপৰত উল্লেখ কৰা বিবৰণখিনি আচলতে এটা সাধাৰণীকৰণ কৰি লিখা৷ কিন্তু এনেকুৱা এটা সাধাৰণ বিবৃতি বহুতৰে লগত মিলি যায়৷ এনেকুৱা ধৰণৰ কথাবোৰক ফোৰিয়াৰ বিবৃতি (Forer statement বা Barnum statement ) বুলি কোৱা যায়৷ এই Barnum statement শব্দটো পোন প্ৰথমবাৰৰ বাবে পল মিল (Paul Meehl) নামৰ আন এজন আমেৰিকাৰ মনোবিজ্ঞানীয়ে ব্যৱহাৰ কৰিছিল৷ যিয়েই নহওক কিয় এই Barnum statement মানুহৰ আবেগ অনুভূতি জয় কৰিবলৈ প্ৰচুৰ পৰিমাণে ব্যৱহাৰ হয়৷ বিশেষকৈ জ্যোতিষী, হস্তৰেখাবিদ, ভবিষ্যতবাণী কৰোঁতা সকলে ৰাইজক ঠগিবলৈ প্ৰায়েই ব্যৱহাৰ কৰে৷ এতিয়া এই Barnum statement ৰ আঁৰ লৈ একাংশ লোকে ফেচবুকৰ দৰে সামাজিক মাধ্যমত এনেকুৱা কিছুমান ছফ্টৱেৰ মেলি দিছে যে তাৰ জৰিয়তে একাউণ্ট চুৰি কৰি বহুতো মূল্যৱান তথ্য লুটি লৈ যাব ধৰিছে৷ এনেকুৱা ধৰণৰ কথা বতৰাৰে ৰাইজৰ মন মুহি জননেতা হোৱাটোও পৰিলক্ষিত হয়৷ কিন্তু আমাৰ মন এনেকুৱা বিচিত্ৰ যে সকলো জানিও এই Barnum statement শুনিবলৈ হেঁপাহেৰে বাতৰি কাকতৰ ৰাশিফলৰ পৰা ভাগ্য লিখনি পঢ়িব পৰা মানুহ তথা নেতৰ ভাষণ বিচাৰি ফুৰো৷

  1. Stagner, Ross (1958-09-01). “The Gullibility of Personnel Managers“. Personnel Psychology. 11 (3): 347–352. doi: 10.1111/j.1744-6570.1958.tb00022.x. ISSN 1744-6570.
  2. “Barnum Effect৷ psychology“. Encyclopedia Britannica. Retrieved 2018-02-14.
    3.Dutton, Denis. “The Cold Reading Technique“. Denis Dutton. Denis Dutton. Retrieved 26 February 2017.
    ★ ★

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!