মিণ্টু বৰগোঁহাই -(মিণ্টু বৰগোঁহাই)

-মিণ্টু বৰগোঁহাই

প্ৰতিদান

 

প্ৰায় তিনিবছৰ মান আগৰ কথা । অফিচত এগৰাকী মহিলাই আহি অনুৰোধ কৰিলে তেখেতৰ এল আই চি পলিচীখনৰ নমিনি সলনি কৰি দিব লাগে । লগতে ঠিকনাটোও ভুল হৈ আছে বুলি জনালে । সাধাৰণতে এনেধৰণৰ কাম বিলাকৰ বাবে কাৰ্য্যালয়ত এটা বেলেগ বিভাগ আছে যদিও নিৰ্দিষ্ট বিভাগত সেইদিনা বিভাগটোৰ  কৰ্মচাৰীজন ছুটিত আছিল । মই মহিলাগৰাকীক পিছদিনাখন আহিবলৈ কলো যদিও তেখেতে অতি জৰুৰী বুলি বৰকৈ অনুৰোধ কৰাত বেলেগ এজন বিষয়াৰ সহায়ত কামটো কৰি দিলো । যাবৰ সময়ত মহিলাগৰাকীয়ে সুধিলে – ” কিতনা দেনা পৰেগা ” । মই আচৰিত হৈছিলো যদিও কলো যে আমি দৰমহা পাওঁ গতিকে একো দিব নালাগে” । তেখেতে হয়টো ভাবিছিল যে কাম কৰি দিয়াৰ বাবদ “কিবা এটা ” লোৱাটো নিয়ম । তেখেত অত্যন্ত সন্তুষ্ট মনেৰে মোক তেখেতৰ ফোন নম্বৰটো দি ক’লে – “মে এডভোকেট হু, কৰ্ট মে কুছ কাম হ’ ত্’ য়াদ কিজিয়েগা” ।

সিদিনা  এগৰাকী বাইদেউ শিক্ষকৰ চাকৰিৰ সাক্ষাতকাৰ দিবলৈ আহিছিল । একমান বজাত মোক ফোন কৰি কলে যে অলপ কিবা সমস্যা হৈছে মই সহায় কৰিব লাগে । গৈ দেখিলো তেওঁ কান্দি কাটি হায়ৰাণ ,  মানে তেখেতৰ নামৰ উপাধিটো বিয়াৰ পাছত সলনি হোৱা বাবে সাক্ষাতকাৰ লোৱাকেইজনে চাৰ্টিফিকেটবোৰ জমা লোৱা নাই । টেট’ৰ ৰিজাল্টৰ  তালিকাত উপাধি বৰুৱা-বৰগোঁহাই আছে কিন্তু চাৰ্টিফিকেটত কেৱল বৰগোঁহাই আছে । গতিকে এখন এফিডেভিট  দিব লাগে একেগৰাকী মানুহ বুলি । তাকো দিনটোৰ ভিতৰতে । বাইদেউ অকলে আহিছিল, তাতে তিনিচুকীয়াখন ভালকৈ চিনি নাপায় । সেয়ে এই অভাজনক স্মৰণ কৰিলে । ইতিমধ্যে  দুই বাজি গৈছিল । কৰ্টলৈ গ’লো,  দলিল নাই, এজন উকীলৰ লগত কথা পতিলো, পিছদিনাহে দিব পাৰিব । অফিচৰ লগৰ কেইজনক ফোন কৰিলো, কোনেও একো উপায় দিব নোৱাৰিলে । সাক্ষাতকাৰ লোৱাকেইজনক বাইদেৱে গৈ পুনৰ অনুৰোধ কৰিলে পিছদিনাখন জমা লবলৈ । উত্তৰ আহিল- “আজিয়েই জমা দিয়া, নহলে চাকৰি নহব” । মোৰ হঠাত মনত পৰিল তিনি বছৰ আগতে লগ পোৱা অধিবক্তা গৰাকীলৈ । ভাবিলো মনত আছে বা নাই । তথাপি ফোনটো কৰি চালো । তেখেতে মনত মোক ৰাখিছিল যদিও তেখেত তিনিচুকীয়াত নাছিল । তেখেতৰ অনুৰোধতে বেলেগ এজন অধিবক্তাই লগে লগে কামটোত লাগিল । আগতে দলিল নাই বুলি কোৱা তৰনিজনে দলিল উলিয়াই দিলে আৰু মই আধা ঘন্টাৰ ভিতৰতে এফিডেভিটখন পালো । অধিবক্তাজনক ধন্যবাদ দি কিমান টকা দিব লাগিব সুধিলো । তেখেতে উত্তৰ দিলে – ” আপুনি আমাৰ মাজৰে এগৰাকীক সহায় কৰি থৈছে , গতিকে আপোনাৰ পৰানো কি লম । দলিলৰ দামটোকে দিয়ক । ” মোৰ মনটো সন্তোষেৰে ভৰি পৰিল ।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!