মিহলি পাচলিৰে মাছ সিদ্ধ — চৈয়দা ফৰিজা আৰফিন

উপকৰণ: বাহু/ভকুৱা মাছ ৫ ডোখৰ,

আলু আৰু, বিলাহী একোটা টুকুৰাকৈ কাটি ল’ব। কেঁচা জলকীয়া চাৰি-পাঁচটামান, কুটি লোৱা আদা-নহৰু এক টেবুলচামুছ, খৰিছা দুই টেবুলচামুচ, মছলাপাত এমুঠিমান, নিমখ আন্দাজমতে৷

কুকাৰত আধা লিটাৰমান পানী উতলিবলৈ দিব৷ তাতে আদা-নহৰু, জলকীয়া দি গোন্ধ ওলোৱাৰ পাছত আলু, বিলাহী, খৰিছা, নিমখ দি পাঁচ মিনিটমান সিজিব দিলোঁ৷ এতিয়া মাছ কেইডোখৰ আৰু মছলাপাত দি কুকাৰত ঢাকন লগাই পাঁচটা হুইছেল পেলাই নমাই থলোঁ৷ মছলাপাত নাপালে মাণধনিয়া বা নৰসিংহ পাতো দিব পাৰি৷

গৰমে গৰমে পৰিবেশন কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!