মুৰ্গী মাংসৰ সিদ্ধ জালুকৰ সৈতে আৰু কচুগুটিৰ সৈতে ৰন্ধা মাছৰ তৰকাৰী — কাবেৰী কাশ্যপ বৰা

ক) মুৰ্গী মাংসৰ সিদ্ধ জালুকৰ সৈতে।

এইবিধ প্ৰণালী ৰান্ধিবলৈ আমাক লাগিব:

প্ৰয়োজন অনুসৰি মুৰ্গী মাংস (ব্ৰইলাৰ মাংসও ব্যৱহাৰ কৰিব পাৰে), নহৰু, পিঁয়াজ,

আদা ( দুই ইঞ্চিমান), ক’লা জালুক (গুৰি কৰি ল’ব), আলু দুটা, বিলাহী এটা, নিমখ।

এতিয়া ৰান্ধো আহক:
প্ৰথমে কেৰাহীত পানী অলপ উতলিবলৈ দিব। অলপ উতল আহিলে তাত পিঁয়াজ, নহৰু আৰু আদাৰ পেষ্ট কৰি লৈ সেইখিনি দি দিব। লগতে অকণমান চেনি। তাৰ পাছত মাংসখিনি আৰু কাটি লোৱা আলুখিনি। প্ৰয়োজন অনুসৰি নিমখ দিব আৰু বিলাহী এটা সৰু সৰুকৈ কাটি দিব। বাৰ্ণাৰটো একেবাৰে কম কৰি ঢাকোন দি সিজিবলৈ দিব গোটেইখিনি। পানীৰ পৰিমাণটো আপোনাক যিমানখিনি গ্ৰেভী বা জোল লাগে সেই হিচাপত দিব। গোটেইখিনি সিজাৰ পাছত জালুকৰ গুড়িখিনি আৰু নেমুৰ ৰস অলপ চেপি দিব। পোন্ধৰ মিনিটমান তেনেদৰে উতলিবলৈ দি তাৰ পাছত গৰমে গৰমে পৰিৱেশন কৰিব পাৰে ভাতৰ লগত।
এইটো এটা ‘বইল ৰেচিপি’; কোনোধৰণৰ অন্য মছলা, তেল বা হালধি ইয়াত ব্যৱহাৰ কৰা নহয়।

খ) কচুগুটিৰ সৈতে ৰন্ধা মাছৰ তৰকাৰী।

এইবিধ প্ৰণালী ৰান্ধবলৈ আমাক লাগিব:

কচুগুটি, এটা আলু, এটা বিলাহী, গোটা জিৰা, পিয়াঁজ, নহৰু, আদা, তেজপাত, গুড়ি মচলাৰ বাবে ধনীয়া গুড়ি, জিৰা গুড়ি, ফিচ্ কাৰী মচলা আদি ব্যৱহাৰ কৰিব পাৰে। লগত নিমখ, হালধি আৰু তেল।

মই পাঁচটুকুৰা মাছৰ বাবে দুটা কচুগুটি লৈছোঁ। মধ্যম আকাৰৰ। টুকুৰা টুকুৰকৈ সৰুকৈ কাটি লৈছোঁ। ঠিক তেনেকৈ আলু কাটি লৈছো। মাছ কেইটুকুৰা প্ৰথমে ৰঙাকৈ ভাজি লৈছোঁ।
তাৰপাছত একেখিনি তেলতেই প্ৰথমে গোটা জিৰা অলপ আৰু পিঁয়াজ নহৰু আদা মিহিকৈ কাটি ভালকৈ ভাজি লৈছোঁ; অকণমান হালধি দিছোঁ আৰু অকণমান চেনি। সেইখিনি ভজা হ’লে তাত কচুখিনি আৰু আলুখিনি দি গোটেইখিনি ভালকৈ ভাজি লৈছোঁ। প্ৰয়োজন অনুসৰি নিমখ দিছোঁ। তেতিয়াই বাকী গুড়ি মচলাখিনি দি দিছোঁ। তেনেদৰেই অলপ সময় ভাজি লৈ অলপমান পানী দি সিজিবলৈ দিছোঁ ঢাকোন মাৰি।

বাৰ্ণাৰটো একেবাৰে কম কৰি থৈছোঁ। অলপ সময়ৰ পাছত প্ৰয়োজন অনুসৰি পানী দি গোটেইখিনি মিহলাই দিছোঁ আৰু সিজিবলৈ দিছোঁ। মাজে মাজে লৰাই আছোঁ। কচুখিনি সিজিলে অলপ ভাঙি দিছোঁ। তাৰপাছত আগতেই ভাজি থোৱা মাছখিনি দি অলপ সময় সেইদৰেই থাকিবলৈ দিছোঁ। শেষত অকণমান নেমু চেপি দিব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!