মূলাৰ আচাৰ মানস জ্যোতি মিশ্ৰ

এইবিধ আমাৰ অসমৰ নেপালী সম্প্ৰদায়ৰ মাজত খুব জনপ্ৰিয় পৰম্পৰাগত খাদ্য৷ “মূলা কো আচাৰ” নামেৰে ইয়াক জনা যায়। অপূৰ্ব সোৱাদ, মুখত ল’লেই ইয়াত থকা প্ৰতিবিধ সামগ্ৰীৰ উপস্থিতিৰ উমান পায়৷

ৰেচিপি:
মূলা এটা veg cutter ত দি সমান কৈ কাটি তাত প্ৰয়োজন অনুসৰি নিমখ দি ৰ’দত অলপ শুকাব দিব, নিমখ দিয়াৰ পিচত পানী ওলায়৷ গতিকে পানীখিনি পৃথক কৰিব৷
এতিয়া ৩ চামুচ ক’লা তিল তাৱা এখনত ড্ৰাই ৰোষ্ট কৰি খুন্দনাত গুৰি কৰি ল’ব৷
সেই তাৱাখনত সৰিয়হ তেল সামান্য দি তাত ক’লা জিৰা আৰু মিথি গুটি আৰু কেঁচা জলকীয়া আৰু মিহিকৈ কুটা আদা অকণ দিব৷ তাত ৩/৪ চামুচ নেমুৰ ৰস দি কিছু সময় লৰাই থাকিব৷ অলপ কলা ৰং হ’বলৈ ধৰিলে নমাই থৈ দিব৷
এতিয়া আটাইখনি সামগ্ৰী একলগ কৰি সানি ল’ব৷ লগত ধনীয়া পাত দিব৷
ফটাফট ৰেছিপী ৰেডী
গৰম ভাত বা ৰুটিৰ লগত চাটনি হিচাপে খাবলৈ উত্তম হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!