মেঘালীলৈ চিঠি (অনুপমা বৰগোহাঁই)

মৰমৰ মেঘালী,

বহুতদিনৰ পিছত তোলৈ চিঠি লিখিব বহিছোঁ। তহঁতৰ তিনিওৰে মংগল কামনা কৰিলোঁ। বিহু পাইছেহি নহয়, অসমলৈ মনত পৰিছে ছাগে’ নহয়! বসন্তই ছাগে’ তাতো ৰঙ বোলাইছে। তথাপি নাহৰ, তগৰ, কপৌফুলৰ গোন্ধৰ অভাৱ একোৱে পুৰাব পৰা নাই ছাগে নহয়!! আমাৰ হোষ্টেলৰ পাছফালে কেইজোপামান বৰ ওখ দৌল একোটা হেন নাহৰ গছ আছে। সেইকেইজোপালৈ এইকেইদিন চালেই মনটো ভাল লাগি যায়। বহাগৰ গোটেই শুভ্ৰতাখিনি যেন তাতেই গোট খাইছেহি!! মই পৰহিলৈ ঘৰলৈ যাম। পিঠা পনাবোৰ বনাব লাগিব নহয়! সোনকালে যাম বুলিও যাব পৰা নাই। এইকেইদিন মোৰ গৱেষণা প্ৰকল্পটোৰ কামৰ বৰ হেঁচা পৰিছে _ বছৰেকীয়া খচৰাখন জমা দিবলৈ চাৰ আৰু মোৰ লগৰ আনজন গৱেষণাকাৰী ডেৰাডুনলৈ যাব। মই এইবাৰ নগলো-বোধহয় আৰু নাপামো যাবলৈ !!(সাঁথৰ যেন লাগিছে নেকি ? ৰহ কৈ আছো ) মই এই গৱেষণা পত্ৰখনৰ বাবেই বহুত কাম কৰিব লগীয়া হৈছে। দেওবাৰেও জিৰণি নাই !! আজিৰ পৰাহে অলপ সকাহ পাইছো।
জান মেঘা, মই মাজে মাজে ভাবো, ছোৱালীবোৰৰ জীৱনটো সঁচাই বৰ লেহুকা নেকি ?? কোনসময়ত পৰিস্থিতিয়ে আমাক কোনফালে বেঁকা কৰে, আমি নিজেই ধৰিব নোৱাৰো। তাৰ প্ৰমাণ মই নিজেই নিজত পাইছো। মই যেতিয়া গৱেষণা কৰিবলৈ সুবিধা পাইছিলো, সঁচাই বৰ সুখী হৈছিলো ( তোলৈ মই সেই কথা লিখিছিলোই ) গোটেই জীৱনটো পঢ়া-শুনা কৰি কটাই দিব পালেও হয়তো মই সুখী হ’ম। কিন্তু মই কেৱল নিজকে সুখী দেখিব নোখোজো .সেইটোও ঠিক। মোৰ মা-দেউতা মোৰ ঘৰৰ আনবোৰ মানুহে ,মোৰ বন্ধু-বান্ধৱ ( তয়োতো!) মোক কেৱল এজনী অধ্যয়নশীল নাৰীৰ ৰূপততে দেখি সন্তোষ্ট নহয়!! সকলোৱে বিচাৰে এজনী নাৰীৰ পৰিপূৰ্ণ হব পৰা চিনাকী এটাত মোক চাবলৈ। মই জানো, সেয়া মোৰ প্ৰতি থকা সকলোৰে শুভেচ্ছাৰে চিন আৰু এই ইচ্ছাক ৰূপ দিবলৈ মই বোধকৰো মোৰ এটা সপোন আধৰুৱা কৈয়ে এৰিব লাগিব।। মেঘা , তোলৈ আগৰবাৰ লিখিছিলো যে যোৰহাটৰ মানুহজনৰ কথা, সেই কথাটোৱেই এতিয়া ক্ৰমাগত ভাবে অংকুৰণ ঘটি পুলি পোখা মেলি মোৰ জীৱনটো চাটি পেলাবলৈ লৈছে !!! মাহঁতক তো জানই ..ভাল লৰা এটা পালে বিয়াৰ বয়স ভাটি দিও দিও যেন কৰা জীয়ৰীক যিমান সোনকালে পাৰে সিমান সোনকালে উলিয়াই দিবলৈ চেষ্টা কৰে.. আনহাতে লৰাৰ ঘৰৰ ফালৰ পৰাও খৰধৰ!! কি কৰো বাৰু ?? মা- দেউতাৰ মুখখনলৈ চালে, তেওঁলোকৰ কথাবোৰ শুনিলে আপত্তি কৰিবলৈ মন নাযায়। ..সেয়ে এদিন খোলাখুলি কৈয়ে মানুহজনৰ লগত কথা পাতিলোঁ তেখেতৰ ৰুগ্ন আৰু বৃদ্ধা মাকৰ অন্তিম ইচ্ছা বৰ পুত্ৰৰ বোৱাৰী চাই যাবলৈ ! সৰু পুতেকৰ ইতিমধ্যে বিয়া হৈ লৰা ছোৱালীও এহাল হ’ল ! মানুহজনে মোক গৱেষণাৰ বাকীখিনি কাম বিয়াৰ পিছতো সম্পূৰ্ণ কৰিব পাৰিম বুলি বুজনি ( বা প্ৰতিশ্ৰুতি যিয়েই নকৱ ) দিছে। গতিকে ময়ো অমান্তি হোৱাৰ কাৰণ উলিয়াব নোৱাৰিলোঁ …এতিয়া কথা হ’ল মই বা কিমান মনোযোগীতা দিব পাৰো গৱেষণা শেষ কৰি “ডক্টৰেট” নামৰ ডিগ্ৰীটো লবলৈ আৰু তেওঁ বা কিমান নিজৰ প্ৰতিশ্ৰুতি ৰাখিবলৈ সক্ষম হয় !! নতুন দায়িত্ব আৰু নতুন সংসাৰে মোক বা কোনফালে বেঁকা কৰি নিয়ে …।
বাৰু মোৰ কথা ইমানতেই সামৰিছোঁ। তোৰ কথা কচোন ?? তোৰ গৃহস্থ আৰু অকণমাণি কচুগুটিটোৰ কি খবৰ ? সি ছাগে এতিয়া এখুজি দুখুজিকৈ খোজ দিয়াৰ লগতে এটা দুটা অমাতৰ মাতো মাতিব পৰা হ’ল। আৰু শুনচোন , তই কিন্তু অসমৰ বাহিৰত আছ কাৰণেই আমাৰ ৰানুহঁতৰ নিচিনাকৈ লৰাটোক হিন্দিত মাত কথা শিকাবলৈ নাযাবি। হিন্দি, ইংৰাজী বা তই থকা ঠাইখনৰ মাত কথা সি নিজেই শিকিব _ কিন্তু তোৰ নিজৰ মাতৃভূমিখনৰ অমিয়া মাতকথাবোৰ তহঁতি নিশিকালে কোনে শিকাব বাৰু কচোন !! চাবিচোন, নিজৰ মাতৃভাষাত প্ৰথম কথা কবলৈ শিকিলে তাৰ মানসিক বিকাশো বেচি হ’ব। তই মই চোন অসমীয়া ভাষাতে পঢ়ি , ওমলি জামলি ডাঙৰ দীঘল হ’লো। ইংৰাজী, হিন্দি এইবোৰ ভাষা জানো আমি এতিয়া সলসলিয়াকৈ কবলৈ বা লিখিবলৈ নোৱাৰাকৈ আছো !! ভাগ্যৰ বলত তোৰ লৰাই তোৰ মাতৃভাষাৰ লগত আন আন ভাষা শিকিবলৈও সৰুৰে পৰা পৰিবেশ এটা পাইছে..এই সুযোগৰ অপব্যৱহাৰ নকৰিবি! তোৰ অকণমানিটোৰ মুখৰ মৌবৰষা মাতেৰে “মা মোক অলপ ভাত দিয়া” ক’লে যিমান ভাল লাগিব “মাম্মী, মোঝে থড়া চাৱল দে দ..” বা “ মাম, গিভ মি লিটল ৰাইচ” কলে সিমান ভাল লাগিব নে বাৰু ?? আৰু শুন,তাক কিন্তু মোক “আমৈ” বুলি মাতিবলৈহে শিকাবি। “আন্টি” কলে কিন্তু মোৰ তাক হিয়া উবুৰিয়াই মৰম কৰিবলৈ সংকোচ লাগিব …. ধেৎ তোক যে মই কি কথা কৈ আছো. তোৰ ছাগে খঙেই উঠিছে। তইতো ৰানুহঁতৰ নিচিনা নহয়, মই জানো। তই স্বাভিমানী। নিজক ভালপাবলৈ জান। নিজক ভাল পাৱ বাবেই আনৰো ভালটোহে লবলৈ চেষ্টা কৰ। আনৰ অন্ধ অনুকৰণ নকৰ। আচলতে কি জান, সিদিনাখন ৰানুহঁতৰ মাকে আমাৰ ঘৰলৈ আহি নাতি_পুতি কেইটাৰ লগত ভালদৰে মনৰ ভাব বিনিময় কৰিব নোৱাৰা বাবেই বৰ দুখ কৰিলে। নিজৰ তেজ মঙহৰ নাতি কেইটাক হেনো পৰৰ কোনোবা যেন লাগিল!!
বিয়াৰ দিন ঠিক হলে জনাম। আহিবই লাগিব …মই কোনো কৈফিয়ৎ নুশুনিম কিন্তু!! ..আৰু কিনো লিখো ! কথা নিশ্চয় আৰু আছে। পিছে এই মূহূৰ্তত চকুত টোপনিয়ে ভিৰ কৰিছে। থওঁ দেই।
কণমাণিলৈ আমৈৰ ঢেৰ চুমা থাকিল। তহঁত দুয়োলৈ বহুত মৰম আৰু বিহুৰ শুভেচ্ছাৰে…
ইতি ,
অনু

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!