মেচেণ্টেৰী- মানৱ শৰীৰৰ নৱতম অংগটি (সৌৰভ দত্ত)

২০১৭ বৰ্ষৰ আৰম্ভণিতেই জীৱ আৰু শৰীৰবিজ্ঞানে লাভ কৰে বছৰৰ প্ৰথমটি সুখবৰ ৷ শতিকাযুৰি অৱহেলিত হৈ ৰোৱাৰ পিছত অৱশেষত মেচেণ্টেৰীয়ে আনুষ্ঠানিক স্বীকৃতি লাভ কৰে আৰু ইয়াক মানৱ শৰীৰৰ অংগসমূহৰ তালিকাত অন্তৰ্ভুক্ত কৰা হয় ৷
মেচেণ্টেৰী অংগবিধৰ বিষয়ে পোন প্ৰথমবাৰৰ বাবে ১৫১০ চনত লিঅ’নাৰ্ড দা ভিন্সিয়ে তেঁওৰ ৰচনাত উল্লেখ কৰিছিল ৷ ফ্ৰেডেৰিক ট্ৰেভেছেও এই অংগবিধৰ বিষয়ে যথেষ্টখিনি অধ্যয়ন কৰিছিল ৷ কিন্তু উপযুক্ত প্ৰমাণ আৰু তথ্যৰ অভাৱত ই মানৱ শৰীৰৰ অংগ হিচাবে স্বীকৃতি পোৱা নাছিল ৷
কিন্তু অতি শেহতীয়াভাবে আইৰিছ গৱেষক ড⁰ কেলভিন কোফে আৰু তেওঁৰ নেতৃত্বত এদল বৈজ্ঞানিকৰ সহযোগত এই অংগটিক নতুনকৈ পৃথকীকৰণ কৰা হয় আৰু এই সন্দৰ্ভত প্ৰসিদ্ধ বৃটিছ জাৰ্ণাল ‘Lancet of Gastroenterology and Hepatology’ ত এখন গৱেষণাপত্ৰ প্ৰকাশ কৰা হয় ৷ শৰীৰবিজ্ঞানৰ প্ৰসিদ্ধ গ্ৰন্থ Gray’s Anatomy তো এই অংগবিধৰ বিষয়ে পৃথককৈ অন্তৰ্ভুক্ত কৰা হয় আৰু ইয়াৰ লগে লগেই মেচেণ্টেৰীয়ে মানৱ শৰীৰৰ ৭৯তম অংগ হিচাবে স্বীকৃতি লাভ কৰে ৷
মেচেণ্টেৰী দৰাচলতে এটা দুটা পাকত সাঙোৰ খাই থকা পেৰিট’নিয়ামৰ অংশ ৷ ই অন্ত্ৰক উদৰৰ আন্তঃপ্ৰাচীৰৰ লগত সংযুক্ত কৰে ৷
শেহতীয়াকৈ ইলেকট্ৰন মাইক্ৰোস্ক’পৰ সহযোগত মেচেণ্টেৰীৰ বিস্তাৰিত আলোকচিত্ৰ লাভ কৰাটো সম্ভৱপৰ হৈছে ৷ মেচেণ্টেৰীৰ ত্ৰিমাত্ৰিক আলোকচিত্ৰই প্ৰমাণ কৰিছে যে ই এবিধ একক আৰু চলিত অংগ ৷
মেচেণ্টেৰীৰ মানৱ দেহত ভূমিকা সন্দৰ্ভে এতিয়াও বৰ বিশেষভাৱে আৱিষ্কৃত হোৱা নাই ৷ তথাপিও মেচেণ্টেৰীক অন্ত্রৰ ‘shock absorber’ বুলি ঠাৱৰ কৰা হৈছে ৷ মেচেণ্টেৰীৰ আৱিষ্কাৰে পাচন তন্ত্ৰ আৰু উদৰৰ বিভিন্ন ৰোগসমূহ ঠাৱৰ কৰা আৰু নিৰাময় কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে ৷ Malrotation, volvulus, Crohn’s Disease আদি জটিল ৰোগ তথা দেহৰ অৱস্থাৰ বিষয়েও মেচেণ্টেৰীৰ আৱিষ্কাৰৰ পিছত অধ্যয়ন কৰাত সহায়ক হ’ব বুলি আশা কৰা হৈছে │ এই সন্দৰ্ভত এতিয়াও উচ্চখাপৰ গৱেষণাৰ ঠল আছে │
গৱেষক কোফেৰ ভাষাত,” Better understanding and further study of the mesentery could lead to less invasive surgery, fewer complications, faster patient recovery, and reduced medical costs,” তেখেতে আকৌ কয় যে: “We have established anatomy and structure. The next step is to define its function. If we understand the function, we can identify the abnormality and there we will find the disease.”
মেচেণ্টেৰীৰ আৱিষ্কাৰে শৰীৰবিজ্ঞানলৈ প্ৰভূত বৰঙণি আগবঢ়াব বুলি ধাৰণা কৰা হৈছে │ ড⁰ চাৰ্লছ ব্ৰোডাৰচনৰ ভাষাত ক’বলৈ গ’লে,”The mesentery has always been well-known by surgeons and doctors. Now it is time to recognize the services it renders.”

( The Japan Times ৰ সহায় লৈ)

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!