মেডিকেল কলেজৰ হাঁহি-চকুলো (২০) – ডাঃ দীপুল হালৈ

নিষিদ্ধ ধেমালি

আমাৰ ডিচেকচন হলত বহুত ধেমালি ধুমুলা হয় | জমি থাকে | এদিন আমাৰ ডিচেকচন হলত ডেমনষ্ট্ৰেচনৰ ক্লাছৰ বাবে আমি ৰৈ আছোঁ | চাৰ আহি পোৱা নাই | নানা ফুচুৰী কথা ওলাই আছে | মোৰ গ্ৰুপ মেট প্ৰবৰে মাজে মাজে টুলত থকা ফুটাৰে আঙুলি সুমুৱাই লগৰ ল’ৰাৰ টিকাত খুছি দিয়ে | জপিয়াই উঠিলে তাৰ লগতে সকলেও বেছ ফূৰ্তী পায় | সেইদিনাও সি আঙুলি সুমুৱাই খুচিবলৈ লৈছে মইে বুলি ভাবি কিন্তু খুছি দিলে লগৰ এজনীকহে ভুলতে | বেচেৰাৰ অবস্থা চাব লগা হৈছিল | আন এদিনাখন হোষ্টেলৰ কথা | হোষ্টেলত পিন্ধা উৰাৰ কোনো লাগ বান্ধ নাই ; যাৰ যি মন যায় তাকে পিন্ধে | লুঙি, হাফপেন্ট, পাইজামা,
গামোছা, পেন্ট সকলো চলে | সৰহ ভাগ ল’ৰাই হোষ্টেলত হাফপেন্ট পিন্ধিয়েই থাকে | ক্লাছলৈ গলে কিন্তু সম্পূৰ্ণ ফৰ্মেল পোছাকত যাব লাগে |আমাৰ লগৰ চৌধুৰীৰ কিন্তু প্ৰিয় পোছাক লুঙী | লুঙী পিন্ধিয়েই সকলো কাম হোষ্টেলত কৰে | এদিন লগৰ ৰুমুৱে সি দীঘলীয়া কৰিডৰেৰে গৈ আছিল | পিন্ধনত তাৰ প্ৰিয় বস্ত্ৰ | ৰুমুৱে হঠাত টান মাৰি দিলে লুঙীখন | আৰু সি হৈ গ’ল নাঙঠ প্ৰায় | তাৰ ফাটমেলা বসুমতী পাতালে লুকাও অৱস্থা | বেচেৰাই যেনে তেনে গৈ বাথৰুমত সোমাই লজ্জা নিবাৰণ কৰিলে | মই বোলো- তুমিটো তলত কিবা এটা পিন্ধি থাকিব লাগে | চৌধুৰীৰ উত্তৰ : যি খজুৱতী হৈছে তুমি জাঙিয়া পিন্ধিবা | টিনিয়া ক্ৰুইছ নামৰ এটা ভেকুৰজনীত ৰোগৰ কৰঙনৰ চুকত খজুৱতী হয় | বি-টেক্স মলমৰ বান্দৰে খজুৱা বিজ্ঞাপন টোলৈ মনত পেলাওক |প্ৰায় ৮০% ল’ৰা-ছোৱালেই জীৱনত কোনো এটা সময়ত এই টিনিয়া ক্ৰুইছত আক্ৰান্ত হয় | আৰু এন্টি ফাংগেল দীঘলীয়াকৈ লগালে ভাল হৈ যায় | দেখিলে টিনিয়াই কেনেকৈ লাজ দিয়ে | আকৌ এটা বাথৰুমৰ কাহিনী : এদিন আমাতকৈ চাৰিবছৰ ডাঙৰ এজন ডাক্তৰে গা ধুই আছিল | আমাৰ লগৰে এজেনে আমাৰ লগৰ পায়েঙে গা ধুই আছে বুলি ডেম চিওৰ হৈ বাথৰুমৰ ওপৰৰ খোলা অংশৰে উঠি চালেগৈ | তাৰ পাচত আৰু কি হব গম পাইছেই | আমাৰ লগৰ জনক বহুতো উত্তম মাধ্যম দিলে |

(ক্ৰমশ:)

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!