মেডিকেল কলেজৰ হাঁহি চকুলো (ডাঃ দীপুল হালৈ)

মেডিকেল কলেজৰ হাঁহি চকুলো

এ এম চি কাইনেজ

ডাঃ দীপুল হালৈ

আমাৰ নতুন ছাত্ৰাবাসত প্ৰাচীৰ পত্ৰিকা “কোৰাচ”ৰ নতুন সংখ্যাৰ যোজা চলিছে। তাতেই এই এ এম চি কাইনেজৰ বিষয়ে লিখিবলৈ লৈছিলোঁ।  আপুনি চাগে আচৰিত হৈছে- এইটো আকৌ কি ! হয় , এইটো কোনো শাস্ত্ৰত নথকা এটা অত্যন্ত কৰ্মথ এনজাইম। মেডিকেলৰ কোনো “কাইনেজ ”, “এজ”, বা “মুটেজ ”–ই নহয়। কিন্তু ইয়াৰ কৰ্মপটুতা অত্যাধিক। ই বিভিন্ন বিক্ৰিয়াত ভাগ লয়। যেনে- প্ৰেম বিক্ৰিয়া, অপ্ৰকৃত (চিউড’) বিক্ৰিয়া, শৈক্ষিক বিক্ৰিয়া। প্ৰেম বিক্ৰিয়া আটাইতকৈ উল্লেখযোগ্য। যেতিয়া কোনো ল’ৰা মেডিকেল শাস্ত্ৰ পঢ়িবলৈ আৰু যাৰ বয়স ১৮-২২ বছৰৰ ভিতৰত সেই সকলক এই এনজাইমে ক্ৰিয়া কৰিবলৈ মানে লম্ভিবলৈ আৰম্ভ কৰে। প্ৰথমতে ক্ৰিয়াৰ বৰ এটা বহিৰ্প্ৰ্কাশ নাথাকে। পাচত কিন্তু ইয়াৰ একচন সদৰি হয়। যি সকলক ঘৰৰ পৰা প্ৰেম- প্ৰতিষেধক দি পঠোৱা নাই প্ৰথমেই তেওঁলোকে ইয়াৰ চিকাৰ হয়। এই কাইনেজৰ দ্বাৰা বয়োজেষ্ঠসকল ইতিমধ্যে আক্ৰান্ত হয়। আৰু তেখেতসকলৰ বিক্ৰিয়াৰ বৰ্হিপ্ৰকাশ দেখি শুনি কনিষ্ঠ সকলো ৰোগত আক্ৰান্ত হয়। প্ৰথম বাৰ্ষিক অহাৰ পাচত বহুতে নতুন ছোৱালীক ভন্তী পাতে। দুই একে বিফলো হয়। সময় গৈ থাকে। লেডিজ হোষ্টেলত যোৱাটো ঘন হয়। আৰু এদিন হোষ্টেলত চিঞৰ শুনা যায় : অমুকে অমুকিক পতালে বা অমুক অমুকিৰ লগত পতিল বে। মন কৰিব এনজাইমৰ ক্ৰিয়া চলিয়েই আছে। পতাৰ পাচত লগ-বন্ধুৰ লগত ফুৰাটো কম হয়।  বন্ধুৰ ঠাই দখল কৰি লয় “ মৰমৰ জীৱনৰ বান্ধবীয়ে। খোজৰ গতিবেগ কমি আহে। আগতে যদি পল্টন পাওতে আধা ঘন্টা লাগিছিল এতিয়া বান্ধবীৰ লগত এঘন্টা লাগে।কথা কওতে আগতে দাঙৰকৈ চিঞৰি কৈছিল এতিয়া দুফুট আতৰত থকাজনেও নুশুনে; শুনে মাথো প্ৰেয়ষীয়েহে। লেডিজ হোষ্টেললৈ যাবলৈ লাজ নলগা হয়। অডিটোৰিয়ামৰ কাষৰ চকীত বহআ গৰাকী নিৰ্দিষ্ট হ’ল। সন্ধিয়াবোৰ ভাল লগা হ’ল। দেখিলে এ এম চি কাইনেজৰ মাহাত্য।

(আগলৈ)

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!