মেডিকেল কলেজৰ হাঁহি চকুলো…(দিপুল হালৈ)

(ৰোগীসকল যেন একোখন খোলা কিতাপ | আমি ৰোগীৰ বুৰঞ্জী(History) ল’ব লাগে | এই বুৰঞ্জীত থাকে ৰোগীৰ নামৰ পৰা খোৱা-বোৱাৰ লগতে বেমাৰৰ সকলো বিৱৰণ  | এইটো এটা নিয়মিত কাম | বহুতো ৰোগীয়ে এই হিষ্ট্ৰ’ৰী লোৱা কামটোত বৰ আমনি পাইছিল | কিয়নো পুৱা-গধূলি বিভিন্ন গ্ৰুপত অহা ছাত্ৰ-ছাত্ৰীক একেবোৰ কথা কৈ থাকিব লাগিছিল; লগতে পৰীক্ষাবোৰটো আছেই |)

তেইশ

পৰীক্ষাৰ ৰিজাল্ট ওলাল বুলি ঘৰতে ৰেডিঅ’ৰ বাতৰিত গম পাইছিলোঁ | মনত উগুল-থুগুল ভাব |এদিন পৰীক্ষাৰ খবৰ নোপোৱাকৈ ডিব্ৰুগড়লৈ যাবলৈ ওলালোঁ | নলবাৰীৰ পৰা নিশাৰ বাছত যাত্ৰা কৰিলোঁ | বাটত জখলাবন্ধাত ভাত খাবলৈ গাড়ী ৰখালে | গীত-মাতেৰে সংগীতময় হৈ আছিল জখলাবন্ধা | ভাত খাওঁতে লগ পালোঁ আমাৰ লগৰ কেইজনমানক | গম পালোঁ পাছ কৰিছো | জখলাবন্ধাতে প্ৰথম এম বি বি এছৰ খবৰ পালোঁ | মনটো আনন্দেৰে ভৰি পৰিল | মনৰ আনন্দত ভাত-মাছ সৰহকৈ খালো | ৰাতিপুৱা হোষ্টেলে টোপনিয়াই থাকোতেই পালোঁগৈ |  মুখ-হাত ধুই এঘুমটি মাৰি ল’লো | ক্লাছত বহুতক পালোঁ | বহুতো ল’ৰা-ছোৱালী এতিয়াও ঘৰৰ পৰা পোৱাহি নাই |

আমি  তৃতীয় বাৰ্ষিক পালোঁ | ষান্মাসিক হিচাপে চতুৰ্থ | শৰীৰস্থান, শৰীৰবৃত্ত আৰু জৈৱ ৰসায়ণ (Anatomy, Physiology, Biochemistry) গৈ আমাৰ পাঠ্য হ’লগৈ- ৰোগবিদ্যা, সামাজিক আৰু প্ৰতিষেধক চিকিত্সা বিজ্ঞান, অপৰাধ বিজ্ঞান, অনুজীৱবিজ্ঞান আৰু ভেষজ বিজ্ঞান (Pathology, SPM, FSM, Microbiology, Pharmacology)| আমাৰ চিৰপৰিচিত ডিচেকচনলৈ আৰু যাব নালাগে | এতিয়া আৰু এপ্ৰ’নৰ পকেটত ডিচেক‌চন সঁজুলিয়ে শোভা নকৰে; কৰে ষ্টেথ’স্ক’প, হামাৰ আদিয়ে | হাতত থাকে কানিঙহামৰ সলনি হাট‍চিচন ক্লিনিকেল মেথডছ | ক্লিনিকছৰ ক্লাছবোৰ কৰি ভাল লাগিছে | ৰোগীসকল যেন একোখন খোলা কিতাপ | আমি ৰোগীৰ বুৰঞ্জী(History) ল’ব লাগে | এই বুৰঞ্জীত থাকে ৰোগীৰ নামৰ পৰা খোৱা-বোৱাৰ লগতে বেমাৰৰ সকলো বিৱৰণ  | এইটো এটা নিয়মিত কাম | বহুতো ৰোগীয়ে এই হিষ্ট্ৰ’ৰী লোৱা কামটোত বৰ আমনি পাইছিল | কিয়নো পুৱা-গধূলি বিভিন্ন গ্ৰুপত অহা ছাত্ৰ-ছাত্ৰীক একেবোৰ কথা কৈ থাকিব লাগিছিল; লগতে পৰীক্ষাবোৰটো আছেই | ৱাৰ্ডত দীঘল হল ঘৰ একোটাত আমাৰ ক্লাছ হয় | এঘন্টা সময় ঠিয় হৈ থাকিব লাগে | শিকিব লাগে, দেখুৱাব লাগে, মাজে মাজে ছাৰসকলৰ গালিও খাব লাগে | আমাক গালি খোৱা দেখি বেমাৰীসকলে মিচিক মাচাক হাঁহে | এই গালি খোৱা কথাটোতে বৰ লাজ লাগে | এদিন ক্লিনিকছৰ ক্লাছত হঠাৎ মোৰ মনটো উৰি গ’ল বাহিৰলৈ ; বসুমতাৰী ছাৰে ছাৰ্জাৰীৰ ক্লাছ লৈ আছিল | মোক ফটকৈ সুধি দিলে : What is the cause of oedema in renal failure. ম‍ই শহা বেঙা লগিলো কাৰণ ছাৰৰ ক্লাছত মোৰ মনটো নাছিল | মোক “Get out” বুলি ধমকি দিলে | ম‍ই নোযোৱাত আকৌ এবাৰ ক’লে | ম‍ই ওলাই গ’লো | প্ৰায় ৩০জন ৰোগীৰ দৃষ্টি মোৰ ওপৰত | মোৰ অৱস্থা ফাট মেলা বসুমতী পাতালে লুকাও | ছাৰে হেনো আন গ্ৰুপৰো ল’ৰা-ছোৱালীক ইতিমধ্যেই Get Out কৰি থৈছেই | কাৰণ একেই | সিদিনাৰ পৰা সাৱধান হ’লো | ইমান ক্লাছ কৰি আহিলো কলেজত ক’তো গেট আউট নহ’লো মেডিকেলত আহি হ’ব লগা হ’ল | লাজ লাজ ভাব এটাই বহুদিনলৈ মোক ক্ৰিয়া কৰি আছিল |

চাওতে চাওতে ভোগালি বিহু পালেহিয়েই | বিহুত ডিব্ৰুগড়তেই থাকিম বুলি ঠিক কৰিলোঁ | উৰুকাৰ দিনা মুৰ্গী পোৱালি এটা আনিলোঁ | মছলা আদিও আনিলোঁ | বিহু বুলি বহুতো ল’ৰা গৈছে বাবে মেছ চলা নাছিল | গতিকে ৰুমতে হিটাৰত ৰন্ধাৰ দিহা কৰিলো | মুৰ্গীৰ মাংসত মছলা ইমানেই দিলো যে মাংস অলপ তিতা হৈ গ’ল | জীৱনত প্ৰথম মুৰ্গী ৰান্ধিলো; সেয়াও হ’ল তিতা | ৰুমমেটৰ লগত খালো | এনেকৈয়ে সেইবাৰ ডিব্ৰুগড়ৰ অসম চিকিত্সা মহাবিদ্যালয়ৰ ৬নং ছাত্ৰাবাসত উৰুকাৰ ভোজ খাইছিলো |(আগলৈ)

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!